• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ সাম্প্ৰদায়িক ঘৃণাৰ বিৰুদ্ধে চিপিআই(এম)ৰ লতাশিল থানাত গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 8:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শাক-পাচলি, খাদ্য সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বাবে মুছলমান সম্প্ৰদায়ৰ মিঞাসকলক জগৰীয়া কৰাৰ উপৰি কেব-চালক, বাছ চালক আদিৰ কাম তেওঁলোকেই কুক্ষিগত কৰিছে আৰু উজনি অসমৰ যুৱকসকল ওলাই আহিলে এবছৰৰ ভিতৰতে মিঞাক খেদি পঠাব বুলি গুৱাহাটীত যোৱা ১৩ জুলাইৰ দিনা সংবাদ মাধ্যমৰ আগত কোৱাৰ মাজেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জঘন্য সাম্প্ৰদায়িক আৰু ঘৃণাসূচক কথা-বাৰ্তা প্ৰচাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আজি ১৭ জুলাইত গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে দাখিল কৰা এজাহাৰ খনত এআইইউডিএফৰ মূৰব্বী তথা সংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও একে অভিযোগ অনা হয়। তেওঁ অভিন্ন দেৱানী বিধি সন্দৰ্ভত মন্তব্য দিবলৈ গৈ যোৱা ১২ জুলাইত ধুবুৰীৰ এখন সভাত অনা-মুছলমান ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে অতি আপত্তিজনক বক্তব্য দাঙি ধৰে। পাৰ্টিয়ে সেয়ে দুয়োজনৰ বিৰুদ্ধে সুনিৰ্দিষ্ট অভিযোগসহ এজাহাৰ দাখিল কৰিছে। পাৰ্টিৰ এজাহাৰখনত ঘৃণাসূচক আৰু উচটনিমূলক বক্তব্য সন্দৰ্ভত যোৱা ২৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এটা আদেশৰ উদ্ধৃতি দি উল্লেখ কৰা হয় যে কোনো ব্যক্তিয়ে, তেওঁ যি সম্প্ৰদায়ৰে বা যিমান ক্ষমতাশালীয়েই নহওক কিয়, কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক বক্তব্য দাঙি ধৰিলে তেওঁৰ বিৰুদ্ধে ততালিকে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিব। কোনেও গোচৰ নতৰিলেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত স্পষ্টকৈ উল্লেখ আছে বুলি এজাহাৰত উনুকিয়াই দিয়া হয়। চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ হৈ লতাশিল থানাত দাখিল কৰা এজাহাৰত পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমানে যৌথভাৱে স্বাক্ষৰ কৰে। দুয়োজন নেতাৰ লগত থানালৈ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নয়ন ভূঞা আৰু নিৰংকুশ নাথো যায়।

লতাশিল থানাত এজাহাৰ দাখিলৰ পাছতে আজি আবেলি চিপিআই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদ-মেলৰ আয়োজন কৰি সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, পাৰ্টিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে যথোচিত আইনী প্ৰক্ৰিয়া ততালিকে আৰম্ভ নকৰিলে সেয়া হ’ব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অৱমাননা। ৰাজ্যত সংবিধান আৰু আইনৰ শাসন বৰ্তাই ৰখাৰ স্বাৰ্থতে আৰক্ষী প্ৰশাসনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ বদৰুদ্দন আজমলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ ঘৃণাসূচক সাম্প্ৰদায়িক মন্তব্যবোৰে অসমৰ কেৱল ৰাজনীতিকে কলুষিত কৰা নাই, সমাজ জীৱনলৈও বিপদৰ আগজাননী দিছে বুলি তালুকদাৰে কয়। সংবাদ-মেল সম্বোধন কৰি ইচফাকুৰ ৰহমানে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে ধৰ্মীয় মেৰু বিভাজনৰ বাবেই এইসকল নেতাই এনে জঘন্য মন্তব্য প্ৰকাশ কৰি আছে। মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলৰ মাজত গোপন বুজাবুজি হোৱাৰো সন্দেহ প্ৰকাশ কৰে ৰহমানে। সংবাদ-মেলত পাৰ্টিৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথো উপস্থিত থাকে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd