অসমৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াক লৈ শাসকীয় বিজেপিৰ বিৰুদ্ধে বিৰোধী শিবিৰ এতিয়া সৰৱ হৈ পৰিছে। অখিল গগৈৰ পাছত এইবাৰ প্ৰদেশ কংগ্ৰেছেও বিজেপিৰ বিৰুদ্ধে ভোটাৰ তালিকাৰ হেতালি খেলাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে অভিযোগ কৰে যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে এক অনলাইন বৈঠকৰ জৰিয়তে দলটোক সমৰ্থন নকৰা ভোটাৰৰ নাম নিৰ্বাচনী তালিকাৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গগৈয়ে কয় যে এয়া দেশৰ সাংবিধানিক অধিকাৰ আৰু গণতন্ত্ৰৰ ওপৰত এক প্ৰত্যক্ষ আক্ৰমণ। এই বিষয়ত নিৰ্বাচন আয়োগৰ মৌনতাক সমালোচনা কৰি তেওঁ ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ কথা সদৰী কৰে।
একেটা প্ৰসংগতে বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাই এখন সংবাদমেল যোগে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে। তেওঁলোকৰ মতে, অসমত চলি থকা বিশেষ সাৰাংশ সংশোধন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হৈছে, যিটো ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ বা কৰ্ণাটকৰ দৰে ৰাজ্যতো দেখা গৈছিল। ৰকিবুল হুছেইনে অভিযোগ কৰে যে এজন ব্যক্তিক একাধিক ভোটাৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ দি নিৰ্বাচন আয়োগে নিজৰে নিয়ম উলংঘা কৰিছে আৰু প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এক পৰিকল্পিত প্ৰচেষ্টা চলোৱা হৈছে। আনহাতে, ৰিপুণ বৰাই অভিযোগ কৰে যে ৰাজনৈতিক হেঁচাত বহু বুথ লেভেল অফিচাৰক সলনি কৰা হৈছে আৰু গুৱাহাটীৰ দিছপুৰৰ দৰে স্থানত ভোটাৰ তালিকাৰ পৰা সমগ্ৰ পৰিয়াল নিৰুদ্দেশ হোৱাৰ বিপৰীতে বহু অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমগ্ৰ বিতৰ্কৰ পাছত কংগ্ৰেছ দলে ৯ জানুৱাৰীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এক বিতং স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। লগতে বিজেপিৰ সেই বিতৰ্কিত অনলাইন বৈঠকৰ ভিডিঅ’ কনফাৰেন্সৰ ফৰেনছিক তদন্তৰ দাবী জনোৱাৰ লগতে এক বিৰোধী প্ৰতিনিধি দলে অতি শীঘ্ৰেই নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰিব বুলিও জানিব পৰা গৈছে।





