NORTHEAST NOW (Assamese)

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm · এন ই নাও নিউজ, গুৱাহাটী

শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সকলো দাবী চৰকাৰে বিনা দ্বিধাই মানি লৈছে। এনে পৰিস্থিতিত আন্দোলনটোক সমৰ্থন কৰাৰ বাবে ককৰোচ পাৰ্টিৰ (চিজেপি) প্ৰতিষ্ঠাপক অভিজিৎ দীপকে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীক ফোন কৰি ধন্যবাদ জ্ঞাপন কৰে। যিহেতু চৰকাৰৰ তৰফৰ পৰা সকলো দাবী মানি লোৱা হৈছে আৰু চিজেপিয়েও এই আন্দোলন সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে, সেয়েহে বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু দিল্লীলৈ নাযায়।

চৰকাৰ পক্ষৰ সৈতে আলোচনা কৰা আৰু দাবীসমূহ মানি লোৱাৰ পিছত চিজেপিয়ে প্ৰতিবাদৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে। তৃণমূলৰ সূত্ৰ অনুসৰি, ইয়াৰ ঠিক পিছতেই নিশা ৮ বাজি ৫৫ মিনিটত চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে তৃণমূল নেত্ৰীগৰাকীলৈ ফোন কৰে। প্ৰায় তিনি মিনিটৰ এই ফোনালাপত তেওঁ মমতা বেনাৰ্জীক ধন্যবাদ জনায়। ছাত্ৰ-ছাত্ৰীসকলৰ কাষত থিয় দি এই আন্দোলনক সমৰ্থন কৰা আৰু পৰামৰ্শ দিয়াৰ বাবে তেওঁ বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰে।

আনহাতে, তৃণমূল নেত্ৰীগৰাকীয়েও এই আন্দোলনৰ বাবে ছাত্ৰ নেতাসকললৈ একাত্মতা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ছাত্ৰসকলৰ কাষত থিয় দিবলৈ মমতা বেনাৰ্জীয়ে সোমবাৰে দিল্লীলৈ যোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু তৃণমূলৰ তৰফৰ পৰা জানিব পৰা গৈছে যে দাবীসমূহ পূৰণ হোৱাৰ বাবে বৰ্তমান সেই ভ্ৰমণ বাতিল কৰিছে তৃণমূল নেত্ৰীগৰাকীয়ে।

 

Related News