• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০২৫ ঘোষণা: শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে খাচী ছবি এপটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2026 10:30 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত অষ্টমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আয়োজন কৰা চলচ্চিত্ৰ প্ৰতিযোগিতা ২০২৫ বৰ্ষৰ ফলাফলসমূহ ট্ৰাষ্টৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এইবাৰৰ প্ৰতিযোগিতাত খাচী ভাষাৰ চলচ্চিত্ৰ এপট-এ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে সন্মান লাভ কৰিছে। ছবিখনৰ প্ৰযোজক তথা পৰিচালক ৰাফেল ৰাস্ত্ৰিয়ে ৫০,০০০ টকাৰ লগতে ট্ৰফী আৰু চাৰ্টিফিকেট লাভ কৰিব। ইফালে নৰা নামৰ চলচ্চিত্ৰখনৰ বাবে নৱাগত পৰিচালক প্ৰকাশ দাসে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। তেওঁক পুৰস্কাৰ হিচাপে ২৫,০০০ টকা, ট্ৰফী আৰু চাৰ্টিফিকেট প্ৰদান কৰা হ’ব।

অন্যান্য বিভিন্ন শিতানতো বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। আকাশ এখন নদীৰ নাম ছবিৰ বাবে সঞ্জীৱ সভাপণ্ডিতক শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ, এপট ছবিৰ বাবে আগাষ্টিন কুৰবাক শ্ৰেষ্ঠ সংগীত পৰিচালক, তাৰিখ ছবিৰ বাবে অনিৰুদ্ধ বৰুৱাক শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী আৰু নৰা ছবিৰ বাবে মানস প্ৰতীম গোস্বামীক শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰীৰ বঁটা প্ৰদান কৰা হ’ব। মণিপুৰী ছবি ওৱাননেছৰ বাবে প্ৰিয়কান্ত লেইচৰামে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা লাভ কৰাৰ বিপৰীতে উদকাটাৰ ছবিৰ বাবে ভাস্কৰজ্যোতি কলিতাই শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ সন্মান লাভ কৰিছে। অভিনয়ৰ ক্ষেত্ৰত নৈ কথা ছবিৰ বাবে ৰাজু ৰয়ে শ্ৰেষ্ঠ অভিনেতা আৰু বোখা দে ভেইন ছবিৰ বাবে ৰ’দালী বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আজুৰি নিবলৈ সক্ষম হৈছে। এই আঠোটা শিতানৰ প্ৰতিগৰাকী বিজয়ীয়ে ২০,০০০ টকাকৈ ধনৰাশিৰ লগতে ট্ৰফী আৰু চাৰ্টিফিকেট লাভ কৰিব।

Apply Now

প্ৰতিযোগিতাখনত জুৰীৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হৈছে তিনিগৰাকী ব্যক্তি। বৰ্খা আৰু গমন ছবিৰ বাবে অভিনেতা যতীন্দ্ৰ নাথ খনিকৰ, ব্ৰহ্মাকন্যাৰ বাবে পৰিচালক ধীৰাজ কাশ্যপ আৰু কাৰ্বি চলচ্চিত্ৰ কেনবো এল টিৰ বাবে পৰিচালক খঞ্জন কিশোৰ নাথক এই বিশেষ সন্মান আগবঢ়োৱা হ’ব। তেওঁলোকে স্মাৰক আৰু চাৰ্টিফিকেট লাভ কৰিব। অহা ১০ জানুৱাৰী ২০২৬ তাৰিখে জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে শৈলধৰ বৰুৱা বঁটা প্ৰদান অনুষ্ঠান এদিনৰ পৰিৱৰ্তে দুদিনীয়া কাৰ্যসূচীৰে ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব।

এই দুয়োটা দিনতে দৰ্শকৰ বাবে বঁটাপ্ৰাপক চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। ১০ জানুৱাৰীত চাৰিখন ছবি প্ৰদৰ্শন কৰাৰ লগতে দিনৰ ভাগত পুৰস্কৃত ছবিৰ নিৰ্মাতাসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব যিটো পৰিচালনা কৰিব বিশিষ্ট লেখক মুনীন বায়নে। সেইদিনা সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া মূল বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ বিশিষ্ট অভিনেত্ৰী তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক সুহাসিনী মূলে। তেখেতে জাহ্নু বৰুৱাৰ বিখ্যাত ছবি অপৰূপাত মূল চৰিত্ৰত অভিনয় কৰিছিল। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেত্ৰী তথা কলা নিৰ্দেশক মঞ্জুলা বৰুৱা।

এই অনুষ্ঠানতে বিশিষ্ট সংগীতজ্ঞ ৰমেন চৌধুৰী আৰু কণ্ঠশিল্পী সমৰ হাজৰিকাক জীৱন জোৰা সাধনা সন্মান জনোৱা হ’ব। অনুষ্ঠানৰ আৰম্ভণিতে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব য’ত শিল্পী ৰূপম ভূঞাই গীত পৰিৱেশন কৰিব। ইয়াৰ উপৰিও ৰঞ্জিত দাসৰ সম্পাদনাৰে চিনে জ্যোতি নামৰ এখন চলচ্চিত্ৰ বিষয়ক স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব। ১১ জানুৱাৰীত পুৱা ৯.৩০ বজাৰ পৰা পুনৰ চাৰিখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব আৰু দিনৰ ১১.৩০ বজাত সুহাসিনী মূলেৰ সৈতে এক আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব যিটো সঞ্চালনা কৰিব বিশিষ্ট কবি আৰু চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে। শৈলধৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সভাপতি মৃন্ময় বৰুৱা আৰু সম্পাদক ৰঞ্জিত দাসে এই দুয়োদিনীয়া কাৰ্যসূচীলৈ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd