NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত শিক্ষকৰ আত্মহত্যা

April 21, 2019 7:34 pm · মানস প্ৰতিম গগৈ
Updated: April 21, 2019 7:37 pm
প্ৰেম শৰ্মা। ফাইল ফটো

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত চেগুনবাৰী নিবাসী এজন টেট শিক্ষকে আজি আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত পাংনা জনজাতি প্ৰাথমিক বিদ্যালয় কেটেতঙৰ শিক্ষক প্ৰেম শৰ্মাই (৩০) আজি দিনৰ ১ বজাত চেগুনবাৰীস্থিত নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰে।

শৰ্মাই আত্মহত্যাৰ পূৰ্বে দিনৰ ১১ বজাত এখন চুইচাইড নোটত পৰিয়ালৰ সকলোৰে মংগল কামনা কৰি আত্মহত্যাৰ বাবে কোনো জগৰীয়া নহয় বুলি লিখি থৈ যায়।

পৰিয়ালৰ লোকে জনোৱা মতে দিনৰ ভাগত দুপৰীয়াৰ আহাৰ খাবৰ বাবে তেওঁক কোঠালিত মাতিবলৈ যায় যদিও কোঠালিটো ভিতৰৰ পৰা বন্ধ থকাত পিছত ওচৰ চুবুৰীয়া একাংশ লোকে কোঠাৰ দুৱাৰ ভাঙি প্ৰেম শৰ্মাক কোঠালিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে মৃতদেহ চমজি লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

মাৰ্ঘেৰিটা চেণ্ট মে’ৰিজ স্কুলতো শিক্ষকতা কৰা তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অমায়িক যুৱক প্ৰেম শৰ্মাৰ আত্মহত্যাৰ ঘটনাই মাৰ্ঘেৰিটা অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে। অন্যহাতে মাৰ্ঘেৰিটা টেট শিক্ষক সমাজে আত্মহত্যা ঘটনাৰ তদন্তৰ দাবী জনাইছে।

Related News