• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2025 10:34 am
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৫ নৱেম্বৰ। এই দিনটোৱেই আছিল অসমীয়া জাতিৰ বাবে এটা শোকাবহ দিন, যিদিনা বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই এই সংসাৰৰ পৰা বিদায় লৈছিল। ২০১১ চনৰ এই দিনটোতেই তেখেতে অনুৰাগীক শোকসাগৰত ডুবাই শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ কায়িক অনুপস্থিতিৰ আজি ১৪টা বছৰ হ’ল যদিও, তেওঁৰ কালজয়ী সৃষ্টিৰাজি আৰু মানৱতাবাদী দৰ্শনৰ মাজেৰে শিল্পীগৰাকী চিৰকাল অসমীয়াৰ সত্বাত, সভ্যতা আৰু সংস্কৃতিৰ ভেটিত জীৱিত হৈ থাকিব। প্ৰতিবছৰৰ দৰে এইবাৰো সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে গভীৰ শ্ৰদ্ধাৰে।

সুধাকণ্ঠৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে এক বিস্তৃত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই দিনটোৰ কাৰ্যসূচীত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, আৰু বিভিন্ন জনজাতিৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত ভূপেন হাজৰিকাৰ সমন্বয়ৰ বাৰ্তা পুনৰবাৰ প্ৰতিধ্বনিত হৈ উঠিব।

Apply Now

তাৰ উপৰিও, গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি এক বিশেষ কার্যসূচী অনুষ্ঠিত হ’ব। কামৰূপ মহানগৰ জিলাৰ এই কাৰ্যসূচীত সাংস্কৃতিক মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব। এই অনুষ্ঠানসমূহে ভূপেন হাজৰিকাৰ বিশাল ব্যক্তিত্ব আৰু তেওঁৰ কৰ্মৰাজিৰ প্ৰতি থকা জনসাধাৰণৰ শ্ৰদ্ধাৰ প্ৰতিফলন ঘটাইছে।

ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত, শদিয়াৰ এখন গাঁৱত। তেওঁৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে তেওঁ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগা হৈছিল, যাৰ ফলত ভূপেন্দ্ৰ কুমাৰ হাজৰিকাই অসমৰ লোক-সংস্কৃতি আৰু জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে পৰিচিত হোৱাৰ সুযোগ পাইছিল।

তেওঁলোকৰ পৰিয়ালত মুঠ দহোটা সন্তান আছিল, যাৰ ভিতৰত ভূপেন হাজৰিকা জ্যেষ্ঠ আছিল। তেওঁৰ অন্য ভাই-ভনীসকল আছিল: অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। সংগীতৰ প্ৰতি থকা তেখেতৰ গভীৰ অনুৰাগ শৈশৱতে ঘৰখনৰ সাংস্কৃতিক পৰিৱেশৰ পৰা লাভ কৰিছিল। দেউতাক নীলকান্ত হাজৰিকাই প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শদিয়াত থকা সময়ছোৱাত কনিষ্ঠ ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ এক উষ্ম সম্পৰ্ক গঢ় লৈ উঠিছিল। ঘৰৰ পৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ আদিবাসী লোকসকলে কেঁচুৱা ভূপেনক বৰ মৰম কৰিছিল আৰু মাজে মাজে আহি তেওঁক চোৱা-চিতা কৰিছিল। তেওঁলোকে মাক শান্তিপ্ৰিয়া হাজৰিকাকো বিশেষ শ্ৰদ্ধা কৰিছিল। সেই সময়ত বিনিময় প্ৰথাৰ প্ৰচলন আছিল, য’ত আদিবাসী ছোৱালীবিলাকে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। মৰমতে ঘৰত সকলোৱে তেওঁক ‘বৰ মইনা’ বুলি মাতিছিল। শৈশৱত ফুৰাবলৈ পেৰামবুলেটৰ কিনিবলৈ পিতৃৰ ধনৰ অভাৱ হোৱাত ওচৰৰে এজন চাহাবে উপহাৰস্বৰূপে এখন গাড়ী দিছিল, যিখনত আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ফুৰাইছিল। এই আদিবাসী লোকসকলৰ সান্নিধ্যই হাজৰিকাক সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকৰ দুখ-বেদনা বুজিবলৈ আৰু সংগীতক সমাজ সংস্কাৰৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

ড° ভূপেন হাজৰিকা অসম তথা ভাৰতৰ সাংস্কৃতিক জগতৰ এক অপ্ৰতিদ্বন্দ্বী নাম। তেওঁ কেৱল এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালকই নাছিল; তেওঁ আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। তেওঁ কিছু সময়ৰ বাবে সংসদীয় ৰাজনীতিতো সক্ৰিয়ভাৱে যোগদান কৰিছিল।

‘সুধাকণ্ঠ’ নামেৰে পৰিচিত এইগৰাকী মহান শিল্পীয়ে অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ উপৰিও চুবুৰীয়া দেশ বাংলাদেশতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। তেখেতক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়, যাৰ সৃষ্টিয়ে ভাষাৰ ভেদাভেদ দূৰ কৰি মানুহক একত্ৰিত কৰিছিল। তেখেতে অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত গান ৰচনা কৰিছিল, সুৰ দিছিল আৰু কণ্ঠদান কৰিছিল। তেওঁৰ ‘বিস্তীৰ্ণ দুপাৰে’ আৰু ‘দিল হূম হূম কৰে’ৰ দৰে গীতসমূহ আজিও সমগ্ৰ ভাৰততে জনপ্ৰিয়।

বৃক্কৰ সমস্যা আৰু অন্যান্য আনুষঙ্গিক জটিলতাত ভুগি থকা ড॰ ভূপেন হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৱে এক যুগৰ অৱসান ঘটায়। ভাৰত চৰকাৰে তেখেতৰ অৱদানৰ বাবে ২০২০ চনত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰে। তেওঁৰ গীতেৰে সমৃদ্ধিশালী জীৱন আৰু সমাজলৈ আগবঢ়োৱা অৱদানে তেওঁক চিৰদিন আমাৰ মাজত জীয়াই ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd