• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক্ষুণ্ণ কেজৰিৱাল! বিৰোধী ঐক্য ‘ইণ্ডিয়া’ৰ পৰা কংগ্ৰেছক বহিষ্কাৰৰ দাবী আম আদমী পাৰ্টিৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 27, 2024 4:25 pm
258
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী। অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। কিন্তু তাৰ আগতে ফাঁট মেলিছে বিৰোধী ঐক্যমঞ্চ ‘ইণ্ডিয়া’ত।

কংগ্ৰেছক ‘ইণ্ডিয়া’ৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। জানিব পৰা মতে, কেজৰিৱালৰ দলটোৱে ইতিমধ্যে ‘ইণ্ডিয়া’ৰ বাকী অংশীদাৰ দলসমূহলৈ এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।

Apply Now

বুধবাৰে দিল্লী কংগ্ৰেছৰ নেতা তথা এআইচিচিৰ কোষাধ্যক্ষ অজয় ​​মাকেনে অৰবিন্দ কেজৰিৱালক প্ৰৱঞ্চক বুলি অভিহিত কৰে। মাকেনে কয়, ‘কেজৰিৱালৰ কোনো মতাদৰ্শ নাই। ৰাজনৈতিক লাভালাভৰ বাবে আম আদমী পাৰ্টিয়ে ৩৭০ অনুচ্ছেদৰ বিলোপ, CAA, ইউনিফৰ্ম চিভিল কোড আদি সমৰ্থন কৰে।

লগতে, কংগ্ৰেছে কেজৰিৱালক ‘মিছলীয়া’ বুলিও অভিহিত কৰিছে। কংগ্ৰেছৰ অভিযোগ যে কেজৰিৱালে দিল্লীৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে! মাকেনে দাবী কৰে যে ২০১৩ চনত কংগ্ৰেছে আপক সমৰ্থন কৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিণতি দিল্লীয়ে এতিয়াও ভোগ কৰি আছে।

কংগ্ৰেছৰ এই মন্তব্যবোৰ চৰ্চালৈ অহাৰ পিছতে আৰম্ভ হ’ল দুয়োটা শিবিৰৰ মাজত ৰাজনৈতিক কাজিয়া। সংবাদমেলত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে মাকেনে কেজৰিৱালক ‘ৰাষ্ট্ৰ বিৰোধী’ বুলি অপমান কৰিছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত যদি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অজয় মাকেনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কংগ্ৰেছৰ বিৰুদ্ধে আপে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

সঞ্জয় সিঙে কয়, ‘কংগ্ৰেছৰ অজয় ​​মাকেনে আচলতে বিজেপিৰ চিত্ৰনাট্য অনুসৰি কথা কৈছে। যদি কংগ্ৰেছ নেতৃত্বই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি ‘ইণ্ডিয়াৰ অংশীদাৰ সকলৰ সৈতে কথা পাতিম, যাতে কংগ্ৰেছক ‘ইণ্ডিয়া’ৰ পৰা বহিষ্কাৰ কৰা হয়।

সেই সংবাদমেলত উপস্থিত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী। তেওঁ কয়, ‘কংগ্ৰেছৰ আচৰণৰ পৰা স্পষ্ট যে দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁলোকে বিজেপিৰ সৈতে বুজাবুজিত উপনীত হৈছে। বিজেপিৰ ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। আমি শুনিছো যে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতৰ নিৰ্বাচনী খৰচ বিজেপিয়ে দিছে।

আতিশীৰ প্ৰশ্ন, ‘যদি কংগ্ৰেছে আমাক ৰাষ্ট্ৰ বিৰোধী বুলি ভাবে, তেন্তে যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে আমাৰ লগত কিয় মিত্ৰতা কৰিছিল?’

ইতিমধ্যে এই দুই শিবিৰৰ কাজিয়া উপভোগ কৰিছে বিজেপিয়ে। আপ আৰু কংগ্ৰেছৰ এই কাজিয়াক লৈ হতাশ হৈ পৰিছে ‘ইণ্ডিয়া’ৰ সমৰ্থক সকল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd