ৰাজস্থানৰ যোধপুৰত এটা পাক হিন্দু শৰণাৰ্থীৰ পৰিয়ালৰ ১০ গৰাকী সদস্যসহ ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে বিষাক্ত গেছৰ প্ৰভাৱত। মৃতসকলৰ মাজত পাঁচটি শিশুও আছে।
এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে যোধপুৰৰ দেচু আৰক্ষী থানাৰ অন্তৰ্গত লড়তা গাঁৱত।
স্থানীয় আৰক্ষীৰ মতে ঘৰৰ কাষত জমা থকা বিষাক্ত গেছৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ ফলতে লোকসকলৰ মৃত্যু ঘটিছে।
কৃষিভূমিত ব্যৱহাৰ কৰিবলৈ জমা কৰি ৰখা কীটনাশকৰ পৰা এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে পৰিয়ালটোৰ এজন লোক নিশা ঘৰৰ বাহৰিত থকাৰ বাবে প্ৰাণৰক্ষা পৰিছে।
উক্ত হিন্দু পৰিয়ালটো ২০১২ চনতে পাকিস্তানৰ সিন্ধু প্ৰদেশ ত্যাগ কৰি ৰাজস্থানৰ যোধুপুৰৰ উক্ত গাঁওখনত থিতাপি লৈ কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰি আহিছিল।
ইতিমধ্যে পৰিয়লাটোৱে ভাৰতীয় নাগৰিকত্বৰ লাভৰ বাবেও প্ৰস্তুতি চলাই আছিল।
উক্ত ঘটনাত এগৰাকী তৰুণীৰো মৃত্যু হৈছে। তৰুণীগৰাকী ৰাখীবন্ধৰ সময়তে পৰিয়ালটোৰ গৃহলৈ আহিছিল।
গাঁওবাসীয়ে দাবী কৰিছে যে উক্ত তৰুণী গৰাকীয়ে পৰিয়ালৰ সকলো সদস্যকে বিষ পাণ কৰোৱাই হত্যা কৰাৰ লগতে নিজেও বিষ পাণ কৰি আত্মহত্যা কৰিছে।
কিন্তু আৰক্ষীয়ে পৰিয়ালটোৰ ঘৰৰ কাষত পৰা কীটনাশক গেছৰ দুৰ্গন্ধ লাভ কৰি উক্ত গেছৰ প্ৰভাৱত লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে।
মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতে কেনেকৈ ১১ গৰাকীকৈ লোকৰ মৃত্যু হ’ল সেয়া জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।