• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিও ঘোষণা নহ’ল ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘লাট মণ্ডল’ৰ পৰীক্ষাৰ ফলাফল, নিৰাশ প্ৰাৰ্থী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 2, 2021 8:52 pm
jarip
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰি ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস দিছে। কিন্তু একে সময়তে চৰকাৰৰ এটা বিভাগৰ হেমাহিৰ বাবে চাকৰিৰ আবেদনৰ যোগ্যতা লাভৰ পৰা বঞ্চিত হৈ আছে বহু যুৱক-যুৱতী। অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।

ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনৰ জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰই প্ৰাৰ্থীৰ প্ৰশিক্ষণৰ পাছত বিগত ৯ মাহ ধৰি ফলাফল ঘোষণা তথা প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ বাবে এতিয়া বিমোৰত পৰিছে প্ৰাৰ্থীসকল। বিগত ২০২০ চনৰ ৬ অক্টোবৰতে ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিং (কাউন্সিল বেটছ), ২০১৯-২০২০’ সাধাৰণ অৰ্থত ‘লাট মণ্ডল’ৰ প্ৰশিক্ষণ তথা পৰীক্ষা সমাপ্ত হৈছিল।

Apply Now

মূলতঃ বি টি আৰ আৰু ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদীয় অঞ্চলৰ প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণত মুঠ ৯৯ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ ফলাফল ঘোষণা কৰা নাই বিভাগ তথা প্ৰশিক্ষণ কেন্দ্ৰটোৱে। যাৰ বাবে বিগত কেইমাহমানত অসমৰ বিভিন্ন জিলাত লাট মণ্ডলৰ খালী পদ পুৰণৰ বাবে প্ৰক্ৰিয়া চলিছে যদিও তাত আবেদনৰ পৰা বঞ্চিত হৈছে এইসকল প্ৰাৰ্থী।

ইপিনে গুৱাহাটীৰ দক্ষিণগাঁওস্থিত জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ হেমহিৰ বাবেই ২০১৯-২০২০ বৰ্ষৰ ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিঙ ৰ এই ফলাফল প্ৰকাশ পোৱা নাই বুলি অভিযোগ কৰিছে একাংশ প্ৰাৰ্থীয়ে।

এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি এগৰাকী প্ৰাৰ্থীয়ে নৰ্থ-ইষ্ট নাওক কয়, ‘জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষই ইচ্ছাকৃতভাবেই এই ফলাফল প্ৰকাশ নকৰাকৈ এইদৰে ৰখাই থৈছে। আমি তেওঁক কেইবাবাৰো অনুৰোধ জনাইছিলো যদিও তেওঁ কোনো গুৰুত্ব দিয়া নাই। আনকি কিছুদিন পূৰ্বে বিভিন্ন স্থানৰ পৰা আহি গোট খোৱা ভালেসংখ্যক প্ৰাৰ্থীয়ে অধ্যক্ষক লগ কৰি বিষয়টো সন্দৰ্ভত জানিব বিচাৰিছিলো, কিন্তু তেওঁ আমাক লগ কৰাৰ সুযোগ দিয়াৰ পৰা বিৰত থাকিল।’

আন কেইবাগৰাকীও প্ৰাৰ্থীয়ে আমাক জনায় যে যোৱা মাহকেইটাত লখিমপুৰ, ধেমাজী, যোৰহাট, বৰপেটা, মৰিগাঁওকে আদি কেইবাখনো জিলাৰ সৰ্বমুঠ প্ৰায় ১০০ টা লাট মণ্ডলৰ পদ পুৰণৰ বাবে আবেদন বিচৰা হৈছিল যদিও তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ নথকাৰ বাবে এই আবেদন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

ইপিনে এই ফলাফল প্ৰকাশ নকৰা সন্দৰ্ভত ভূমি অভিলেখ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক ৰণবীৰ বৰাৰ সৈতে যোগাযোগ কৰাত তেওঁ বিষয়টো সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে।  অতিৰিক্ত সঞ্চালকগৰাকীয়ে কয়, ‘এতিয়ালৈ‘ৰেক’ৰ্ডাৰ্চ চাৰ্টিফিকেট ক্লাছ ক’ৰ্চ ট্ৰেইনিং (কাউন্সিল বেটছ), ২০১৯-২০২০’ ৰ ফলাফলৰ তথ্য আমাৰ ওচৰলৈ অহা নাই।

জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষই প্ৰাৰ্থীসকলৰ ফলাফল যুগুত কৰে আৰু ‘কাউন্টাৰ চিগনেচাৰ’ৰ বাবে ভূমি অভিলেখ সঞ্চালকৰ ওচৰলৈ পঠিয়াব লাগে। কিন্তু কেন্দ্ৰৰ অধ্যক্ষৰ ফালৰ পৰা এই ফলাফলৰ তথ্য এতিয়ালৈ সঞ্চালকালয়লৈ অহা নাই।’

নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা ‘জৰীপ আৰু বন্দৱস্তী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ সৈতে ফোনযোগে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় যদিও তেওঁ আমাৰ ফোন কল ৰিচিভ কৰা নাই।

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত বিজেপি চৰকাৰে দিয়া ১ লাখ নিবনুৱাৰ চাকৰিৰ আশ্বাসে বহুতৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে নিবনুৱা বঞ্চিত হ’বলগীয়া কথা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।

গতিকে এই বিষয়টো বিভাগীয় মন্ত্ৰী তথা বিভাগটোৰ শীৰ্ষ বিষয়াসকলে কিধৰণেৰে গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd