NORTHEAST NOW (Assamese)

এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ

March 21, 2021 11:58 am · এন ই নাও নিউজ
অজন্তা নেওগ।

গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ অৱস্থিতি।

শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ কোভিড পজিটিভ পোৱা গৈছে।

অজন্তা নেওগ বিগত কেইদিন ধৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল।

বিজেপি প্ৰাৰ্থী গৰাকীৰ কৰ’না পজিটিভ ওলোৱাৰ পাছত এতিয়া তেওঁৰ সমৰ্থক তথা তেওঁৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা অনুগামীসকলৰো কৰ’না টেষ্ট জৰুৰী হৈ পৰিছে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে সাংসদ তপন কুমাৰ গগৈৰ দেহত পুনৰ দ্বিতীয়বাৰৰ বাবে কোভিড পজিটিভ ধৰা পৰিছিল।

প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ক’ভিড টেষ্ট কৰিছিল সাংসদ গৰাকীয়ে।

১৮ মাৰ্চত সাংসদ গৰাকীয়ে স্বাৱ টেষ্ট কৰাৰ পাছত টেষ্টৰ ফলাফল পজিটিভ আহিছিল। স্বাৱ টেষ্ট কৰাৰ পূৰ্বে কোনো ধৰণৰ ক’ভিডৰ লক্ষণ নাছিল সাংসদ গৰাকীৰ।

ইয়াৰ পূৰ্বেও সাংসদ গৰাকী যোৱা বছৰৰ ২ ছেপ্টেম্বৰত কোভিড-১৯ত আক্ৰান্ত হৈছিল।

বৰ্তমান সাংসদগৰাকীৰ কোভিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে।

Related News