• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ক’ৰ’নাতংকৰ সময়ত স্বাস্থ্যমন্ত্ৰীয়ে ডাংকোপ মৰা কথাৰে ৰাইজক বিভ্ৰান্ত কৰি আহিছে’ : বাঁও-গণতান্ত্ৰিক মঞ্চ

ক'ৰ'না সংক্ৰমণ প্ৰতিৰোধৰ নামত অৰাজকতা সৃষ্টি কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 8:57 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰখন আৰু স্বাস্থ্য বিভাগে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কেৱল ব্যৰ্থতা প্ৰদৰ্শনেই নহয়, ৰোগ প্ৰতিৰোধৰ নামত অদ্ভূত নীতি-নিয়ম বলবৎ কৰি ৰাজ্যৰ জনসাধাৰণৰ দুৰ্যোগ উপশম কৰাৰ সলনি ৰাজ্যবাসীক অভাৱনীয় সংকটৰ মুখলৈ ঠেলি দিছে। এই অভিযোগ ৰাজ্যৰ দহোটা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ বাঁও-গণতান্ত্ৰিক মঞ্চ, অসমৰ।

মঞ্চই কাকতলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হয়, ৰাজ্য চৰকাৰে গুৰুতৰ স্বাস্থ্য সংকটৰ সমস্যাটোক চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে আৰু মানৱীয় সংকট হিচাপে চোৱাৰ সলনি কেৱল আইন-শৃংখলাৰ সমস্যা হিচাপে গণ্য কৰাৰ বাবেই সমস্যাৰ ব্যাপকতা বৃদ্ধি পাইছে আৰু জনসাধাৰণৰণো অভূতপূৰ্ব দুখ- দুৰ্দশাৰ সন্মুখীন হৈছে। স্বাস্থ্য বিভাগত চলিছে সীমাহীন অৰাজকতা। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনৰ স্বেচ্ছাচাৰী আচৰণ আৰু মইমতালিৰ ফলত সমস্যা অধিক জটিল হৈছে। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বহু ঠাইত এই ৰোগ দ্ৰুত গতিত বৃদ্ধি পাইছে।

Apply Now

ৰাজধানীৰ চহৰ গুৱাহাটীত ক’ৰ’না বিভীষিকাত কৈ অপৰিকল্পিত তথা অবৈজ্ঞানিক লকডাউন ব্যৱস্থাই জনসাধাৰণৰ সমস্যা দুগুণে বৃদ্ধি কৰিছে। চৰকাৰে প্ৰথম দুসপ্তাহ সান্ধ্য আইনৰ লেখীয়া কটকটীয়া ব্যৱস্থা, তৃতীয় সপ্তাহতো সামান্য শিথিলতাসহ কঠোৰ লকডাউন আৰু তাৰ পাছত ২০ জুলাইৰ পৰা শিথিলতাসহ পুনৰ দুসপ্তাহ মহানগৰখনত লকডাউন বলবৎ কৰিছে। কিন্তু শিথিলতাৰ নামত বান্ধি দিয়া উদ্ভট চৰ্তবোৰে জনসাধাৰণক অধিক বিমোৰত পেলাইছে।

কোভিড-১৯ৰ ব্যাপকতা লকডাউনে ৰোধিব পৰা নাই। আনহাতে দীঘলীয়া গৃহবন্দী সদৃশ পৰিস্থিতিয়ে দৰিদ্ৰ পৰিয়ালবোৰ, সৰু-সুৰা ব্যৱসায়ী, ব্যক্তিগত খণ্ডৰ শ্ৰমিক-কৰ্মচাৰী, অসংগঠিত খণ্ডৰ শ্ৰমিক, দিন-হাজিৰা কৰা লোকসকল, পৰিবহন শ্ৰমিক, পদ-পথৰ কাষৰ দোকানী-পোহাৰীৰ জীৱন-জীৱিকাৰ পথবোৰ সম্পূৰ্ণ বন্ধ কৰি দিছে। ব্যক্তিগত যান-বাহন চলাচলত অযথা বাধা, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ অভাৱ, সন্ধিয়াৰ পৰা নিশাৰ ভাগত সান্ধ্য আইন বলবৎ আদিৰ ফলত সাধাৰণ মানুহ এক শ্বাসৰুদ্ধ পৰিৱেশত থাকিব লগা হৈছে।

দৰাচলতে আৰম্ভণি পৰ্যায়ৰ পৰাই ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত ভ্ৰান্ত নীতি অনুসৰণ কৰাৰ ফলত বৰ্তমান সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। মাস্ক পিন্ধা, শাৰীৰিক দূৰত্ব অটুট ৰখা, প্ৰয়োজন সাপেক্ষে সীমিত পৰিসৰত লকডাউন ঘোষণা কৰা আদি বিজ্ঞানসন্মত নীতিসমূহৰ নিশ্চয় প্ৰয়োজন আছে।

কিন্তু ৰাজ্যত ৰাজহুৱা স্বাস্থ্যসেৱাৰ উন্নয়ন তথা সম্প্ৰসাৰণ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক নিয়ন্ত্ৰণ, চৰকাৰী চিকিৎসালয়সমূহত আন্তঃগাঁথনিৰ উন্নয়ন আৰু চিকিৎসক-নাৰ্ছ-স্বাস্থ্যকৰ্মীৰ অভাৱ পূৰণৰ ফলপ্ৰসূ আৰু কাৰ্যকৰী ব্যৱস্থা অবিহনে মূল সমস্যাৰ সমাধান সম্ভৱ নহয়। স্বাস্থ্যমন্ত্ৰীজনে কেৱল ডাংকোপ মৰা কথাৰে ৰাইজক বিভ্ৰান্ত কৰি আছে। ৰাজ্যত স্বাস্থ্য বিভাগে যথাসময়ত দ্ৰুত ‘কনটেক্ট ট্ৰেচিং-টেষ্টিং-আইছ’লেচন-কোৱাৰিণ্টিন’ আদি নকৰাৰ ফলতে এতিয়া সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে।

ইপিনে চৰকাৰৰ ব্যৰ্থতা ঢকাৰ বাবে সমস্ত দোষ জনসাধাৰণৰ ওপৰত জাপি দিয়াৰ নিকৃষ্ট কৌশল চলিছে। আনহাতে ৰাজ্যৰ বহু ঠাইত বৰ্তমান ৰোগ নিৰ্ণয়ৰ বাবে পৰীক্ষাৰ নামত সৃষ্টি হৈছে এক অৰাজক অৱস্থাৰ। ৰোগ নিৰ্ণয়ৰ পজিটিভ-নিগেটিভৰ প্ৰতিবেদনবোৰ সঘনাই সাল-সলনি হৈ আছে। ৰোগবিধত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা বহু ব্যক্তিয়ে পৰীক্ষাৰ ফলাফলৰ বাবে ১৫ দিন পৰ্যন্ত অপেক্ষা কৰিব লগা হৈছে।

আনহাতে নিগেটিভ বুলি ৰিপোৰ্ট পোৱাৰ পাছতো গুৱাহাটীতে কোনো কোনো নিৰোগী লোকক বলপূৰ্বক ৰোগীসকলৰ মাজত অনাহকতে আৱদ্ধ কৰি ৰখাৰো উদ্বেগজনক বাতৰি আহিছে। অনা-কোভিড ৰোগীসকলৰ চিকিৎসাৰ অভাৱ আৰু দুৰ্ভোগ হৈছে সীমাহীন।

ইপিনে চৰকাৰে ঘোষণা কৰা ন্যূনতম সাহায্য খিনিৰ পৰাও গৃহ-কোৱাৰেন্টিনত ৰখা বহু পৰিয়াল বঞ্চিত হৈ আছে। আনকি ক’ৰ’নাবিৰোধী যুঁজৰ সমুখ শাৰীত থকা চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীসকলকৰ প্ৰতিও কৰা হৈছে অমানৱীয় আচৰণ। গুৱাহাটীৰ সৰুসজাইতে স্বাস্থ্যকৰ্মীসকলক তিনিমাহ পর্যন্ত দৰমহা আদায় দিয়া নাই।

কোভিড চিকিৎসাৰ নামত আৰু কোৱাৰেন্টিন কেন্দ্রবোৰত ব্যাপক দুৰ্নীতি তথা ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। সম্পূৰ্ণ স্বচ্ছতা অটুট ৰাখি ‘অসম আৰোগ্য নিধি’ৰ নামত সংগৃহীত ধনৰ আয়-ব্যয়ৰ হিচাপ ৰাজহুৱা কৰা আৰু স্বাস্থ্য বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ উচ্চস্তৰীয় তদন্তৰ বাবে বাঁও-গণতান্ত্ৰিক মঞ্চই দাবী উত্থাপন কৰিছে।

মঞ্চই লগতে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ নগৰ-চহৰসমূহ নিয়মীয়াকৈ ‘চেনিটাইজ’ কৰাৰো দাবী তুলিছে। তদুপৰি আয়কৰ দিব নলগা সকলো পৰিয়ালক মাহিলি ৭,৫০০ টকাকৈ ছমাহলৈ নগদ ধন আৰু বিনামূলীয়া খাদ্যৰ যোগান ধৰাৰ দাবী বিৰোধী দলকেইটাই পুনৰ দোহাৰিছে।

বাঁও-গণতান্ত্ৰিক মঞ্চই ৰাজ্যৰ স্বাস্থ্য বিশেষজ্ঞ, বিৰোধী দল-সংগঠন আৰু সর্বোপৰি জনসাধাৰণক আস্থাত লৈ আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি ক’ৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd