• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ যুৱকক এলাগী কৰি ষ্টেট বেংক, গ্ৰামীণ বিকাশ বেংকত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰোধিতা ডিৱাইএফআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 6:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি ভাৰতীয় ষ্টেট বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ বৃহৎ সংখ্যক খালী পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এয়া কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমসহ উত্তৰপূৰ্বাঞ্চলৰ প্ৰতি কৰা চৰম প্ৰতাৰণা বুলি আখ্যা দিছে। যোৱা ২৮ অক্টোবৰ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ দাবী কৰি সংগঠনটোৱে প্ৰধান মন্ত্ৰীলৈ এই বিষয়ত স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল।

ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী চাৰ্কোলৰ ৬০০ টা তৃতীয় বৰ্গৰ পদৰ যোৱা এটা বছৰত ৩৬০ টা পদত অৰ্থাৎ ৬০% পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক ২০২৩-২৪ বৰ্ষত নিযুক্তি দিছে। একেদৰে অসম গ্ৰামীণ বিকাশ বেংকত ২০২৩ বৰ্ষত ১৪৮ টা পদৰ বিপৰীতে ৪২ জন বহিঃৰাজ্যৰ আৰু ২০২৪ বৰ্ষত ২৭৫ টা পদৰ বিপৰীতে ৭৭ টা পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিছে।

Apply Now

ৰাজ্যৰ ১২ হাজাৰ খালী পদত ৩২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে আৱেদন কৰাৰ সময়তে এয়া অসম তথা উত্তৰপুবৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি ডাবল ইঞ্জিন চৰকাৰৰ ডাঙৰ অন্যায় আৰু প্ৰতাৰণা বুলি আখ্যা দি এই বিষয়ত মুখ্যমন্ত্ৰীয়ে মৌন হৈ থকাটো ৰহস্যজনক বুলি ডি ৱাই এফ আইয়ে মন্তব্য কৰিছে। এফালে প্ৰধান মন্ত্ৰীয়ে ডিঙিত গামোচা লৈ অসম প্ৰেমৰ বাৰ্তা দিব খুজিছে আনফালে অসমৰ নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীৰ বাবে চাকৰি বৰপীৰা মুকলি কৰি দিছে।

ষ্টেট বেংকৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি লোৱা গুৱাহাটী চাৰ্কোলৰ ৬০০টা তৃতীয় বৰ্গৰ পদত নিযুক্তি দিয়া বহিঃৰাজ্যৰ প্ৰাৰ্থীসকলে ইতিমধ্যে চাকৰিত যোগদান কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ এই প্ৰাৰ্থীসকলক ২০২৩-২৪ বৰ্ষত ভাৰতীয় ষ্টেট বেংকে অসমকে ধৰি অৰুণাচল, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাৰ বিভিন্ন শাখাত মকৰল কৰিছে। ছশটা পদৰ ভিতৰত পশ্চিমবংগ, বিহাৰ, দিল্লী, ঝাৰখণ্ড আদি ৰাজ্যৰ ৩৬০ গৰাকী প্রার্থীক ষ্টেট বেংকে ‘জুনিয়ৰ এছ’চিয়েট’ হিচাপে নিযুক্তি দিছে।

সততে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আবেগিক ভাষণ দিয়া বিজেপি দলৰ আচল ৰূপ ইয়াতেই ওলাই পৰিছে।

অকল এয়াই নহয় কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায়বোৰ বিভাগতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে ভৰি পৰিছে। এপিএছচিত অসমৰ বিষয়ে নজনা প্ৰাৰ্থীয়ে স্থান পাইছে। ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকতাৰ চাকৰিত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে স্থান পাইছে।

ডিৱাইএফ আইয়ে দাবী কৰিছে বেংক, এলআইচি, পোষ্টেল, ৰে’ল, তৈল ক্ষেত্ৰকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো প্ৰতিষ্ঠানৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ৰাজ্যৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে আৰু স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰি স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd