• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট চুৰিৰ ৰহস্য ফাদিল কৰি চাকৰি হেৰুৱালে শিক্ষয়িত্ৰীয়ে : ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব সুমনা চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 5:10 pm
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীভূমি জিলাত ভোট চুৰিৰ এক ভয়ংকৰ চাঞ্চল্য্যকৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ চৌধুৰী বজাৰ এলপি স্কুলৰ ভোট কেন্দ্ৰত ১৩৩ জন জীৱিত ভোটাৰক মৃত সজাই তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰ ফাদিল কৰি এতিয়া বি বিপদত পৰিছে বিএলঅ’ সুমনা চৌধুৰী।

অভিযোগ অনুসৰি চেলিম আহমেদ নামৰ এজন ব্যক্তিৰ জাল স্বাক্ষৰ কৰি ৭ নম্বৰ ফৰ্ম জমা দি এই নামবোৰ বাদ দিবলৈ চেষ্টা কৰা হৈছিল। সুমনা চৌধুৰীয়ে যোৱা ২১ জানুৱাৰীত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বীৰব্ৰত নামৰ এজন কৰ্মচাৰীয়ে তেওঁক এই কাম কৰিবলৈ হেঁচা দি আছিল। তেওঁৰ লগতে আন চাৰিজন বিএলঅ’ই একেই ধৰণৰ ঘটনা ঘটি থকা বুলি জানিবলৈ দিছিল।

Apply Now

এই ঘটনা পোহৰলৈ অহাৰ পিছতে চেলিম আহমেদে জিলা শাসকৰ ওচৰত এক স্মাৰকপত্ৰ দাখিল কৰে। তেওঁ স্পষ্টকৈ জনায় যে তেওঁ কাৰো নাম কৰ্তন কৰিবলৈ আবেদন জনোৱা নাই আৰু কোনে তেওঁৰ নামত জাল চহী কৰিছে তাৰ তদন্ত হোৱা উচিত।

এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বিৰোধী দলসমূহেও নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কিন্তু এই অনিয়মৰ বিৰুদ্ধে মাত মতাৰ বাবেহে শাস্তি ভোগ কৰিবলগীয়া হ’ল সুমনা চৌধুৰীয়ে। যোৱা ২৩ জানুৱাৰীত তেওঁক কিয় এইবোৰ কথা জনসমক্ষত প্ৰকাশ কৰিলে বুলি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। যদিও সুমনা আৰু বাকী চাৰিজন বিএলঅ’ই ২৭ জানুৱাৰীত তেওঁলোকৰ উত্তৰ দাখিল কৰিছিল, কিন্তু নিৰ্বাচন বিষয়াই তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে যোৱা ৫ ফেব্ৰুৱাৰীত সুমনা চৌধুৰীক চাকৰিৰ পৰা বৰখাস্ত কৰে।

জিলা শাসকে সুমনা চৌধুৰীক চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ আঁতত সংবাদ মাধ্যমৰ সৈতে কথা পতা, নিৰ্বাচন আয়োগৰ নিৰ্দেশ অমান্য কৰা আৰু কৰ্তব্যত অৱহেলা কৰাৰ দৰে যুক্তি দেখুৱাইছে। লক্ষ্যণীয় কথাটো হ’ল যে বাকী চাৰিজন বিএলঅ’ৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। ইয়াৰ ফলত এইয়া এক উদ্দেশ্যপ্ৰণোদিত পদক্ষেপ বুলি অভিযোগ উঠিছে। সুমনা চৌধুৰীয়ে এতিয়া এই অন্যায়ৰ বিৰুদ্ধে আদালতৰ সহায় ল’ব বুলি জানিব পৰা গৈছে।

আনহাতে বিৰোধী দলসমূহে অভিযোগ কৰিছে যে কামৰূপ গ্ৰাম্য জিলাতো একেধৰণৰ ঘটনা ঘটিছে য’ত বিজেপিৰ কেইবাজনো নেতাই নিৰ্বাচন আয়োগৰ পাছৱৰ্ড ব্যৱহাৰ কৰি ভোটাৰৰ নাম কৰ্তন কৰিবলৈ ধৰা পৰিছিল। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দিয়াৰ পাছতো নিৰ্বাচন আয়োগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তাৰ বিপৰীতে যিয়ে ভোট চুৰিৰ ঘটনা ৰাইজৰ আগত ধৰা পেলাই দিলে, তেওঁৰ চাকৰি কাঢ়ি নিয়াটো অতি দুৰ্ভাগ্যজনক বুলি সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে। এই ঘটনাই নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈও ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd