“চলো পাল্টাই”ৰ ফান্দত ভৰি নিদিয়ে অসমৰ বাঙালীয়ে : অসমৰ বাঙালী জাতীয় সংগঠনৰ যৌথ মঞ্চ

“লোকপিয়লত ভাষা অসমীয়া লিখি আমাৰ অসম প্ৰীতি আৰু অসমীয়া প্ৰীতি দাঙি ধৰিম”

আত্মপ্ৰচাৰৰ লক্ষ্যৰে ফেইচবুকত অতি সক্ৰিয় তিনিজন মান বাঙালী লোকে “চলো পাল্টাই” নামেৰে এটা বিতৰ্কিত অভিযানৰ আহ্বান জনোৱাৰ পিছত তাকে লৈ অসমত বিৰাট হৈ-চৈৰ সৃষ্টি হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বাঙালী সম্প্ৰদায়ে।

অসমৰ বাঙালীসকলে এনেকুৱা “ফান্দ”ত কেতিয়াও ভৰি নিদিয়ে বুলি আজি এখন সংবাদমেল দি জনালে অসমীয়া বাঙালী জাতীয় সংগঠনৰ যৌথ মঞ্চই।

দিচপুৰ প্ৰেছ ক্লাবত দিয়া সংবাদমেলখনত যৌথ মঞ্চৰ উপদেষ্টা তথা বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসে কয়, “’চলো পাল্টাই’ৰ সমৰ্থন নকৰে অসমৰ বাঙালী জাতীয় সংগঠনসমূহে। কলকাতাৰ তথাকথিত “বুদ্ধিজীৱী”য়ে অসমত থকা বঙালী লোকসকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমত বসবাস কৰা বংগভাষী অসমীয়াসকলে যথেষ্ট সুখ-শান্তিত বাস কৰি আছে।”

উল্লেখযোগ্য যে পশ্চিম বংগৰ বাঙালী নেতা গৰ্গ চেটাৰ্জী, অসমৰ শান্তনু মুখাৰ্জী আৰু দিল্লীৰ চন্দন চেটাৰ্জী নামৰ তিনিজন বাঙালী লোকে “চলো পাল্টাই-২০২১” নাম দি অসমত ২০২১-ত হ’ব লগীয়া লোকপিয়লত সকলো হিন্দু-মুছলমান বাঙালী লোকক বাংলাক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ ফেচবুক লাইভৰ জৰিয়তে আহ্বান জনাইছিল।

সুকুমাৰ বিশ্বাসে এনেকুৱা আহ্বানৰ বিৰোধিতা কৰি কয়, “আমাক অসমবাসীয়ে সন্দেহ কৰাটো অমূলক হ’ব। ২০২১-ৰ লোকপিয়লত বিপুল হাৰত অসমীয়া ভাষা লিখি আমাৰ অসম প্ৰীতি আৰু অসমীয়া প্ৰীতিৰ পৰিচয় দাঙি ধৰিম।”

সংবাদমেলখনত উপস্থিত থকা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ বৰ্তমানৰ সভাপতি উৎপল সৰকাৰে কয় যে অসমৰ বাহিৰৰ এচাম অসম-বিৰোধী তথাকথিত বাঙালী লোকে “চলো পাল্টাই” মিশ্যনৰ নামত অসমত যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে অসমস্থিত বাঙালী জাতীয় সংগঠনবোৰে তাৰ তীব্ৰ বিৰোধিতা কৰে।

“আমাৰ হাড়ে-হিমজুৱে অসমৰ হাৱা-পানী তেজ হৈ প্ৰৱাহিত হৈ আছে। এই তেজত বংগীয় ৰং সানিবলৈ অহৰহ চেষ্টা কৰি থকা কলকাতাৰ গৰ্গ মুখাৰ্জী, দিল্লীৰ চন্দন চেটাৰ্জী, অসমৰ শান্তনু মুখাৰ্জীক তেনে কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছো”, উৎপল সৰকাৰৰ মন্তব্য।

তেওঁ লগতে কয়, অসম বিৰোধীসকলে ভবাৰ দৰে অসমৰ বঙালীসকলে কোনোমতেই তেখেতসকলে পতা “ভাষা ফান্দ”ত ভৰি নিদিয়ে । অসমৰ বঙালীসকলে অসমত কোনো মতে সম্প্ৰীতি বিনষ্ট হ’বলৈ নিদিয়ে।

সংবাদমেলখনত যৌথ মঞ্চৰ হৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, সদৌ অসম বাঙালী পৰিষদ আৰু সদৌ অসম বাঙালী সুৰক্ষা সমিতিৰ নেতৃবৰ্গ উপস্থিত থাকে।