নিৰ্বাচনৰ প্ৰচাৰত গ্ৰহণ কৰা নাই সক্ৰিয় ভূমিকা : দলীয় সাংসদলৈ কাৰণ দৰ্শোৱা জাননী ভাৰতীয় জনতা পাৰ্টিৰ

ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক সম্পাদক আদিত্য সাহুৱে বিজেপিৰ সাংসদ জয়ন্ত সিনহালৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱা জাননী।

জাননীখনত কোৱা হৈছে, “হাজৰিবাগ লোকসভা সমষ্টিত মনীষ জয়ছৱালক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা আপুনি সাংগঠনিক কাম কৰা নাই। নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাই। আনকি ভোট দিয়াটো প্ৰয়োজনীয় বুলি নাভাবিলে। আপোনাৰ আচৰণে দলৰ ভাবমূর্তি কলংকিত কৰিছে।”

দুদিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে দলৰ ৰাজ্যিক সম্পাদকে।

মন কৰিবলগীয়া যে ২ মাৰ্চত জয়ন্ত সিনহাই এক্সৰ জৰিয়তে জে পি নাড্ডাক জনাইছিল যে মোক নিৰ্বাচনী কৰ্তব্যৰ পৰা ৰেহাই দিয়া উচিত। মই ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰিব বিচাৰো। কিন্তু অৰ্থনীতি আৰু শাসন সম্পৰ্কীয় সকলো বিষয়তে দলৰ সৈতে কাম কৰিম।

২০১৪ চনত জয়ন্ত সিনহাই হাজৰিবাগৰ আসনৰ পৰা জয়লাভ কৰিছিল। তাৰ পিছত তেওঁক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছত ২০১৯ চনত জয়ী হ’লেও মন্ত্ৰীসভাত স্থান নাপালে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হোৱা নাই বাবে দলটোক কোনো কামত সহায় নকৰাৰ বাবে গেৰুৱা কেম্পে তেওঁৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে।