• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুফাল টেট শিক্ষক সমাজ, অসন্তুষ্টই কঁপাব দিচপুৰ, সন্তুষ্টসকল নাহে

শিক্ষা মন্ত্ৰীৰে বৈঠকৰ পাছতে বিভাজন টেট শিক্ষক সমাজৰ, মান্তি হ’ল একাংশ টেট শিক্ষক, সহযোগ নকৰে ‘দিচপুৰ চলৌ’ কাৰ্য্যসূচীত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 28, 2019 10:02 pm
Primary TET teachers' Assam: Regularisation, not continuation of service, is our demand

টেট শিক্ষকৰ প্ৰতিবাদৰ ফাইল ফটো।

588
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ‘দিচপুৰ চলৌ’ কাৰ্য্যসূচীৰে দিচপুৰ কঁপাবলৈ সাজু প্ৰায় ২০ হাজাৰ টেট শিক্ষক। পুৱা ১০ বজাত মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা দিচপুৰলৈ আহিব একাংশ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এই কথা জানিবলৈ দিয়ে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণঁ শিক্ষক সমাজৰ বিত্ত সম্পাদক কুলজিত ঠাকুৰীয়াই।

উল্লেখ্য যে, বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত আন্দোলন কৰি অহা টেট শিক্ষকসকলে বৃ্হস্পতিবাৰে পুনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত শিক্ষা মন্ত্ৰীয়ে এই আলোচনাক সৌহাৰ্দ্যমূলক আখ্যা দিয়াৰ বিপৰীতে মূল দাবী ‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ’ বিষয়ৰ পৰা শিক্ষা মন্ত্ৰী আঁতৰি থকাত একাংশ টেট শিক্ষকে ইয়াক বিফল বুলি আখ্যা দিয়ে।

‘আমাক শিক্ষা মন্ত্ৰীৰ ফালৰ পৰা অনানুষ্ঠানিকভাৱে আলোচনাৰ বাবে নিমন্ত্ৰণ জনোৱাত আমাৰ কেইগৰাকীমান প্ৰতিনিধি গৈ তাত উপস্থিত হৈছিলগৈ। প্ৰায় দুঘন্টা ধৰি আলোচনা হৈছিল। কথা-বতৰাত শিক্ষা মন্ত্ৰী যোগাত্মক আছিল যদিও আমাৰ যি মূল দাবী– ‘বিনা চৰ্তে বেতন সুৰক্ষা’’– এই দাবীটো মানি লোৱা নাই। তাৰ সলনি তেওঁ আমাক কৈছে যে আপোনালোকে চাকৰি কৰিয়েই আছে, আপোনালোককটো খেদি দিয়া নাই।’ এইদৰে কয় ঠাকুৰীয়াই।

তেওঁ লগতে কয় যে টেট উত্তীৰ্ণ শিক্ষকসকলক ১১ মাহকৈ বৃদ্ধি কৰি কৰি চাকৰিত ৰাখি আছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য হ’লে ঠিকাভিত্তিক শিক্ষকক ৰখা নহ’ব বুলি স্পষ্টকৈ উল্লেখ আছে।

‘যদি ২০২১ চনত আমাক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দোহাই দি চাকৰিৰ পৰা খেদি দিয়ে, তেন্তে কি হ’ব, তাতে কালি আলোচনাৰ সময়ত তেওঁ কোনো লিখিত প্ৰতিশ্ৰুতিও দিয়া নাই। গতিকে কাইলৈ দিচপুৰ চলৌ কাৰ্য্যসূচী কৰাৰ সিদ্ধান্ততে আমি অটল আছো।’ ঠাকুৰীয়াই কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, কালি হৈ যোৱাৰ আলোচনাৰ পাছতে বিভাজন ঘটে টেট শিক্ষক সমাজৰ মাজত। দুটা ফৈদত বিভক্ত হ’ল শিক্ষক সমাজ।

এক সূত্ৰই জানিবলৈ দিয়া মতে কাইলৈ প্ৰতিবাদত অংশগ্ৰহণ নকৰে অনুসূচিত জাতি-জনজাতি টেট শিক্ষক সন্থা আৰু ষ্টে’ট পুল টেট শিক্ষকে। অৱশ্যে ১১ হাজাৰ ষ্টেট পুল টেট শিক্ষকৰ ৬,৫০০ গৰাকী টেট শিক্ষক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ লগতে আছিল বুলি দাবী কৰে সূত্ৰটোৱে।

‘১৮ জুনৰ উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচীত ৪১ হাজাৰ টেট উত্তীৰ্ণ  শিক্ষকে অংশগ্ৰহণ কৰিছিল। তাৰ পাছত কালি পৰিস্থিতি কিছু সলনি হ’ল। আমি নাজানো তেওঁলোক কাৰোবাৰ প্ৰৰোচনাৰ বলি হৈছে নে চৰকাৰে কিব দিম বুলি কৈছে? আজি তেওঁলোক পৃথকে শিক্ষা মন্ত্ৰীৰ লগত পুনৰবাৰ মিলিত হৈছিল। এই আলোচনাৰ পাছতে তেওঁলোক আমাৰ লগত নাথাকো বুলি আমাক জনাইছে।’ টেট শিক্ষকৰ মাজত বিভাজনৰ প্ৰসংগ সন্দৰ্ভত আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় ঠাকুৰীয়াই।

ইপিনে, বিভাজন হ’ল যদিও ষ্টেট পুল টেট শিক্ষকৰ ধুবুৰী জিলা সমিতি, বিশ্বনাথ জিলা কমিটিকে ধৰি অন্য কেইবাখনো জিলা সমিতি শনিবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে আহিব বুলি ঠাকুৰীয়াই আমাৰ সাংবাদিকৰ আগত কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd