সন্ত্ৰাসবাদ আৰু ধৰ্মীয় মৌলবাদ

Religious Fundamentalism

প্ৰতিনিধিত্বমূলক ফটো।

পৃথিৱীখন জানো কেতিয়াবা ধৰ্মহীন হ’ব? বিজ্ঞান-প্ৰযুক্তিৰ ইমান অগ্ৰগতিৰ পাছতো জানো মানুহ ধৰ্মমুক্ত হ’ব পাৰিছে? মানুহ ধৰ্মমুক্ত হোৱাটো উচিত নে?

এই প্ৰশ্নবোৰৰ উত্তৰ বৰ জটিল ৷ এইবোৰৰ স্পষ্ট উত্তৰ বিচাৰি পোৱাটো কঠিন ৷ সি যি হওক, এই কথাত নিশ্চয় কাৰো দ্বিমত নাই যে ধৰ্মীয় মৌলবাদ, ধৰ্মান্ধতা কোনো কাৰণতে মানৱতা আৰু সমাজৰ বাবে আদৰণীয় হ’ব নোৱাৰে ৷ ইংৰাজৰ পৰা স্বাধীন হৈ ভাৰতৰ বিভাজন হৈ ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হ’ল আৰু ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈয়ে ৰ’ল ৷ ধৰ্মনিৰপেক্ষতাক কোনো ধৰ্মীয় মৌলবাদীয়ে হজম কৰিব নোৱাৰে ৷ সেই বাবেই হিন্দুত্ববাদীসকলে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িব খোজে ৷ কিন্তু ধৰ্মৰ আধাৰত ৰাষ্ট্ৰ গঠন কৰাটো যে হঠকাৰী আৰু ৰুগীয়া ধাৰণা সেই কথা পাকিস্তানলৈ চালেই বুজি পাব পাৰি ৷ ১৯৭১ চনত পাকিস্তান ভাগ হৈ বাংলাদেশ হ’ল আৰু আজি পাকিস্তানক ধৰ্মীয় মৌলবাদে কোঙা কৰি পেলাইছে ৷ পাকিস্তানী সেনাবাহিনী আৰু চৰকাৰসমূহে ধৰ্মীয় মৌলবাদ আৰু সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে ৷ পাকিস্তানত লালিত-পালিত সন্ত্ৰাসবাদ যে কেৱল বহিঃৰাষ্ট্ৰৰ বাবেহে ভয়াবহ তেনে নহয়, স্বয়ং পাকিস্তানৰ সাধাৰণ নাগৰিক এই সন্ত্ৰাসৰ চিকাৰ হৈ আহিছে ৷ পাকিস্তানৰ সেনাবাহিনী আৰু ইছলামিক মৌলবাদীসকলৰ প্ৰশ্ৰয় আৰু সহযোগত ভাৰততো সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা অহৰহ চলি আছে, কেতিয়াবা এই চেষ্টা সফলো হৈছে ৷

যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰায় অৰ্ধশতাধিক চি আৰ পি এফ জোৱানৰ প্ৰাণ গ’ল ৷ এই ঘটনাই সকলো হৃদয়ৱান মানুহকে ব্যথিত আৰু ক্ষুভিত কৰিছে ৷ সন্ত্ৰাসবাদক সকলোৱে একেমুখে ধিক্কাৰ দিছে আৰু সন্ত্ৰাসবাদীক নিঃশেষ কৰাটো সকলোৱে বিচাৰিছে ৷ তাৰ বাবে একাংশই যুদ্ধ বিচাৰিছে ৷ যুদ্ধ বিচৰা প্ৰায়ভাগেই অৱশ্যে সৈনিক নহয়, ঘৰত বা টিভি ষ্টুডিঅ’ত বহি ‘ভাৰ্চুৱেল’ যুদ্ধ কৰা লোক ৷ যুদ্ধোন্মাদনা জগাই তোলা প্ৰায়ভাগেই আকৌ শাসকীয় দলৰ সমৰ্থক বা কৰ্মী ৷ কিন্তু কেৱল সামৰিক অভিযান বা যুদ্ধই সন্ত্ৰাসবাদৰ সমস্যা সমাধান কৰিব বুলি মনে নধৰে ৷ সন্ত্ৰাসবাদ সৃষ্টিৰ মূল কাৰণবোৰ পৰ্যালোচনা কৰিহে দূৰদৰ্শিতাৰে উপযুক্ত ব্যৱস্থা হাতত লোৱাটো জৰুৰী ৷ প্ৰতিৰক্ষা বিশেষজ্ঞ, সেনাবাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এই সম্পৰ্কে সঠিক পদক্ষেপ ল’ব বুলি আমি আশাবাদী ৷

তথাকথিত সাংবাদিকৰ শ্ৰুতলিপি আৰু ফেচবুকবাহিনীৰ কথা শুনি সেনাবাহিনীয়ে যুদ্ধ বা সামৰিক অভিযান নিশ্চয় নকৰে ৷ এইখিনিতে উল্লেখ্য যে মোদী চৰকাৰৰ কাৰ্যকালত কাশ্মীৰত উগ্ৰপন্থীৰ সমস্যা আৰু অশান্তি সাংঘাটিকভাৱে বাঢ়িছে ৷ লগতে বিমুদ্ৰাকৰণৰ পাছত সন্ত্ৰাসবাদ নাইকিয়া হ’ব বুলি প্ৰধান মন্ত্ৰী মোদীয়ে মৰা দম্ভালি যে পানী হৈ গ’ল সেই কথাও কিন্তু আমি পাহৰি যোৱা অনুচিত ৷ সেয়ে চৰকাৰে নিজৰ কাম-কাজ তথা কাশ্মীৰ সম্পৰ্কে নিজৰ নীতি আৰু কাৰ্যপন্থাৰ শুদ্ধতা সম্পৰ্কে পৰ্যালোচনা কৰা উচিত ৷ উগ্ৰপন্থাৰ সমস্যা সাধাৰণতে উদ্ভৱ হয় বিভিন্ন আৰ্থ-সামাজিক-ৰাজনৈতিক দুৰ্নীতিৰ ফলত ৷ গতিকে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটটো ভালদৰে চালি-জাৰি চোৱাটো অতি জৰুৰী ৷

কোৱা বাহুল্য মাথোন যে ধৰ্মীয় মৌলবাদে অতি সহজে সন্ত্ৰাসবাদৰ ৰূপ ধাৰণ কৰে ৷ আমেৰিকাৰ দৰে পুঁজিবাদী শক্তিসমূহে মধ্য এছিয়াৰ বিভিন্ন দেশত ইছলাম ধৰ্মীয় মৌলবাদৰ মাধ্যমেৰে কিদৰে সন্ত্ৰাসবাদক লালন-পালন কৰিছিল সেয়া ইতিহাসত লিপিবদ্ধ হৈ আছে ৷ সেয়ে ধৰ্মীয় মৌলবাদ অতি ভয়াবহ ৷ ইছলামীয় মৌলবাদ যিদৰে বিপজ্জনক, হিন্দু ধৰ্মীয় মৌলবাদো সমানেই ভয়ানক ৷ ভাৰতৰ দৰে দেশত এটা আনটোৰ সহযোগী ৷ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দুৰ্ঘটনাটোৰ গইনা লৈ ভাৰতৰ হিন্দু মৌলবাদীসকলে  ধৰ্মক আধাৰ কৰি ঘৃণা, উত্তেজনা আৰু যুদ্ধোন্মাদনা বিয়পোৱা আৰম্ভ কৰি দিছে ৷ এইসকলে ছ’চিয়েল মিডিয়া বা আন উপায়ে বিভিন্ন প্ৰৰোচিত মন্তব্য, ভুৱা বাতৰি, সাম্প্ৰদায়িক প্ৰ’পাগাণ্ডা প্ৰচাৰ কৰি সাধাৰণ মানুহবোৰক উত্তেজিত কৰি তুলিছে, আমি নিজেও আনকি ইয়াৰ স্বীকাৰ হৈছো ৷

হিন্দু মৌলবাদীৰ অন্ধ দেশভক্তি, ঘৃণা আৰু সাম্প্ৰদায়িক হিংসাৰ জালত ভৰি নিদিয়াটো এই মুহূৰ্তত আমাৰ সংকল্প হোৱা উচিত ৷ দেশ-সমাজ-সেনাবাহিনীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতে এয়া জৰুৰী ৷ আত্মঘাতী বোমাৰুজন কাশ্মীৰৰ হোৱা বাবে দেশৰ বিভিন্ন ঠাইত নিৰীহ কাশ্মীৰীৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে ৷ এয়া মুঠেও সমৰ্থনযোগ্য নহয় ৷ অসমৰ আলফা আৰু সেনাবাহিনীৰ সংঘৰ্ষৰ ফলত যদি সেনাৰ জোৱানৰ মৃত্যু হয় তেতিয়া দেশৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া লোকসকলক আক্ৰমণ কৰাটো এওঁলোকে সমৰ্থন কৰিব নেকি?

অসমত জিহাদীৰ কাম-কাজ বৃদ্ধি পাইছে, অসমখনো কাশ্মীৰ হ’বলে গৈ আছে- এনেধৰণৰ কথাবোৰ আজিকালি সততে চৰ্চালৈ আহি থাকে ৷ কথাবোৰ ভিত্তিহীন বুলি একে আষাৰে উৰুৱাই দিয়াটো উচিত নহয় যদিও বহুক্ষেত্ৰতে কিন্তু বক্তব্যবোৰ অমূলক নতুবা অতিৰঞ্জন ৷ অসমৰ হিন্দুত্ববাদীসকলে প্ৰায়েই জিহাদী, আইছিছ আদিয়ে অসমত খোপনি পুতিছে বুলি তাল-ফাল কৰি ফুৰে ৷ কেইমাহমান আগতে শাসকীয় দলৰ সদস্যই আইছিছৰ পতাকা উৰুৱাই ভুৱা আতংক বিয়পাইছিল বুলি বোধহয় সকলোৰে মনত আছে ৷ মুছলমান আতংক বিয়পোৱাত সফল হ’লে হিন্দু মৌলবাদী আৰু শাসকীয় দলটোৰ সুবিধা হয় ৷ কিন্তু এনে ষড়যন্ত্ৰৰ ফান্দত অসমৰ ৰাইজে মূৰ সুমালে অসমখন কিন্তু অশান্ত হৈ পৰিব পাৰে ৷ আনহাতে, ইছলামিক মৌলবাদৰ ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ বহি থাকিলেও আমাৰ বিপদ বাঢ়িব পাৰে ৷ আমাৰ বোধেৰে, জিহাদী বা ইছলামিক মৌলবাদৰ উপস্থিতি যদি ভাৰতীয় চোৰাংচোৱাই ধৰা পেলাইছে তেনেহ’লে চৰকাৰ-প্ৰশাসনে অতি সাৱধানে আৰু গোপনে কাৰ্যপন্থা হাতত ল’ব লাগে ৷ তাকে নকৰি হিন্দুত্ববাদীৰ সহায়ত ইছলামিক জিহাদীৰ কাহিনী প্ৰচাৰ কৰি ৰাইজক আতংকিত কৰা যুক্তি ক’ত?

হিন্দুত্ববাদীসকল চৰকাৰৰ সমৰ্থক হ’লেওতো ভাৰতৰ চোৰাংচোৱা বা প্ৰতিৰক্ষাবাহিনী নহয় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনতো হিন্দুত্ববাদীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা নাছিল ৷ কেইমাহমান আগতে কিছু হিন্দুত্ববাদী সংগঠনৰ সদস্যই পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি গ্ৰেপ্তাৰ হ’ব লগীয়াও হৈছিল ৷ সেয়ে অসমৰ মানুহে উগ্ৰ ৰাষ্ট্ৰবাদীসকলৰ ফেচবুক পোষ্ট চাই, নিউজ চেনেলত যুদ্ধকামী ব্যক্তিৰ চিঞৰ-বাখৰ শুনি প্ৰভাৱিত আৰু পৰিচালিত হোৱাতকৈ সচেতনভাৱে হিন্দু-মুছলমান উভয় পক্ষৰ মৌলবাদীৰ বিৰোধিতা কৰা উচিত ৷ আনহাতে, চোৰাংচোৱা বা চৰকাৰ-পুলিচ-প্ৰশাসনে অসমত বা ভাৰতৰ আন ঠাইত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ’ব বুলি কিবা তথ্য লাভ কৰিছে বা অসমত জিহাদীয়ে খোপনি পুতিছে বুলি খবৰ পাইছে তেন্তে সংবাদ মাধ্যম, নিৰ্বাচনী প্ৰচাৰ সভাত সেইবোৰকলৈ টেঁটু ফালি চিঞৰাতকৈ গোপনে অভিযানত নামিবহে লাগে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিম বুলি ৰাইজৰ সন্মুখত আস্ফালন কৰা মানে ভোটভিক্ষাৰ ৰাজনীতি বুলি সকলোৱে বুজি পায় ৷

পুনৰ দোহাৰিছো যে সাধাৰণ নাগৰিকক আতংকিত আৰু উত্তেজিত কৰিলে, সমাজত ইছলামফ’বিয়া বিয়পালে কোনো ধৰণৰ সন্ত্ৰাসবাদ বা উগ্ৰপন্থা সমস্যাৰ সমাধান নহয় ৷ অৱশ্যে দুষ্ট ৰাজনৈতিক শক্তিবোৰে, বিশেষকৈ হিন্দুত্ববাদী শক্তিয়ে ইয়াৰ দ্বাৰা সাম্প্ৰদায়িক হিংসাৰ ৰাজনীতি কৰি গাদী দখলৰ সুৱৰ্ণ সুযোগ পাব ৷ তেওঁলোকে এনেকুৱা সুযোগ সৃষ্টি কৰিবলৈ দিন-ৰাতি চেষ্টা কৰিয়ে আছে ৷ অসমৰ ৰাইজে বুজি পোৱা উচিত যে আন্তঃৰাষ্ট্ৰীয় ইছলামিক মৌলবাদীৰ লগতে হিন্দুত্ববাদী শক্তিয়েও অসমত বা ভাৰতৰ আন ঠাইত ইছলাম ধৰ্মীয় মৌলবাদ জগাই তোলাৰ বাবে কাম কৰি আছে ৷ অসমৰ ৰাইজে কোনো কাৰণতে এই বিভেদকামী, সাম্প্ৰাদয়িক আৰু মানৱতাবিৰোধী শক্তিসমূহক ঘৃণা আৰু হিংসাৰ ৰাজনীতি কৰাৰ সুযোগ নিদিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক অৰ্থত আমাৰ বিজয় হ’ব ৷ তদুপৰি ইছলামিক ধৰ্মান্ধতা আৰু মৌলবাদে যাতে কোনো মুছলমান নাগৰিকক গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে ভাৰত তথা অসমৰ শিক্ষিত আৰু সচেতন মুছলমান নাগৰিকসকলে বিশেষভাৱে গুৰুত্ব দিব লাগে ৷

সমাজৰ পৰা ধৰ্মীয় মৌলবাদ আৰু সন্ত্ৰাসবাদ নিঃশেষ হৈ যোৱাটো সকলোৰে কাম্য ৷ তাৰ বাবে ধৰ্মৰ নামত ৰাজনীতি কৰা বা ধৰ্মান্ধতা বিয়পোৱা শক্তি, শাসক শ্ৰেণীৰ বৈষম্যমূলক ৰাজনীতি, পুঁজিবাদী শক্তিৰ শোষণৰ বিৰোধিতা কৰিব লাগিব ৷ অন্যথা ভৱিষ্যতেও আমাৰ দেশৰ জোৱান, নিৰীহ নাগৰিকে হয়তো সন্ত্ৰাসবাদীৰ হাতত মৃত্যুবৰণ কৰি থাকিব লাগিব ৷

 

লেখক আই আই টি বোম্বেৰ এজন গৱেষক ছাত্ৰ

ই-মেইল: talukdar.kaushik@rediffmail.com