• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুফাল টেট শিক্ষক সমাজ, অসন্তুষ্টই কঁপাব দিচপুৰ, সন্তুষ্টসকল নাহে

শিক্ষা মন্ত্ৰীৰে বৈঠকৰ পাছতে বিভাজন টেট শিক্ষক সমাজৰ, মান্তি হ’ল একাংশ টেট শিক্ষক, সহযোগ নকৰে ‘দিচপুৰ চলৌ’ কাৰ্য্যসূচীত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 28, 2019 10:02 pm
Primary TET teachers' Assam: Regularisation, not continuation of service, is our demand

টেট শিক্ষকৰ প্ৰতিবাদৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ‘দিচপুৰ চলৌ’ কাৰ্য্যসূচীৰে দিচপুৰ কঁপাবলৈ সাজু প্ৰায় ২০ হাজাৰ টেট শিক্ষক। পুৱা ১০ বজাত মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা দিচপুৰলৈ আহিব একাংশ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এই কথা জানিবলৈ দিয়ে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণঁ শিক্ষক সমাজৰ বিত্ত সম্পাদক কুলজিত ঠাকুৰীয়াই।

Apply Now

উল্লেখ্য যে, বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত আন্দোলন কৰি অহা টেট শিক্ষকসকলে বৃ্হস্পতিবাৰে পুনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত শিক্ষা মন্ত্ৰীয়ে এই আলোচনাক সৌহাৰ্দ্যমূলক আখ্যা দিয়াৰ বিপৰীতে মূল দাবী ‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ’ বিষয়ৰ পৰা শিক্ষা মন্ত্ৰী আঁতৰি থকাত একাংশ টেট শিক্ষকে ইয়াক বিফল বুলি আখ্যা দিয়ে।

‘আমাক শিক্ষা মন্ত্ৰীৰ ফালৰ পৰা অনানুষ্ঠানিকভাৱে আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱাত আমাৰ কেইগৰাকীমান প্ৰতিনিধি গৈ তাত উপস্থিত হৈছিলগৈ। প্ৰায় দুঘন্টা ধৰি আলোচনা হৈছিল। কথা-বতৰাত শিক্ষা মন্ত্ৰী যোগাত্মক আছিল যদিও আমাৰ যি মূল দাবী– ‘বিনা চৰ্তে বেতন সুৰক্ষা’’– এই দাবীটো মানি লোৱা নাই। তাৰ সলনি তেওঁ আমাক কৈছে যে আপোনালোকে চাকৰি কৰিয়েই আছে, আপোনালোককটো খেদি দিয়া নাই।’ এইদৰে কয় ঠাকুৰীয়াই।

তেওঁ লগতে কয় যে টেট উত্তীৰ্ণ শিক্ষকসকলক ১১ মাহকৈ বৃদ্ধি কৰি কৰি চাকৰিত ৰাখি আছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য হ’লে ঠিকাভিত্তিক শিক্ষকক ৰখা নহ’ব বুলি স্পষ্টকৈ উল্লেখ আছে।

‘যদি ২০২১ চনত আমাক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি চাকৰিৰ পৰা খেদি দিয়ে, তেন্তে কি হ’ব, তাতে কালি আলোচনাৰ সময়ত তেওঁ কোনো লিখিত প্ৰতিশ্ৰুতিও দিয়া নাই। গতিকে কাইলৈ দিচপুৰ চলৌ কাৰ্য্যসূচী কৰাৰ সিদ্ধান্ততে আমি অটল আছো।’ ঠাকুৰীয়াই কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, কালি হৈ যোৱাৰ আলোচনাৰ পাছতে বিভাজন ঘটে টেট শিক্ষক সমাজৰ মাজত। দুটা ফৈদত বিভক্ত হ’ল শিক্ষক সমাজ।

এক সূত্ৰই জানিবলৈ দিয়া মতে কাইলৈ প্ৰতিবাদত অংশগ্ৰহণ নকৰে অনুসূচিত জাতি-জনজাতি টেট শিক্ষক সন্থা আৰু ষ্টে’ট পুল টেট শিক্ষকে। অৱশ্যে ১১ হাজাৰ ষ্টেট পুল টেট শিক্ষকৰ ৬,৫০০ গৰাকী টেট শিক্ষক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ লগতে আছিল বুলি দাবী কৰে সূত্ৰটোৱে।

‘১৮ জুনৰ উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচীত ৪১ হাজাৰ টেট উত্তীৰ্ণ  শিক্ষকে অংশগ্ৰহণ কৰিছিল। তাৰ পাছত কালি পৰিস্থিতি কিছু সলনি হ’ল। আমি নাজানো তেওঁলোক কাৰোবাৰ প্ৰৰোচনাৰ বলি হৈছে নে চৰকাৰে কিব দিম বুলি কৈছে? আজি তেওঁলোক পৃথকে শিক্ষা মন্ত্ৰীৰ লগত পুনৰবাৰ মিলিত হৈছিল। এই আলোচনাৰ পাছতে তেওঁলোক আমাৰ লগত নাথাকো বুলি আমাক জনাইছে।’ টেট শিক্ষকৰ মাজত বিভাজনৰ প্ৰসংগ সন্দৰ্ভত আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় ঠাকুৰীয়াই।

ইপিনে, বিভাজন হ’ল যদিও ষ্টেট পুল টেট শিক্ষকৰ ধুবুৰী জিলা সমিতি, বিশ্বনাথ জিলা কমিটিকে ধৰি অন্য কেইবাখনো জিলা সমিতি শনিবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে আহিব বুলি ঠাকুৰীয়াই আমাৰ সাংবাদিকৰ আগত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd