কন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

বেংকৰ লকাৰত সোণ-অলংকাৰ ৰখাৰ কথা নিশ্চয় শুনিছে? কিন্তু লকাৰত নগদ ধন ৰখাৰ কথা কেতিয়াবা শুনিছেনে? উত্তৰ প্ৰদেশৰ অলকা পাঠক নামৰ এগৰাকী মহিলাই বেংক অফ বৰোডাৰ লকাৰত ১৮ লাখ টকা আৰু কিছু গহনা ৰাখিছিল। এই ধন তেওঁ ডেৰ বছৰ আগতে জমা কৰিছিল। আচলতে তেওঁ টকাখিনি বেংকৰ লকাৰত ৰাখিছিল যাতে কষ্টৰ টকাখিনি নিৰাপদ হয় কিয়নো সেই টকাখিনি তেওঁ জীয়েকৰ বিয়াত খৰচ কৰিব। আৰু সেই টকা উঁই পোকে পেলালে। উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ ঘটনা এয়া। কিন্তু তেওঁ কেনেকৈ গম পালে?

আচলতে বেংকৰ বাৰ্ষিক লকাৰ চাৰ্জ আৰু কে ৱাই চিৰ নথি-পত্ৰ জমা দিবলৈ বেংকে তেওঁক ফোন কৰিছিল। সেইমতে তেওঁ বেংকলৈ গ’ল। ইফালে বেংকলৈ যেতিয়া আহিলেই লকাৰটো এবাৰ নেদেখাকৈ যাবনে? তেনেকৈয়ে তেওঁ লকাৰটো খুলিলে। আৰু যেতিয়া তেওঁ খুলিলে, তেতিয়া তেওঁৰ চকু কপালত উঠিল।

সকলো টকা উঁই পোকে খাই পেলালে। লগে লগে তেওঁ বেংকৰ মেনেজাৰক ঘটনাটো জনা লে।  অলকাৰ এটা সৰু ব্যৱসায় আছে। টিউচনো কৰে। আৰু সেই টকা তেওঁ অলপ অলপকৈ জমা কৰি ৰাখিছিল। কিন্তু তেওঁ গম পোৱা নাছিল যে তেনেকৈ বেংকৰ লকাৰত টকা ৰাখিব নোৱাৰি। টকাখিনি সুৰক্ষিত ৰাখিবলৈ তেওঁ লকাৰত ৰাখি আহিছিল। আৰু সেই কষ্টৰ ধন উঁই পোকে খাই পেলালে।

এহাজাৰ, দুহাজাৰ টকা নহয়। উঁই পোকে নষ্ট কৰিলে মুঠ ১৮ লাখ টকা। মহিলাগৰাকীয়ে মূৰে কপালে হাত দিলে। কিন্তু বেংকৰ মেনেজাৰে গোটেই ঘটনাটো অতি গুৰুত্বসহকাৰে চাইছে। ওপৰ মহলত গোটেই ঘটনাটো তেওঁ জনাইছে। কিন্তু লকাৰত টকা ৰাখিলে কি ভয়াৱহ পৰিণতি হ’ব পাৰে  সেয়া আকৌ এবাৰ পোহৰলৈ আহিল।

কিন্তু শেষত তেওঁ টকাখিনি ঘূৰাই পাব নে নাপাব সেয়া জনা নাযায়। কিন্তু মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাগি পৰিছে। এতিয়া কৰ পৰা তেওঁ জীয়েকৰ বিয়াৰ বাবে ধন সংগ্ৰহ কৰিব সেয়া ভাবি পোৱা নাই। কিয়নো এই ধন তেওঁ বৰ কষ্টেৰে সংগ্ৰহ কৰিছিল। কিন্তু সেই টকাও এতিয়া হাতৰ পৰা গুচি গ’ল!