• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰং কৃষি প্ৰদৰ্শনীত উপস্থিত বিশেষজ্ঞৰ মতে বৰ্তমানৰ কৃষি এক উদ্যোগ

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , November 11, 2018 5:24 pm

2 min read

agri-model-750x375
254
VIEWS
Share on FacebookShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই কৈছে যে বৰ্তমানৰ কৃষিক্ষেত্ৰত প্ৰয়োগ হোৱা নানা আধুনিক প্ৰযুক্তিয়ে কৃষিখণ্ডক অতীতৰ কেবল ধান, শাক-পাচলি আদি খাদ্য উৎপাদন কৰা আওপুৰণি পদ্ধতিৰ পৰিৱৰ্তে এটা উদ্যোগলৈ ৰূপান্তৰিত কৰিছে।

শুকুৰবাৰে দৰং জিলাৰ মহলীয়াপাৰা গাঁৱত কৃষি বিজ্ঞানৰ স্নাতক অন্তিম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৪ মহীয়া ‘গ্ৰাম্য কৰ্ম অভিজ্ঞতা কাৰ্যসূচী’ৰ অন্তৰ্গত আয়োজন কৰা কৃষি প্ৰদৰ্শনী-২০১৮ত উপস্থিত থাকি এই মন্তব্য কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন গৰাকীয়ে।

ৰাজ্যখনৰ যুৱ সমাজে শেহতীয়া প্ৰযুক্তি প্ৰয়োগ কৰি বাণিজ্যিকভাৱে কৃষিকাৰ্যত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি ড০ ডেকাই কেন্দ্ৰীয় চৰকাৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। ড০ ডেকাই উল্লেখ কৰা আৰু যুৱ সমাজক আকৰ্ষণ কৰিব পৰা আঁচনিকেইখন মান হৈঠছে গ্ৰাম্য ঔদোগিক সজাগতা উন্নয়ন যোজনা (Rural Entrepreneurship Awareness Development Yojana চমুকৈ READY) আৰু কৃষি কাৰ্যলৈ যুৱসমাজক আকৰ্ষণ আৰু নিবিষ্ট ৰখা (Attracting and Retaining Youth in Agriculture চমুকৈ ARYA ) আঁচনি দুখন হৈছে অন্যতম।

ড০ ডেকাই কৈছে, ‘‘চৰকাৰে পৰ্যৱেক্ষণ কৰা অনুসৰি, কৃষকসকলৰ নতুন প্ৰজন্মই কৃষিৰ ফালে পিঠি দি অন্য বৃত্তিলৈকে আকৰ্ষিত হৈছে। নতুন প্ৰজন্মক পুনৰ কৃষিকাৰ্যলৈ আকৰ্ষিত কৰিবলৈ এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে।’’

তেওঁ আৰু কৈছে যে কৃষিকাৰ্যক আওপুৰণি পদ্ধতি বুলি ধৰি ল’ব নালাগে। আধুনিক কৃষিত হালবোৱা, কঠিয়া ৰোৱাৰ পৰা শস্য চপোৱালৈকে সকলোতে যন্ত্ৰৰ ব্যৱহাৰ হৈছে।

অসমৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱকে বেংক আৰু বহুজাতিক কোম্পানীৰ লোভনীয় দৰমহাৰ চাকৰি ত্যাগ কৰি কেনেদৰে ফাৰ্মিং আৰু কৃষিখণ্ডৰ সৈতে জড়িত কামত নিয়োজিত হৈ বছৰি ২কোটি টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ উদাহৰণ দাঙি ধৰে।

অনুষ্ঠানত বক্তব্য ৰাখি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সংহত কৃষিৰে অতি কমেও নেমু, জলকীয়া, অমিতা আদিৰ খেতিৰে নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ বাবে উপস্থিত ৰাইজক অনুৰোধ জনায়। বিধায়কগৰাকীয়ে ধ্ৰুবজ্যোতি শইকীয়া, মানৱ চলিহা, নীলম দত্ত, নৱনীতা বৰা আদি ৰাজ্যখনৰ প্ৰগতিশীল আৰু সফল কৃষকসকলৰ উদাহৰণ ডাঙি ধৰে আৰু তেওঁলোকক আদৰ্শব্যক্তি হিচাপে মানি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

Recent News

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ আকস্মিক দেহাৱসান

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd