তামিলনাডুৰ ৰাজনীতিত এক অভূতপূৰ্ব পৰিৱৰ্তন আনি চিনেমাৰ চুপাৰষ্টাৰ চি জোচেফ বিজয়ে এতিয়া মুখ্যমন্ত্ৰী হিচাপে শাসনৰ গাদী চম্ভালিছে। নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনৈতিক বিশ্লেষক আৰু বিৰোধীয়ে তেওঁৰ শাসন কৰাৰ ক্ষমতাক লৈ তীব্ৰ সন্দেহ প্ৰকাশ কৰিছিল। চিনেমাৰ নায়ক এজনে প্ৰশাসন কেনেকৈ চলাব, তাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ মাত্ৰ এ মাহৰ ভিতৰতে বিজয়ে নিজৰ কাম-কাজ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে সকলো সমালোচকৰ মুখ বন্ধ কৰি দিছে। তেওঁৰ আধুনিক কৰ্মশৈলী আৰু প্ৰশাসনীয় সংস্কাৰে সমগ্ৰ ৰাজ্যখনতে এক নতুন ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে।
বিজয়ৰ কাম কৰাৰ ধৰণ আন পৰম্পৰাগত ৰাজনীতিবিদতকৈ সম্পূৰ্ণ বেলেগ। তেওঁ পৰম্পৰাগত বগা পোছাক পৰিহাৰ কৰি এটা ক’লা চুট আৰু বগা চাৰ্ট পিন্ধি ঠিক এজন কৰ্পোৰেট প্ৰতিষ্ঠানৰ চিইঅ’ৰ দৰে কাৰ্যালয় পৰিচালনা কৰিছে। তেওঁ প্ৰতিদিনে পুৱা ১০ বজাত ঠিক সময়ত সচিৱালয়ত উপস্থিত হয় আৰু সন্ধিয়া ৬ বজালৈকে নিজৰ মেজত বহি কাম কৰে। তেওঁ আনকি ঘৰৰ পৰাই নিজৰ দুপৰীয়াৰ আহাৰ লৈ আহে আৰু কোনো ধৰণৰ ৰাজনৈতিক আলোচনা বা বৈঠক অবিহনে নিজৰ কোঠাতে শান্তিপূৰ্ণভাৱে আহাৰ গ্ৰহণ কৰে। এই সময়ানুবৰ্তিতা আৰু অনুশাসনে সমগ্ৰ আমোলাতন্ত্ৰক এক নতুন বাৰ্তা প্ৰদান কৰিছে, যাৰ ফলত এতিয়া শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোৱে সময়মতে কাম কৰিবলৈ বাধ্য হৈছে।
সাধাৰণ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী বিজয়ে তামিলনাডুৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিছে। তেওঁ ঘোষণা কৰিছে যে এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো চৰকাৰী বাছ এয়াৰ কণ্ডিচনাৰ বা এচি বাছলৈ ৰূপান্তৰ কৰা হ’ব। ইয়াৰ উপৰিও তেওঁ শাসনলৈ অহাৰ লগে লগে ২৪ কোটি ঘৰুৱা গ্ৰাহকৰ বাবে ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ সেৱাৰ দৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিছে। মহিলা আৰু শিশুৰ সুৰক্ষাৰ বাবে তেওঁ এক বিশেষ টাস্ক ফৰ্চ গঠন কৰিছে আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ধৰ্মীয় স্থান তথা শিক্ষানুষ্ঠানৰ ওচৰত থকা শ শ চৰকাৰী সুৰাৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰী বিজয়ৰ আটাইতকৈ চৰ্চিত সিদ্ধান্তটো আছিল হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰক লৈ। তেওঁ পূৰ্বৰ চৰকাৰৰ দিনত হিন্দু ধৰ্মীয় আৰু দাতব্য ন্যাস বিভাগৰ অধীনত অনুমোদিত হোৱা প্ৰায় ২৪৫ কোটি টকাৰ ব্যৱসায়িক প্ৰকল্পসমূহ বাতিল কৰি দিছে। ইয়াৰ ভিতৰত আছিল বিবাহ ভৱন আৰু বাণিজ্যিক কমপ্লেক্স নিৰ্মাণৰ আঁচনি। তেওঁ স্পষ্ট কৰি দিছে যে মন্দিৰৰ ধন কেৱল মন্দিৰৰ উন্নয়ণ, সংৰক্ষণ আৰু ভক্তসকলৰ সুবিধাৰ বাবেহে ব্যৱহাৰ কৰা হ’ব, কোনো বাণিজ্যিক কামৰ বাবে নহয়। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি বিজয়ে ৰাজ্যখনৰ অৰ্থনীতি ১.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ এক দীৰ্ঘম্যাদী লক্ষ্য স্থিৰ কৰিছে। চিনেমাৰ পৰ্দাৰ দৰেই এতিয়া শাসনৰ ম মজিয়াতো বিজয়ে নিজৰ সিদ্ধান্তমূলক আৰু সক্ৰিয় পৰিচালনাৰে ৰাজ্যখনক আগবঢ়াই লৈ গৈছে।





