পিতৃৰ নামত উৎসৰ্গিত জৰাজীৰ্ণ পথক বিশ্বমানৰ কৰি গঢ়ি তুলিলে পুত্ৰই

Dibrugarh_road_759_4

সমাজকৰ্মী দেউতাকৰ স্মৃতিত নাম দিয়া এটা জৰাজীৰ্ণ পথক নিজৰ জেপৰ ধন ভাঙি বিশ্বমানৰ পথৰ ৰূপ দিছে ডিব্ৰুগড়ৰ এজন পুত্ৰ সন্তানে। প্ৰায় ১৩ লাখ টকা ব্যয় কৰি ৫ বছৰৰ পৰিশ্ৰমৰ মূৰত তেওঁ এই পথচোৱা সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হৈছে।

সন্তানজন হৈছে গৌতম বৰদলৈ। পিতৃ হৈছে এগৰাকী সমাজকৰ্মী হেৰম্ব বৰদলৈ।২০০৮ চনত পিতৃ হেৰম্ব বৰদলৈৰ নামত উক্ত পথচোৱা নামকৰম কৰা হৈছিল। এই পথচোৱা হৈছে বৈৰাগীমঠ এলেকাটোৰ আতাইতকৈ পুৰণি পথ আৰু এই পথৰ দুয়োকাষে প্ৰায় ১০০০ পৰিয়ালে বাস কৰে।

পিছে জৰাজীৰ্ণ হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰা এই পথচোৱা উন্নত দেশৰ ৰাষ্টালৈ পৰ্যৱসিত কৰাৰ পৰিকল্পনা হাতত ললে তেওঁৰ সুযোগ্য পুত্ৰ গৌতম বৰদলৈয়ে।

এগৰাকী প্ৰযুক্তি বিশেষজ্ঞ তথা উদ্যোগী গৌতম বৰদলৈয়ে ২০১৩ চনত ভঙাচিঙা, কেঁচা পথটোক বিশ্বমানৰ কৰি গঢ়ি তোলা আৰু অলংকৰণৰ কাম আৰম্ভ কৰিছিল।

পিতৃৰ বিষয়ে গৌতম বৰদলৈয়ে কৈছে যে তেওঁৰ প্ৰয়াত পিতৃ হেৰম্ব বৰদলৈয়ে ১৯৬৪ চনৰ বানপানীৰ পাছত মোহনঘাটৰ পৰা উদ্বাস্তু হৈ পৰা মাছমৰীয়া সম্প্ৰদায়ক নিজা প্ৰচেষ্টাৰে নতুন টেকেলা ছিৰিং মোটেক গাঁও পাতি পুনৰ্বাসনৰ ব্যৱস্থা কৰিছিল। প্ৰয়াত বৰদলৈয়ে উদ্‌বাস্তু লেকসকলক নথিভুক্ত ভূমি, এটা পুথিভঁৰাল আৰু এটা নামঘৰ নিৰ্মাণ কৰাই দিছিল।

১৭৮ মিটাৰ দৈৰ্ঘৰ এই পথচোৱা সম্পূৰ্ণ হওঁতে ৫ বছৰ সময়ৰ প্ৰয়োজন হৈছে। এই পথচোৱাত আছে, দুকাষে নিৰ্গমন নলা, ৰাবাৰ স্পীড ব্ৰেকাৰ, সৌৰ ষ্ট্ৰীট লাইট, উত্তল পথ নিৰাপত্তা আইনা, দুকাষত ফুল, ফলৰ বাগিচা। প্ৰায় ১০ টা পৰিয়ালে বাস কৰা এই পথচোৱা এবাৰ চোৱাৰ বাবে সন্ধিয়া সময়ত বহু কৌতুহলী লোকৰ ভিৰ হয়।