টীয়কৰ জাঁজীমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে বানে : প্লাবিত হৈছে ন ন অঞ্চল
যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ বিভিন্ন স্থানত জটিল ৰূপ ধাৰণ কৰিছে বানে।
জাঁজীমুখত বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী।
যোৱা কেইবাদিনো ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে ওফণ্ডি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু।
প্লাবিত হৈছে বৃহত্তৰ জাঁজীমুখৰ ন ন অঞ্চল।
বানত বুৰ গৈছে শ শ বিঘা বাও ধানৰ খেতি, প্ৰায় ৩০ খনতকৈ অধিক গাঁও জলমগ্ন হৈ পৰিছে।
উল্লেখযোগ্য যে ল’কডাউনৰ ফলত প্ৰায় সকলো হেৰুওৱা এই সকল কৃষিজীৱী ৰাইজ এতিয়া চিন্তিত।
চৰকাৰে বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ বাবে জব কাৰ্ডৰ ব্যৱস্থা কৰিব বুলি কৈছিল যদিও এনেকৈ পানীৰ তলত থাকিলে কাম কৰাটো অসুবিধা হ’ব।
সেয়ে খাদ্য সংকটত পৰাৰো আশংকা কৰিছে ৰাইজে।