• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ যুৱকক এলাগী কৰি ষ্টেট বেংক, গ্ৰামীণ বিকাশ বেংকত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰোধিতা ডিৱাইএফআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 6:47 pm
109
VIEWS
Share on FacebookShare on Twitter

অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি ভাৰতীয় ষ্টেট বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ বৃহৎ সংখ্যক খালী পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এয়া কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমসহ উত্তৰপূৰ্বাঞ্চলৰ প্ৰতি কৰা চৰম প্ৰতাৰণা বুলি আখ্যা দিছে। যোৱা ২৮ অক্টোবৰ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ দাবী কৰি সংগঠনটোৱে প্ৰধান মন্ত্ৰীলৈ এই বিষয়ত স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল।

ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী চাৰ্কোলৰ ৬০০ টা তৃতীয় বৰ্গৰ পদৰ যোৱা এটা বছৰত ৩৬০ টা পদত অৰ্থাৎ ৬০% পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক ২০২৩-২৪ বৰ্ষত নিযুক্তি দিছে। একেদৰে অসম গ্ৰামীণ বিকাশ বেংকত ২০২৩ বৰ্ষত ১৪৮ টা পদৰ বিপৰীতে ৪২ জন বহিঃৰাজ্যৰ আৰু ২০২৪ বৰ্ষত ২৭৫ টা পদৰ বিপৰীতে ৭৭ টা পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিছে।

ৰাজ্যৰ ১২ হাজাৰ খালী পদত ৩২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে আৱেদন কৰাৰ সময়তে এয়া অসম তথা উত্তৰপুবৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি ডাবল ইঞ্জিন চৰকাৰৰ ডাঙৰ অন্যায় আৰু প্ৰতাৰণা বুলি আখ্যা দি এই বিষয়ত মুখ্যমন্ত্ৰীয়ে মৌন হৈ থকাটো ৰহস্যজনক বুলি ডি ৱাই এফ আইয়ে মন্তব্য কৰিছে। এফালে প্ৰধান মন্ত্ৰীয়ে ডিঙিত গামোচা লৈ অসম প্ৰেমৰ বাৰ্তা দিব খুজিছে আনফালে অসমৰ নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীৰ বাবে চাকৰি বৰপীৰা মুকলি কৰি দিছে।

ষ্টেট বেংকৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা গুৱাহাটী চাৰ্কোলৰ ৬০০টা তৃতীয় বৰ্গৰ পদত নিযুক্তি দিয়া বহিঃৰাজ্যৰ প্ৰাৰ্থীসকলে ইতিমধ্যে চাকৰিত যোগদান কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ এই প্ৰাৰ্থীসকলক ২০২৩-২৪ বৰ্ষত ভাৰতীয় ষ্টেট বেংকে অসমকে ধৰি অৰুণাচল, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন শাখাত মকৰল কৰিছে। ছশটা পদৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, দিল্লী, ঝাৰখণ্ড আদি ৰাজ্যৰ ৩৬০ গৰাকী প্রার্থীক ষ্টেট বেংকে ‘জুনিয়ৰ এছ’চিয়েট’ হিচাপে নিযুক্তি দিছে।

সততে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আবেগিক ভাষণ দিয়া বিজেপি দলৰ আচল ৰূপ ইয়াতেই ওলাই পৰিছে।

অকল এয়াই নহয় কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায়বোৰ বিভাগতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে ভৰি পৰিছে। এপিএছচিত অসমৰ বিষয়ে নজনা প্ৰাৰ্থীয়ে স্থান পাইছে। ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকতাৰ চাকৰিত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে স্থান পাইছে।

ডিৱাইএফ আইয়ে দাবী কৰিছে বেংক, এলআইচি, পোষ্টেল, ৰে’ল, তৈল ক্ষেত্ৰকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ৰাজ্যৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে আৰু স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰি স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd