কি হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ কাম কাজত? ভাঙি পৰিছে ইখনৰ পিছত সিখন দলং

Bridge collapsed

ভাঙি পৰা শিৱসাগৰৰ চূনপোৰা চেপন সংযোগী দিচাং নদীৰ দলংখন। ফটো: নৰ্থইষ্ট নাও।

কিছুদিন পূৰ্বে ডিমৌকিনাৰ বাঁহগড় সংযোগী দলং ভাঙি দুটুকুৰা হোৱাৰ পিছত দেওবাৰে পুনৰ আন এখন দলং ভাঙি দুটুকুৰা হ’ল শিৱসাগৰত।

চূনপোৰা চেপন সংযোগী দিচাং নদীৰ ওপৰত নঙলামৰাত থকা দলংখন দেওবাৰে পুৱা মাজতে ভাঙি দুটুকুৰা হয়। সেই সময়ত দলংখনেদি পাৰ হোৱা শিল ভৰ্তি এখন ডাম্পাৰ কথমপি ৰক্ষা পৰে। 

শিৱসাগৰ জিলাৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, থাওৰা আৰু মাহমৰাৰ একমাত্ৰ সংগমস্থলী তথা ব্যস্ততাপূৰ্ণ  যাতায়তৰ পথ এই চেপন-চূনপোৰা পথ। এই পথটোৰ ওপৰতে অৱস্থিত এইখন দলং। এই দলংখনেই  দেওবাৰে পুৱা ভাঙি দুটুকুৰা হয়।

ইয়াৰ বাবে চেপন, মাহমৰা, থাওৰা, শিৱসাগৰ,নাজিৰা,  চৰাইদেউ অঞ্চলৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত আহি এক বৃহৎ সমস্যা।

লগতে পঢ়ক: Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

কিয়নো এই দলং পাৰ হৈয়ে দৈনিক শ শ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অহা যোৱা কৰে। এতিয়া দলংখন ভাঙি পৰাত গভীৰ সংকটত পৰিছে অঞ্চলবাসী।

১৯৭২ চনত সেই সময়ৰ থাওৰাৰ বিধায়ক দুৰ্গেশ্বৰ শইকীয়াৰ কাৰ্যকালত নিৰ্মাণ হোৱা দিচাং নদীৰ এই দলংখন ১৯৭৭ চনত যাতায়তৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। দলংখন ইমানেই ঠেক আছিল যে একে সময়তে এই দলঙৰ ওপৰেদি দুখন গাড়ী পাৰ হব পৰা নাছিল।

৪৫ টা বছৰ অতিক্ৰম কৰা এই দলঙত বিগত কিছু বছৰত গাত সৃষ্টি হোৱাৰ লগতে মাজে মাজে ফাঁট মেলিছিল। সেই সম্পৰ্কত স্থানীয় দল সংগঠনে লোক নিৰ্মাণ বিভাগক অৱগত কৰিছিল। 

লগতে পঢ়ক: আৰক্ষী বিষয়াক অপমান, কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে?

আনহাতে, বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু সংগঠনে।

ইপিনে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ যে  এই পথেদি সৰু ডাঙৰ দৈনিক শ শ গাড়ী চলাচল কৰে অ’এনজিচিৰ। কিন্তু বিগত ৪৫ বছৰ ধৰি অ’এনজিচিয়ে দলংখন পুনৰ নিৰ্মাণ বা সময়মতে মেৰামতি নকৰাৰ বাবে আজি ভাঙি দুটুকুৰা হয়। যাৰ বাবে দেওবাৰে অ’এনজিচিৰ বিৰুদ্ধে টায়াৰ জ্বলাই  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা দল সংগঠনে।

ঘটনাস্থলীত শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল আৰু নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজক অতি শীঘ্ৰে বিকল্প ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক:দাম বাঢ়িল মাৰুতি গাড়ীৰ; ৪.৩শতাংশ পৰ্যন্ত দাম বঢ়ালে কোম্পানীয়ে

ইপিনে ২১’ৰ উপ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই থাওৰাত আহি ঘোষণা কৰিছিল যে অতি সোনকালে চূনপোৰা চেপন সংযোগী পথৰ দিচাং নদীৰ ওপৰত দলং নিৰ্মাণ কৰা হব।

পিচে আজি পৰ্যন্ত এই দলং নিৰ্মাণৰ কোনো ব্যৱস্থা হাতত নল’লে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।