NORTHEAST NOW (Assamese)

টীয়কত অবৈধভাৱে গৰু কঢ়িওৱা গাড়ী দুৰ্ঘটনাত পতিত হৈ চাৰিটা গৰুৰ মৃত্যু

December 26, 2020 11:57 am · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নও

ৰাজ্যত চলি থকা অবৈধ গৰু সৰবাহৰ নগ্ন স্বৰূপ আজি পুনৰ উন্মোচিত হ’ল টীয়কৰ এটি দুৰ্ঘটনাত।

ঘটনা অনুসৰি আজি পুৱা এছ-১৩-এচি-১৭২৪ নম্বৰৰ এখন বলেৰো গাড়ীত ১০ টাকৈ গৰু কঢ়িয়াই আনিছিল আৰু এই গাড়ীখন টীয়কৰ চিপাহীখোলা অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্ঘটনাগ্ৰস্তত পতিত হয়।

দুৰ্ঘটনাটোত গাড়ীৰ চালকসহ তিনিজন লোক আঘাতপ্ৰাপ্ত হয় লগতে চাৰিটাকৈ গৰুৰ থিতাতে মৃত্যু হয় আৰু বাকী কেইটা গৰু আঘাতপ্ৰাপ্ত হয়।

গৰুভৰ্তি বাহনখন নাহৰকটীয়াৰ পৰা ওদালগুৰিলৈ আহি আছিল বুলি জানিব পৰা গৈছে।

কিন্তু এই খিনিতে সচেতন লোকৰ মাজত প্ৰশ্নৰ উদ্ৰেগ হৈছে যে আইনৰ বিৰুদ্ধে গৈ কেনেদৰে কেটল পাৰ্মিট অবিহনে এনেদৰে গৰু সৰবৰাহ কৰিব পাৰে।

নিয়ম অনুসৰি গাড়ীত এটা গৰু পৰিবহন কৰিবলৈ ২ মিটাৰ ঠাইৰ প্ৰয়োজন হয়। সেই হিচাপত এখন বলেৰোত মাথো এটাহে গৰু কঢ়িয়াব পাৰে।

কিন্তু দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনত ১০ টাকৈ গৰু কঢ়িয়াই নিয়া কাৰ্যই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Related News