দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী। অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। কিন্তু তাৰ আগতে ফাঁট মেলিছে বিৰোধী ঐক্যমঞ্চ ‘ইণ্ডিয়া’ত।
কংগ্ৰেছক ‘ইণ্ডিয়া’ৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। জানিব পৰা মতে, কেজৰিৱালৰ দলটোৱে ইতিমধ্যে ‘ইণ্ডিয়া’ৰ বাকী অংশীদাৰ দলসমূহলৈ এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।
বুধবাৰে দিল্লী কংগ্ৰেছৰ নেতা তথা এআইচিচিৰ কোষাধ্যক্ষ অজয় মাকেনে অৰবিন্দ কেজৰিৱালক প্ৰৱঞ্চক বুলি অভিহিত কৰে। মাকেনে কয়, ‘কেজৰিৱালৰ কোনো মতাদৰ্শ নাই। ৰাজনৈতিক লাভালাভৰ বাবে আম আদমী পাৰ্টিয়ে ৩৭০ অনুচ্ছেদৰ বিলোপ, CAA, ইউনিফৰ্ম চিভিল কোড আদি সমৰ্থন কৰে।
লগতে, কংগ্ৰেছে কেজৰিৱালক ‘মিছলীয়া’ বুলিও অভিহিত কৰিছে। কংগ্ৰেছৰ অভিযোগ যে কেজৰিৱালে দিল্লীৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে! মাকেনে দাবী কৰে যে ২০১৩ চনত কংগ্ৰেছে আপক সমৰ্থন কৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিণতি দিল্লীয়ে এতিয়াও ভোগ কৰি আছে।
কংগ্ৰেছৰ এই মন্তব্যবোৰ চৰ্চালৈ অহাৰ পিছতে আৰম্ভ হ’ল দুয়োটা শিবিৰৰ মাজত ৰাজনৈতিক কাজিয়া। সংবাদমেলত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে মাকেনে কেজৰিৱালক ‘ৰাষ্ট্ৰ বিৰোধী’ বুলি অপমান কৰিছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত যদি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অজয় মাকেনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কংগ্ৰেছৰ বিৰুদ্ধে আপে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
সঞ্জয় সিঙে কয়, ‘কংগ্ৰেছৰ অজয় মাকেনে আচলতে বিজেপিৰ চিত্ৰনাট্য অনুসৰি কথা কৈছে। যদি কংগ্ৰেছ নেতৃত্বই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি ‘ইণ্ডিয়াৰ অংশীদাৰ সকলৰ সৈতে কথা পাতিম, যাতে কংগ্ৰেছক ‘ইণ্ডিয়া’ৰ পৰা বহিষ্কাৰ কৰা হয়।
সেই সংবাদমেলত উপস্থিত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। তেওঁ কয়, ‘কংগ্ৰেছৰ আচৰণৰ পৰা স্পষ্ট যে দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁলোকে বিজেপিৰ সৈতে বুজাবুজিত উপনীত হৈছে। বিজেপিৰ ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। আমি শুনিছো যে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতৰ নিৰ্বাচনী খৰচ বিজেপিয়ে দিছে।
আতিশীৰ প্ৰশ্ন, ‘যদি কংগ্ৰেছে আমাক ৰাষ্ট্ৰ বিৰোধী বুলি ভাবে, তেন্তে যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে আমাৰ লগত কিয় মিত্ৰতা কৰিছিল?’
ইতিমধ্যে এই দুই শিবিৰৰ কাজিয়া উপভোগ কৰিছে বিজেপিয়ে। আপ আৰু কংগ্ৰেছৰ এই কাজিয়াক লৈ হতাশ হৈ পৰিছে ‘ইণ্ডিয়া’ৰ সমৰ্থক সকল।