• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃণমূলৰ শিক্ষামন্ত্ৰীৰ অতপালি! গাড়ীৰে মহতীয়াই নিলে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰক ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 6:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৈক্ষিক উৎকৰ্ষতা আৰু ছাত্ৰ সক্ৰিয়তাৰ বাবে পৰিচিত কলকাতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়ত মূলত বাওঁপন্থী ছাত্ৰ সংগঠন এছ এফ আই  আৰু তৃণমূল কংগ্ৰেছ (টিএমচি) সমৰ্থিত শিক্ষক সন্থাৰ মাজত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ পিছত ১ মাৰ্চত পৰিস্থতি গম্ভীৰ হৈ পৰে।  

পশ্চিম বংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৰ কনভয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক মহতীয়াই নিয়াত কেইবাজনো  আঘাত প্ৰাপ্ত হয়। ইয়াৰ  পাছতে পৰিস্থতি অধিক উত্তপ্ত হৈ পৰে। শিক্ষামন্ত্ৰীগৰাকীও আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

Apply Now

ঘটনাক্ৰম অনুসৰি আদালতৰ নিৰ্দেশ আৰু চৰকাৰী আশ্বাসৰ পিছতো বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা ছাত্ৰ সন্থাৰ নিৰ্বাচন পুনৰ আৰম্ভ কৰাৰ দাবীত  ভাৰতীয় ছাত্ৰ ফেডাৰেচন আৰু ৰিভল্যুচনেৰী ষ্টুডেণ্টছ ফ্ৰণ্টৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

টিএমচিৰ সৈতে জড়িত এখন বৈঠকত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে যদিও ৰাজহুৱাভাৱে তেওঁলোকৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰাত উত্তেজনা বৃদ্ধি পায়। শিক্ষামন্ত্ৰীগৰাকীৰ বাহনখনে কেম্পাছৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰাৰ সময়তে প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰি ইটা দলিয়াবলৈ ধৰে আৰু গাড়ীখনে কেইবাজনো ছাত্ৰ-ছাত্ৰীক খুন্দা মাৰে।

এই বিশৃংখলতাৰ ফলত প্ৰথম বৰ্ষৰ ছাত্ৰী ইন্দ্ৰনুজা সত্যজিৎ চকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাসুৰ কনভয়ত ইটাৰে আক্ৰমণ কৰাত আঘাত প্ৰাপ্ত হয় যদিও গুৰুতৰভাৱে আহত হোৱা নাই। এই সংঘৰ্ষ বিশ্ববিদ্যালয়ৰ বাহিৰতো বিয়পি পৰাত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হয়।

উল্লেখ্য যে ২০২৩ চনত কলিকতা উচ্চ ন্যায়ালয়ে তাৎক্ষণিক নিৰ্বাচনৰ বাবে নিৰ্দেশ দিছিল। ২০১৭ চনৰ পৰা সমগ্ৰ ৰাজ্যতে নিৰ্বাচন স্থগিত ৰখাৰ পিছত নিৰ্বাচনৰ বিষয়টো দীৰ্ঘদিনীয়া চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজনৈতিক গোট আৰু বিশ্ববিদ্যালয়ৰ ফৈদসমূহৰ মাজত নিৰ্বাচন পলম হোৱাৰ কাৰণসমূহৰ ওপৰত এফ আই আৰু আৰ এছ এফৰ দৰে প্ৰতিদ্বন্দ্বী ছাত্ৰ গোটৰ মাজত চলি থকা উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে পৰিস্থিতি গুৰুতৰহৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd