• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন সাংসদ অজিত কুমাৰ ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2025 7:15 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্রদান কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সাংঘাটিক ল’ৰা-ধেমালী কৰি থকা হৈছে।সন্দেহ নাই যে স্বয়ং মূখ্যমন্ত্রীয়েই এই তদন্তক বেবেৰিবাং কৰাত মূখ্য ভূমিকা পালন কৰি আছে। আজিৰ দিনত মূখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কথাই অতি তৰল আৰু যথেষ্ট লঘু। তেওঁৰ কথা শুনিলে এইটো নিশ্চিত হব পাৰি যে মূখ্যমন্ত্ৰীয়ে তদন্ত গভীৰতালৈ যোৱাটো একেবাৰেই নিবিচাৰে। যোৱা ২০ দিনত মূখ্যমন্ত্ৰীৰ কথাবোৰেই এই কথা প্ৰমাণ কৰিছে। এফালে অসমৰ ৰাইজে দিন- ৰাতি এক কৰি জুবিনৰ ন্যায়ৰ প্ৰশ্নত হাবাথুৰি খাই আছে আৰু আনফালে মূখ্যমন্ত্ৰীয়ে মূল কথাৰ পৰা যিমান পাৰি ফালৰি কাটিবলৈ চেষ্টা কৰিছে। এয়া যথেষ্ট দুর্ভাগ্যজনক আৰু প্ৰতাৰণামূলক। সেয়েহে এই পৰিস্থিতিত অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি সম্মান জনাই আমি কেইটামান কথা মূখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ।

Apply Now

সাংসদ ভূঞাই প্ৰশ্ন কৰে, “জুবিনৰ মৃত্যুৰ আঁৰৰ ৰহস্যক ফাদিল কৰিব পৰাকৈ তদন্ত কিয় সঠিক দিশত গতি কৰা নাই?‎ ”

তেওঁ দ্বিতীয়টো প্ৰশ্ন কৰি কয়, “বিভ্রান্তি সৃষ্টিৰ স্পষ্ট প্রয়াস দেখা পোৱা গৈছে। আৰক্ষীয়ে তদন্তৰ সময়ত আহৰণ কৰা বক্তব্য বা তথ্যসমূহ গোপনীয় হ’ব লাগে। কিন্তু সাক্ষীয়ে কৰা কিছু বিশেষ বক্তব্য অথবা তথ্য ফাদিল কৰা হৈছে। এইবোৰ কাৰ লাভৰ বাবে কৰা হৈছে?‎”

অজিত কুমাৰ ভূঞাৰ তৃতীয়টো প্ৰশ্ন হৈছে, “তদন্তকাৰী সংস্থাই অপৰাধৰ সৈতে কোনো সম্পর্ক নথকা কিছুমান বিষয় নিজৰ ইচ্ছা ভিত্তিত গ্ৰেপ্তাৰৰ ক্ষেত্ৰখনত সংলগ্ন কৰিছে| ই নিশ্চিতভাৱে আমাৰ প্ৰিয় গায়কজনৰ প্ৰতি ইচ্ছাকৃত অপমান। অতি দুর্ভাগ্যজনকভাবে তদন্তৰ নামত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰো প্ৰচেষ্টা চলোৱা হৈছে। এয়া কিয় কৰা হৈছে?‎”

সাংসদগৰাকীৰ চতুৰ্থটো প্ৰশ্ন হৈছে, “শ্যামকানু মহন্ত কেনেকৈ ইমান শক্তিশালী হ’ল আৰু শ্যামকানুৰ সৈতে মূখ্যমন্ত্ৰীৰ সম্পৰ্ক কেনেধৰণৰ সেই বিষয়ে যথার্থ ব্যাখ্যা কৰাত মূখ্যমন্ত্ৰী ব্যর্থ হৈছে। প্রকাশিত ফটোবোৰে স্পষ্টভাৱে দেখুৱাইছে যে শ্যামকানুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পর্ক। এই কথাও প্ৰমাণ হৈছে যে ৰাজ্যিক চৰকাৰৰ বিভাগসমূহে ‘ৰঙালী’ আৰু ‘নৰ্থ ইষ্ট ফেষ্টীভেল’ৰ নামত বিত্তীয় সাহায্য প্রদান কৰিছিল। মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতেই এই কাম হৈছিল। গতিকে এই সম্পর্কত সকলো কথা মূখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে। ”
সাংসদ ভূঞাই এই প্ৰশ্নসমূহ উত্থাপন কৰি কয়, “আমি উত্থাপন কৰা এই প্রশ্নসমূহ অসমৰ ৰাইজৰো প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ ৰাজহুৱা নোহোৱাকৈ জুবিন গার্গে ন্যায় পাব বুলি আমি বিশ্বাস নকৰো। বাৰে বাৰে সামঞ্জস্যহীন কিছুমান কথাৰে মূল বিষয়ৰ পৰা মূখ্যমন্ত্ৰীয়ে পলাই থকা কথাটো যথেষ্ট দৃষ্টিকটু হৈ পৰিছে। জুবিনৰ মৃত্যুৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। মূখ্যমন্ত্ৰীয়ে নিজৰ স্বভাবজাত ৰাজনীতিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ বিষয়টো লঘু কৰি মুল অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচৰা চিন্তাটো অসমৰ ৰাইজে কোনেপধ্যেই মানি নলয় বুলি সাংসদ ভূঞাই আজি সংবাদমেল যোগে সকীয়াই দিয়ে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd