NORTHEAST NOW (Assamese)

বনৰীয়া হাতীৰ বাবে কৰা খেতি আহি খাই উভতি গ’ল বনৰীয়া হাতীৰ পাল; অনিষ্ট নকৰিলে আন শস্যৰ

November 13, 2019 9:21 am · ভাৰ্গব হাজৰিকা
Updated: November 13, 2019 11:45 am
ফটো : নৰ্থ-ইষ্ট নাও

বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখলি-ৰংহাং গাঁৱত হাতী বন্ধু, প্ৰদীপ ভূঞা আৰু দুলু বৰাই গ্ৰহণ কৰা বিশেষ পদক্ষেপে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে কৃষক ৰাইজৰ।

হাতীৰ জাকক লোকালয়ত প্ৰৱেশত বাধা আৰু খাদ্য যোগান ধৰাৰ উদ্দেশ্যে অঞ্চলটোত ২০০ বিঘা ভূমিত ধান খেতি কৰা হৈছিল। এই ধান খেতিৰ বাবেই হাতীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাইছে অঞ্চলবাসী।

যোৱা কিছু দিন ধৰি হাতীৰ জাকে নিয়মীতভাৱে উক্ত খেতি ডৰালৈ ধান খাবলৈ আহে আৰু খোৱা শেষ হোৱাৰ পাছত জাকটো পুনৰ কাৰ্বি পাহাৰলৈ উভতি যায়।

হাতী আৰু মানুহৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে হাতীবন্ধু, দুলু বৰা আৰু গাঁওবাসীৰ এই অভিনৱ পদক্ষেপৰ সফল পৰিসমাপ্তি প্ৰত্যক্ষ কৰি এতিয়া উচৱমুখৰ পৰিবেশে বিৰাজ কৰিছে গাঁওখনত।

এই খেতি ডৰাৰ বাবেই ৰংহাং গাঁৱৰ ভৈয়ামৰ কৃষকৰ ধাননি পথাৰত বনৰীয়া হাতীৰ জাকে চলোৱা নাই উপদ্ৰৱ। প্ৰথমবাৰৰ বাবে কষকে সুকলমে ধান কাটি ঘৰলৈ নিব পৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে হাতী বন্ধু, প্ৰদীপ ভূঞা আৰু দুলু বৰাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ বন বিভাগেও পৰৱৰ্তী সময়ত এই অভিনৱ পদক্ষেপৰ জৰিয়তে ভাৰাক্ৰান্ত অঞ্চলসমূহত হাতী-মানুহৰ সংঘাত নিৰ্মূলকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Related News