অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নতুন দিল্লীৰ হৌজ খাচ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। শান্তি আৰু ন্যায়ৰ হকে কাম কৰা বিশিষ্ট লেখক হৰ্ষ মন্দৰে এই গোচৰটো তৰিছে।
তেওঁ অভিযোগ কৰিছে যে যোৱা ২৭ জানুৱাৰী ২০২৬ তাৰিখে তিনিচুকীয়া জিলাৰ ডিগবৈত এটা চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাভাষী মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা আৰু বৈষম্যমূলক মন্তব্য কৰিছিল। এই মন্তব্যই সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰাৰ লগতে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে।
এজাহাৰত উল্লেখ কৰা অনুসৰি সেইদিনা মুখ্যমন্ত্ৰীয়ে বাংলাভাষী মুছলমানসকলক মিঞা বুলি সম্বোধন কৰিছিল আৰু তেওঁলোকক হাৰাশাস্তি কৰিবলৈ উৎসাহিত কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ সময়ত প্ৰায় চাৰিৰ পৰা পাঁচ লাখ মিঞা ভোটাৰৰ নাম কৰ্তন কৰা হ’ব। তেওঁ লগতে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে তেওঁ নিজৰ দলৰ কৰ্মীসকলক এই সম্প্ৰদায়টোৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিঞা লোকসকলে কষ্ট পালেহে অসম এৰি যাব আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰাটো তেওঁৰ দায়িত্ব।
হৰ্ষ মন্দৰে দাখিল কৰা অভিযোগত কোৱা হৈছে যে এজন মুখ্যমন্ত্ৰীয়ে চৰকাৰী অনুষ্ঠানত এনে মন্তব্য কৰাটো অতিশয় চিন্তাজনক। ইয়াৰ দ্বাৰা সাংবিধানিক মূল্যবোধ আৰু জনশৃংখলাত আঘাত লাগিছে। মুখ্যমন্ত্ৰীৰ এনে ভাষণে সমাজত বিভাজন সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটদানৰ অধিকাৰ তথা জীৱন ধাৰণৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলোৱা হৈছে বুলিও অভিযোগ কৰা হৈছে। এই মন্তব্যৰ ভিডিঅ’ আৰু লিখিত প্ৰতিলিপিও প্ৰমাণ হিচাপে আৰক্ষীক জমা দিয়া হৈছে।
এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬, ১৯৭, ২৯৯, ৩০২ আৰু ৩৫৩ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। হৰ্ষ মন্দৰে কৈছে যে এজন উচ্চপদস্থ সাংবিধানিক বিষয়াৰ মুখৰ পৰা অহা এনে ভাষণে সাধাৰণ মানুহক আইন হাতত তুলি লবলৈ বা বৈষম্যমূলক আচৰণ কৰিবলৈ উচটনি দিব পাৰে। সেয়েহে শান্তি বজায় ৰখাৰ স্বাৰ্থত আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভৱিষ্যতে এনেধৰণৰ মন্তব্য ৰোধ কৰিবলৈ তেওঁ আহ্বান জনাইছে।





