• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত কংগ্ৰেছৰ ভূমিকাক লৈ চিপিআই(এম)ৰ তীব্ৰ আপত্তি, মুখ্য ন্যায়াধীশলৈ চিঠি প্ৰেৰণৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 6:44 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত কাৰচুপি বা ভোট চুৰিৰ অভিযোগ তুলি বিৰোধী শিবিৰৰ ইণ্ডিয়া মিত্ৰজোঁটে এইবাৰ পোণপটীয়াভাৱে দেশৰ মুখ্য ন্যায়াধীশলৈ চিঠি প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰায় দুবছৰৰ মূৰত সোমবাৰে দিল্লীত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত দেশৰ ২৫ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, পিডিপি নেত্ৰী মেহবুবা মুফতি আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ দৰে আগশাৰীৰ নেতাসকলৰ উপস্থিতিত এই বৈঠক ৰাজনৈতিকভাৱে অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে জনায় যে এতিয়াৰে পৰা দীঘলীয়া বিৰতি লোৱা নহ’ব, বৰঞ্চ প্ৰতি দুমাহৰ মূৰে মূৰে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী বৈঠকখন হায়দৰাবাদত অনুষ্ঠিত কৰা হ’ব। দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ কেন্দ্ৰৰ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি খাৰ্গেয়ে দাবী কৰে যে দেশৰ ভয়াবহ অৰ্থনৈতিক অৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু কৃষকৰ সংকটৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰই অনতিপলমে সৰ্বদলীয় বৈঠক আহ্বান কৰিব লাগে। একে সময়তে নিট আৰু চিবিএছই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু দুৰ্নীতিৰ বাবে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বিপন্ন কৰাৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমগ্ৰ দেশজুৰি ধাৰাবাহিক আন্দোলন চলাই যোৱাৰো সিদ্ধান্ত লৈছে বিৰোধী মঞ্চই।

Apply Now

অৱশ্যে এই বৃহৎ বৈঠকৰ ঠিক আগতেই বিৰোধী মিত্ৰজোঁটৰ ভিতৰচৰাত থকা ফাঁট আৰু তীব্ৰ ক্ষোভৰ ছবিখনো পোহৰলৈ আহে। কংগ্ৰেছৰ ভূমিকাক লৈ চিপিআই(এম) দলে লিখিতভাৱে গুৰুতৰ আপত্তি দৰ্শাইছে। খাৰ্গেলৈ প্ৰেৰণ কৰা এখন চিঠিত চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বাস্তৱিকতে বিভিন্ন ৰাজ্যত হয়তো মিত্ৰ দলবোৰে ইটোৱে সিটোৰ বিৰুদ্ধে নিৰ্বাচন খেলিব পাৰে, কিন্তু কেৰালাত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে যিদৰে ধাৰাবাহিকভাৱে চিপিআই(এম)ক আক্ৰমণ কৰি আছে আৰু বিজেপিৰ সৈতে মিত্ৰতা থকাৰ কাল্পনিক অভিযোগ তুলিছে, সেয়া কেতিয়াও মানি ল’ব নোৱাৰি। কেৰালাৰ নিৰ্বাচনী প্ৰচাৰত স্বয়ং ৰাহুল গান্ধীয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে ইডিৰ তদন্তৰ দাবী তুলিছিল। চিপিআই(এম)ৰ স্পষ্ট মত হ’ল যে কংগ্ৰেছৰ এই দুমুখীয়া আচৰণৰ সঠিক উত্তৰ নাপালে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাসংগিকতাই প্ৰশ্নৰ সন্মুখীন হ’ব।

সেইদিনা বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত চিপিআই(এম)ৰ সাংসদ জন ব্ৰিটাসেও কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকৰ আপত্তিৰ কথা দোহাৰে। অৱশ্যে একে সময়তে কেন্দ্ৰৰ এনডিএ চৰকাৰৰনীতিক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে এই চৰকাৰে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিলৈ বিপৰ্যয় কঢ়িয়াই আনিছে। এটাৰ পিছত এটাকৈ সাংবিধানিক প্ৰতিষ্ঠানৰ ওপৰত বুলডজাৰ চলোৱা হৈছে, যাৰ ফলত প্ৰতিটো নিৰ্বাচনেই নিজৰ স্বচ্ছতা হেৰুৱাই পেলাইছে। বিজেপিয়ে কেৱল ক্ষমতাত টিকি থাকিব বিচৰাই নহয়, বৰঞ্চ বিৰোধীৰ ৰাজনৈতিক স্থানখিনিও জোৰকৈ দখল কৰিব বিচাৰিছে, যাৰ এক ডাঙৰ উদাহৰণ হৈছে পশ্চিমবঙ্গ। ব্ৰিটাসৰ মতে, এই স্বৈৰাচাৰী আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু জনসাধাৰণৰ ক্ষোভক সঠিক দিশলৈ নিবলৈ এই মুহূৰ্তত সকলো বিজেপি বিৰোধী দল একগোট হৈ আন্দোলনত নমাটো অতিশয় জৰুৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd