NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ দিনত মহিলাই বেয়া পথেৰে চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা সাংসদ অজিত কুমাৰ ভূঞাৰ

April 30, 2025 1:12 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 1:13 pm

পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি পোৱা মহিলা সকলে সতীত্বৰ বিনিময়ত চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যক তীব্ৰ নিন্দা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

অজিত কুমাৰ ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয়, “কংগ্রেছৰ দিনত মহিলাসকলে বেয়া পথেৰে চাকৰি লৈছিল বুলি বৰ্তমানৰ  মূখ্যমন্ত্ৰী তথা সেইসময়ৰ প্রবল প্রতাপী কংগ্রেছী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যি তীব্র নিন্দিত মন্তব্য কৰিছে, সেই মন্তব্য অসমৰ ৰাজনৈতিক ইতিহাসৰ সবাতকৈ নিকৃষ্ট আৰু কলংকিত মন্তব্য। ”

লগতে ভূঞাই কয়, “বৰ্তমান সময়ত চাকৰি কৰি থকা বেছিভাগ মহিলা/ যুৱতীয়েই তেতিয়াৰ কংগ্রেছৰ দিনত চাকৰি পোৱা। তেওঁলোকৰ চৰিত্ৰক লৈ হিমন্ত বিশ্ব শৰ্মাই সন্দেহ কৰিছে। কেৱল আৰু কেৱল ৰাজনৈতিক স্বাৰ্থত এগৰাকী মূখ্যমন্ত্রীয়ে  মহিলাৰ চৰিত্ৰক হনন কৰিছে, তেওঁলোকৰ আত্মসম্মানত উপৰ্যুপৰি আঘাত দিছে।”

মুখ্যমন্ত্ৰী এই বক্তব্যৰ পিছত মহিলাসকলৰ ন্যায়ৰ দাবীত হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী জনাইছে সাংসদ গৰাকীয়ে।

Related News