‘ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ অৱস্থা চূড়ান্ত শোচনীয় হৈ পৰিছে’- ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্যত বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম অন্তিম স্থানত উপনীত হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতে এই অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছে।
এক সংবাদমেল যোগে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। তৃণমূল নেতাগৰাকীৰ মতে, ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসম দিনক দিনে বেয়াৰ ফালে গতি কৰিছে।
তেওঁ কয়, “দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন কৰিম বুলি আস্ফালন কৰি ফুৰা, ৰাজ্যত বিকাশৰ গংগা বৈছে বুলি বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসম দিনক দিনে বেয়াৰ ফালেহে গতি কৰিছে।”
“শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি বিনিয়োগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত অন্তিম স্থানত। আনহাতে বিজেপি চৰকাৰে বিৰাট ঢাক ঢোল বজাই ২০১৮ চনত এডভাণ্টেজ আছাম অনুষ্ঠিত কৰিছিল।”- তেওঁ লগতে কয়।
এডভাণ্টেজ আছামৰ পৰাও অসমে একো সুফল নাপালে বুলি দাবী কৰি দিলীপ কুমাৰ শৰ্মাই লগতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসমৰ স্থান একেবাৰে শেষত বুলিও দোহাৰে।
বিনিয়োগ বৃদ্ধিৰ বাবে কৰিবলগীয়া কামৰ পৰিৱৰ্তে বিহুৰ গীণিজ ৰেকৰ্ড স্থাপন আদি কামতহে সময় খৰচ কৰাটোক অগ্ৰাধিকাৰ দিয়াৰ বাবেই ৰাজ্যখনে সকলোৰে দৃষ্টিত হাঁহিয়াতৰ পাত্ৰহে হ’বলগা হৈছে বুলি শৰ্মাই বিজেপি চৰকাৰক কটাক্ষ কৰে।
“যদি বিনিয়োগ নহয়, উদ্যোগ স্থাপন নহয় তেন্তে সংস্থাপনৰ সুযোগ সৃষ্টি কেনেকৈ হ’ব আৰু সংস্থাপন নহ’লে মানুহৰ হাতলৈ ধন ক’ৰ পৰা আহিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে তৃণমূল নেতাগৰাকীয়ে।
তেওঁ লগতে কয়, “২০২২-২৩ বিত্তীয় বৰ্ষত বেংক সমূহে সমগ্ৰ দেশত ৫৪৭ টা প্ৰকল্পৰ বাবে ২,৬৬,৫৪৭ কোটি টকাৰ অনুমোদন দিছে। ইয়াৰ ভিতৰত অসমত বিনিয়োগ হৈছে মাত্ৰ ১৮৬৫.৮৩ কোটি টকা।”
বিত্তীয় প্ৰতিষ্ঠানৰ বিনিয়োগেই হওক বা বিদেশী বিনিয়োগেই হওক ইয়াৰ বৃদ্ধিৰ বাবে এখন চৰকাৰে নিজাববীয়াকৈ পৰিৱেশ সৃষ্টি কৰিব লাগে বুলি অসম চৰকাৰক সোঁৱৰাই দিয়ে শৰ্মাই।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাধীনতা দিৱসৰ ভাষণক কটাক্ষ কৰি তেওঁ কয়, “ভাষণত অসম ভাৰতৰ শিলৰ মুকুট হৈ উজলিব, অসমক এদিন বিশ্বই স্বীকৃতি দিব আদি কথাৰ ফুলজাৰি মাৰি সাময়িকভাৱে সফল যেন দেখুৱাবলৈ যত্ন কৰিলেও, নিৰ্দিষ্ট সময়ত ব্যৰ্থতাৰ ছবিখন এইদৰে ওলোৱাত আপুনি বাধা দিব নোৱাৰিব।”
অসম চৰকাৰে আজি ১,৩৭,০০০ টকাৰ ঋণ লৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কোনো উৎপাদনমুখী কামত এই ধন খৰচ কৰাৰ সলনি ভোট বেংক সৃষ্টিৰ লক্ষ্যৰে অৰুণোদয়ৰ হিতাধিকাৰীক ধন দিয়াতহে খৰচ কৰিছে বুলি চৰকাৰক সমালোচনা কৰে।
তৃণমূল নেতাগৰাকীৰ মতে, চৰকাৰৰ এনে কাৰ্যৰ ফলত জনতাৰ ওপৰত বোজা আহি পৰিছে আৰু জনতাই সেই বোজা বহন কৰাৰ অংশ হিচাপে সকলো ফালে মূল্যবৃদ্ধিৰ হেঁচাত পৰিবলগীয়া হৈছে।





