অসমত বহুবিবাহ প্ৰথা নিষিদ্ধকৰণৰ দিশত ৰাজ্য চৰকাৰে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু-চৰ্চিত “অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫” সদনত উত্থাপন কৰে।
উল্লেখযোগ্য যে, সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই বিষয়ক লৈ হোৱা আলোচনাৰ অন্তত বিৰোধী দল কংগ্ৰেছ, চিপিআই (এম) আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদন ত্যাগ কৰে। বিৰোধীৰ এই ৱাকআউটৰ সুযোগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুমতি ক্ৰমে মুখ্যমন্ত্ৰীয়ে বহুবিবাহ বিৰোধী বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰে। পৰৱৰ্তী সময়ত এই বিধেয়কখন আলোচনাৰ মাধ্যমেৰে গৃহীত কৰা হ’ব।
বিধেয়কখনৰ লগতে মুখ্যমন্ত্ৰীয়ে অসমৰ ইতিহাসৰ দুটা ক’লা অধ্যায়— ১৯৮৩ চনৰ নিৰ্বাচনী হিংসা আৰু নেলীৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুখন গুৰুত্বপূৰ্ণ তদন্ত আয়োগৰ প্ৰতিবেদন সদনত দাখিল কৰে।
১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যজুৰি হোৱা ব্যাপক হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ টি ইউ মেহতাৰ নেতৃত্বত এই আয়োগ গঠন কৰা হৈছিল। মুক্তি যুঁজাৰু সন্মিলন আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ উদ্যোগত গঠিত এই আয়োগৰ প্ৰতিবেদন অৱশেষত বিধানসভাত পোহৰলৈ আহে।
একেদৰে, ১৯৮৩ চনৰ ১৪ জুলাইত নেলী হত্যাকাণ্ড আৰু সমসাময়িক হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে গঠিত তেৱাৰী আয়োগৰ প্ৰতিবেদনো চৰকাৰে ৰাজহুৱা কৰে। ১৯৮৪ চনৰ মে’ মাহত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত এই চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছিল যদিও সেয়া বিধায়কসকলৰ মাজত বিতৰণ কৰা হোৱা নাছিল। পৰৱৰ্তী সময়ত ১৯৮৭ চনত অগপ চৰকাৰেও এই প্ৰতিবেদন সদনত দাখিল কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উল্লেখ কৰে যে, পূৰ্বতে এই প্ৰতিবেদনৰ মাত্ৰ এটা কপিহে অধ্যক্ষক দিয়া হৈছিল আৰু বিধায়কসকলক ইয়াৰ কোনো প্ৰতিলিপি দিয়া হোৱা নাছিল। বৰ্তমানৰ চৰকাৰে স্বচ্ছতাৰ স্বাৰ্থত এই প্ৰতিবেদনৰ ছপা আৰু চফ্ট কপি বিধায়কসকলৰ বাবে উপলব্ধ কৰাইছে। অৱশ্যে, এই প্ৰতিবেদনসমূহৰ ওপৰত সদনত কোনো আলোচনা নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।





