• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ নতুন ৰাজনৈতিক দল – ‘ককৰোচ জনতা পাৰ্টি’ : এৰাতিতে ১০ লাখতকৈও অধিক সদস্যৰ যোগদান, চামিল হ’ল তৃণমূলৰ দুই সাংসদো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 1:33 pm
1.9k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজনীতিত এক অতি আচৰিত আৰু অভিনব ঘটনা দেখিবলৈ পোৱা গৈছে। দেশত এটা নতুন ৰাজনৈতিক দলৰ জন্ম হৈছে, যাৰ নাম ৰখা হৈছে ককৰোচ জনতা পাৰ্টি, চমুকৈ চি জে পি। নিজকে এক ব্যংগাত্মক ৰাজনৈতিক গোট বুলি দাবী কৰা এই সংগঠনটোত ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ দুজন হাই প্ৰফাইল সাংসদেও যোগ দিছে। যদিও এইটো আক্ষৰিক অৰ্থত কোনো প্ৰকৃত ৰাজনৈতিক দল নহয়, তথাপি সুপ্ৰিম ক’ৰ্টৰ প্ৰধান ন্যায়াধীশ সূৰ্যকান্তৰ এটা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ কল্পেই এই গোটটোৰ সৃষ্টি কৰা হৈছে। আত্মপ্ৰকাশ কৰাৰ মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে এই সংগঠনটোত নাম অন্তৰ্ভুক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰ আৰু কীৰ্তি আজাদে।

এই আচৰিত সংগঠনটোৰ প্ৰতিষ্ঠাপক হৈছে আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিজিৎ ডিপকে। তেওঁ অতীতত আম আদমি পাৰ্টিৰ ছচিয়েল মিডিয়া টিমৰ সৈতেও জড়িত আছিল। ইতিমধ্যে এই ভাৰ্চুৱেল দলটোৰ সদস্য সংখ্যাই ৭০ হাজাৰৰ ঘৰ পাৰ কৰি গৈছে। কিছুদিন আগতে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই এটা গোচৰৰ শুনানি চলি থকাৰ সময়ত মন্তব্য কৰিছিল যে কৰ্মহীন বা নিবনুৱা যুৱক-যুৱতীসকলে ক’তো একো কৰিব নোৱাৰি সাংবাদিকতা, সমাজকৰ্মী বা আইনৰ দৰে বৃত্তিক আঁকোৱালি লয়। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ উঠে যে তেওঁ এই প্ৰসংগত নিবনুৱাসকলক পইতাচোৰা আৰু পৰজীৱীৰ সৈতে তুলনা কৰিছে।

Apply Now

প্ৰধান ন্যায়াধীশগৰাকীৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হয়। বিৰোধী শিবিৰৰ ৰাজনীতিবিদসকলে প্ৰশ্ন উত্থাপন কৰে যে শীৰ্ষ আদালতৰ সৰ্বোচ্চ আসনত বহি এনেধৰণৰ মন্তব্য কেনেকৈ কৰিব পাৰে। অৱশ্যে মুখ্য ন্যায়াধীশে পিছত স্পষ্টীকৰণ দি কয় যে এয়া তেওঁৰ এক মৌখিক পৰ্যবেক্ষণহে আছিল আৰু কথাষাৰৰ ভুল বাখ্যা কৰা হৈছে। কিন্তু এই স্পষ্টীকৰণৰ পিছতো বিতৰ্ক কমা নাই। ইয়াৰ প্ৰতিবাদত বহু মানুহে ৰাজপথলৈ ওলাই আহি নিজৰ গাত পইতাচোৰাৰ ছবি লগাই বিক্ষোভ প্ৰদৰ্শন কৰে আৰু এই পৰিস্থিতিৰ মাজতে হঠাতে জন্ম হয় ককৰোচ জনতা পাৰ্টিৰ।

ছচিয়েল মিডিয়াত এই অভিনৱ দলটোৰ সদস্য হোৱাৰ ইচ্ছা প্ৰকাশ কৰি কৃষ্ণনগৰৰ তৃণমূল সাংসদ মহুৱা মৈত্ৰই লিখিছিল যে তেওঁক ইতিমধ্যে দেশদ্ৰোহী পাৰ্টিৰ সদস্যপদ দিয়া হৈছে। ইয়াৰ প্ৰত্যুত্তৰত চি জে পিয়ে তেওঁক এগৰাকী যোদ্ধা আখ্যা দি দললৈ আদৰণি জনায়। আনহাতে তৃণমূলৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে এই দলত যোগ দিয়াৰ যোগ্যতা কি বুলি জানিব বিচৰাত দলটোৰ তৰফৰ পৰা ধেমেলীয়া উত্তৰ দি কোৱা হয় যে ১৯৮৩ চনৰ বিশ্বকাপ জয় কৰাৰ যোগ্যতাই তেওঁৰ বাবে যথেষ্ট।

নিজকে ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু এলেহুৱা দল হিচাপে দাবী কৰি ইতিমধ্যে চি জে পিয়ে ৫ দফীয়া এটা ইস্তাহাৰো প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে সুপ্ৰিম ক’ৰ্টৰ প্ৰধান ন্যায়াধীশসকলে অৱসৰৰ পিছত ৰাজ্যসভাৰ সাংসদ হ’ব নোৱাৰিব। সংসদৰ আসন সংখ্যা বৃদ্ধি নকৰাকৈয়ে মহিলাসকলক ৫০ শতাংশ সংৰক্ষণ দিব লাগিব। দল সলনি কৰা বিধায়ক আৰু সাংসদসকলে অতি কমেও ২০ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। চি বি এছ চি পৰীক্ষাত বহী পুনৰ মূল্যায়নৰ নামত ইচ্ছানুসৰি পইচা লোৱা বন্ধ কৰিব লাগিব আৰু নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কত পৰীক্ষাৰ্থীসকলৰ কাষত থিয় দিব লাগিব।

ককৰোচ জনতা পাৰ্টিৰ সদস্য হ’বলৈ হ’লে প্ৰাৰ্থীজন নিবনুৱা আৰু এলেহুৱা হ’ব লাগিব। ইয়াৰ লগতে ছচিয়েল মিডিয়াত ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাৰ আৰু পেছাদাৰীসকলৰ দৰে ক্ষোভ উজাৰি দিয়াৰ ক্ষমতা থাকিব লাগিব। যুৱ প্ৰজন্ম অৰ্থাৎ জেন জি প্ৰজন্মক আকৰ্ষণ কৰিবলৈ তেওঁলোকে অতি সোনকালে এটা বিশেষ সন্মিলন আহ্বান কৰাৰ কথাও পাতিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ২১০০ তকৈও অধিক ৰাজনৈতিক দল আছে, যাৰ ভিতৰত ৬ টা ৰাষ্ট্ৰীয় আৰু ৬০ টা আঞ্চলিক দল। বাকী ২০৪৯ টা দল পঞ্জীয়নভুক্ত হ’লেও স্বীকৃতিপ্ৰাপ্ত নহয়। এই সময়ত চি জে পিয়ে নিৰ্বাচন আয়োগৰ ওচৰত আনুষ্ঠানিকভাৱে ৰাজনৈতিক দল হিচাপে নাম পঞ্জীয়ন কৰিব নে এইয়া কেৱল এটা ডিজিটেল প্ৰতিবাদ হৈয়েই ৰৈ যাব সেয়া সময়েহে ক’ব, কিন্তু বৰ্তমানলৈকে যুৱসমাজৰ মাজত এই পইতাচোৰা বাহিনীয়ে যে ব্যাপক সঁহাৰি লাভ কৰিছে সেইয়া নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd