• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 6:16 pm
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য গুৱাহাটীৰ বিজেপি বিধায়ক অনাঅসমীয়া বিজয় গুপ্তাৰ বিজয় হোৱাৰ পিছতে গুৱাহাটীত আৰম্ভ হৈছে বিহাৰী সম্প্ৰদায়ৰ দাদাগিৰি আৰু অতপালি। অসমৰ বুকুত থাকি, অসমৰ বতাহ-পানী খাই অৱশেষত অসমৰে ৰাজধানী মহানগৰী গুৱাহাটীত অসমীয়াক ‘গ’ বেক’ ধ্বনি দিয়াৰ এক চৰম ধৃষ্টতা তথা লজ্জাজনক ঘটনাই অসম জোকাৰি হৈছে। গুৱাহাটীৰ চেৰাবভাটিৰ আৰ্য নগৰত দেওবাৰে এক ভয়ংকৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়, য’ত একাংশ অনাঅসমীয়া বিহাৰী সম্প্ৰদায়ৰ উন্মত্ত লোকে উগ্ৰ অসম বিৰোধী শ্ল’গানেৰে সমগ্ৰ অঞ্চলটো কঁপাই তোলে। অভিযোগ উঠিছে যে নৱ-নিৰ্বাচিত বিধায়ক বিজয় গুপ্তাৰ আশীৰ্বাদধন্য তথা তেওঁৰ অতি ঘনিষ্ঠ সহযোগী, শাসকীয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ সহকাৰী কোষাধ্যক্ষ আলোক ত্ৰিপাঠীৰ প্ৰত্যক্ষ নেতৃত্বতে এই সমগ্ৰ অসম বিৰোধী কাণ্ড আৰু সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। বিধায়ক বিজয় গুপ্তাৰ নিৰ্বাচনত জয়লাভৰ পিছতেই গুৱাহাটী মহানগৰীত একাংশ অনাঅসমীয়া লোকৰ দাদাগিৰি আৰু অসম বিদ্বেষ চৰম পৰ্যায়লৈ বৃদ্ধি পোৱাটো এতিয়া সচেতন মহলৰ বাবে এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে।

ঘটনাৰ বিৱৰণি অনুসৰি, চেৰাবভাটিৰ উক্ত অঞ্চলটোত দীৰ্ঘদিনৰে পৰা একাংশ অনাঅসমীয়া লোকে গাঞ্জা, ভাং আদিৰ এক ৰমৰমীয়া অবৈধ তথা বেআইনী ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ আছিল। স্থানীয় আৰক্ষীয়ে এই সমগ্ৰ অবৈধ কাৰবাৰৰ প্ৰতি চকু মুদা কুলিৰ ভাও ধৰি থকাৰ পৰিপ্ৰেক্ষিতত, জীতেন শালৈ নামৰ এজন সচেতন স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। দেওবাৰেও যেতিয়া জীতেন শালৈয়ে এই সামাজিক ব্যাধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এজন সাংবাদিকৰ সন্মুখত বক্তব্য প্ৰদান কৰি আছিল, ঠিক সেই সময়তে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অহা অনাঅসমীয়া লোকৰ এক বৃহৎ উদণ্ড দলে তেওঁলোকক ঘেৰি ধৰে।

Apply Now

উন্মত্ত দলটোৱে কেৱল প্ৰতিবাদকাৰী আৰু সাংবাদিকক আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকিল, বৰঞ্চ নিজৰ ভেটি পাহৰি অসমৰ মাটিতেই ‘অসমীয়া গ’ বেক’, ‘জাতি-মাটিৰ কথা ইয়াত নচলিব’, আৰু ‘এক বিহাৰী শপে ভাৰী’ আদি চৰম অসন্মানজনক আৰু অসম বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। তাত উপস্থিত থকা দুই-এজন যুৱকে এনে অসম বিৰোধী ধ্বনি নিদিবলৈ অনুৰোধ কৰিছিল যদিও উদণ্ড অনাঅসমীয়াৰ দলটোৱে সকলোকে অংগুষ্ঠ প্ৰদৰ্শন কৰি আক্ৰমণাত্মক হৈ পৰে।এই জঘন্য ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা ব্যক্তিগত নিউজ পৰ্টেলৰ দুজন সাংবাদিকো এই উন্মত্ত দলটোৰ ভয়াৱহ আক্ৰমণৰ বলি হয়। কেৱল সেয়ে নহয়, প্ৰতিবাদকাৰী জীতেন শালৈকো মাটিত বগৰাই লৈ বৃহৎ সংখ্যক লোকে নিৰ্দয়ভাৱে মাৰধৰ কৰে আৰু এখন বাহনৰো বিস্তৰ ক্ষতিসাধন কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ভৰলুমুখ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সমূহীয়া প্ৰহাৰৰ পৰা জীতেন শালৈক কোনোমতে উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰু গুৰুতৰভাৱে আহত সাংবাদিক হৃদয় আহমেদক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়। অসমৰ মাটিত থিয় হৈ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিবলৈ চলোৱা এই আক্ৰমণ আৰু মুকলিকৈ অসমীয়া জাতিক প্ৰত্যাহ্বান জনোৱা এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd