DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অক্টোবৰৰ মাজ ভাগত বিশ্ববাসীৰ বাবে উপলদ্ধ হ’ব কোভিড ভেকচিন : মাৰ্কিন সংস্থাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2020 2:22 pm
Nagaland-COVID19-1-1140x570
390
VIEWS
Share on FacebookShare on Twitter

অক্সফোৰ্ড আৰু ৰাছিয়াৰ কোভিড ভেকচিনৰ পিছত এইবাৰ বজাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোভিড ভেকচনি!

ভাৰতৰ চিৰাম আৰু ছুইডিছ আষ্ট্ৰাজেনাকাৰৰ অক্সফোৰ্ড ভেকচিনটো ভাৰতত তৃতীয় তথা অন্তিমটো ট্ৰায়েলৰ বাবে সাজু হৈ থকাৰ মাজতে ৰাছিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে কোভিড ভেকচিন আৱিষ্কাৰ কৰি উলিয়াইছে।

ৰাছিয়াই আৰু দাবী কৰিছিল যে সেই ভেকচিনটোৰ বাণিজ্যিকভাৱে উৎপাদনো আৰম্ভ কৰিছে।

তেনে সময়তে এইবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা সংস্থাই দাবী কৰিছে যে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা কোভিড ভেকচিন অহা অক্টোবৰ মাহৰ মাজ ভাগত বিশ্ববাসীৰ বাবে মুকলি কৰি দিয়া হ’ব!।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাৰ্কিন ভেকচিন ফাইজাৰ ইন্ছৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ ইতিমধ্যে সম্পন্ন হৈ গৈছে।

পৰীক্ষণত সামান্য পাৰ্শ্বক্ৰিয়া থাকিলেও ফাইজাৰৰ ভেকচিনটোৰ পৰীক্ষণ সফল হোৱা দাবী কৰিছে ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আলবাৰ্ট বুৰ্লাৰে।

আনহাতে মাৰ্কিন ভেকচিন প্ৰস্তুতকাৰী সংস্থা মৰ্ডানাই প্ৰস্তুত কৰা ফাইজাৰৰ ভেকচিনটোৰ তৃতীয় পৰ্যায় পৰীক্ষণ সম্পন্ন কৰা হ’ব ৩০ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত। আৰু এই পৰীক্ষণ সফল হ’লেই ফেইজাৰে অহা অক্টোবৰৰ মধ্য ভাগত ভেকচিনটো বিশ্ববাসীলৈ আগবঢ়াব।

ফাইজাৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ৰ পৰীক্ষণত ভেকচিনটোৱে পৰীক্ষণ কৰা স্বেচ্ছাসেৱকৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ এণ্টিব’ডী তৈয়াৰ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগেত জনায় যে অক্টোবৰৰ মাজ ভাগতে ভেকচিনটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সমস্ত প্ৰতিবেদন বিস্তাৰিত ৰূপত ৰেগুলেটৰী কমিটিত জমা দিয়া হ’ব।

মাৰ্কিন ভেকচিন প্ৰস্তুতকাৰী সংস্থা মৰ্ডানাই জাৰ্মান বায়’টেকনোলজী সংস্থা বায়’টেকৰ সৈতে ফাইজাৰৰ ভেকচিনটোৰ ডিজাইন কৰিছিল।

ফাইজাৰৰ দুই ড’জ ভেকচিনটোৰ বজাৰ মূল্য প্ৰায় ১ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে। ইফালে অক্সফোৰ্ডে তেওঁলোকৰ ভেকচিনটো ২২৫ টকাত দিয়া হ’ব বুলি জনাইছিল আৰু ভাৰতত আৰু ১০০ টকাৰ ৰেহাই দিয়া হ’ব পাৰে জানিব পৰা গৈছে!

Tags: COVID-19

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd