শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰতীয় খাদ্য নিগম চমুকৈ এফ চি আইত সংঘটিত হোৱা এক ভয়ংকৰ অনিয়মৰ তথ্য। ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী টাকনকাটাস্থিতি ভাৰতীয় খাদ্য নিগমত ২৬ আগষ্টত অবৈধভাৱে খাদ্য নিগমৰ চাউল সৰবৰাই হোৱাৰ অভিযোগত উত্থাপিত হৈছে।
খবৰ অনুসৰি এনেদৰে ট্ৰাকখনত অবৈধভাবে চাউল সৰবৰাহ কৰাৰ খবৰ লাভ কৰি ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক মালিক সন্থাই এখন ট্ৰাক জব্দ কৰি কলাইগাঁও আৰক্ষী থানাত গতাই দিয়ে।
ট্ৰাক মালিক সন্থাই কলাইগাঁও থানাত দাখিল কৰা এজাহাৰ অনুসৰি খাদ্য ভাণ্ডৰৰ কৰ্তৃপক্ষই দৈপাম জি গি এছ এছৰ বিপৰীতে বিভাগীয়ভাৱে আৱণ্টিত 8৩৬.৪৪ কুইণ্টল চাউল অনলাইনযোগে অন্তৰ্ভুক্ত কৰাৰ উপৰি নিয়ম অনুসৰি খাদ্য ভাণ্ডাৰৰ চৌহদৰ নিৰাপত্তা গেটত অন্তৰ্ভুক্ত কৰি চাৰিখন ট্ৰাকত মোকলাই দিয়াৰ বিপৰীতে একেখন সমবায়ক নিয়ম বৰ্হিভূতভাবে অনলাইন অন্তৰ্ভুক্ত নকৰাকৈ টোকেন অবিহনে এ এছ ০১, ইচি ৪৮৭৭ নম্বৰৰ ট্রাকখনত অতিৰিক্ত ১৯৫ টা বস্তাত ৯৬.৮১৯ কুইণ্টল চাউলো খাদ্য ভাণ্ডাৰৰ পৰা মোকলাই দিয়ে।
উল্লেখ্য যে এইদৰে অবৈধভাবে চাউল সৰবৰাহ কৰাৰ উমান লাভ কৰি ট্ৰাকখনৰ নথি-পত্ৰ পৰীক্ষা কৰে। ট্ৰাক মালিক সন্থাই এইদৰে নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতেই ট্ৰাকখনে অবৈধভাবে চাউল সৰবৰাহ কৰিব খোজা কথাটো স্পষ্ট হৈ পৰে।
জানিব পৰা মতে, চৰকাৰী বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে এফ আৰ কে চাউলহে আৱন্টন দিয়া হয়। কিন্তু উক্ত ট্ৰাকখনত এফ আৰ কে চাউলৰ সলনি চি এম আৰ চাউলহে কঢ়িয়াই নিবলৈ চেষ্টা কৰা হৈছিল।
উত্থাপি হোৱা আটাইতকৈ ভয়ংকৰ অভিযোগটো হৈছে যে – এই অনিয়ম ভাৰতীয় খাদ্য নিগমৰ খাদ্য ভাণ্ডাৰ প্ৰৱন্ধক হিমাংশু শেখৰৰ নেতৃত্বতে সংঘটিত হৈছে। অভিযোগ অনুসৰি, এনেদৰে দীৰ্ঘদিন ধৰি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি হিমাংশু শেখৰ নামৰ বিষয়াগৰাকীয়ে দৰিদ্ৰ ৰাইজৰ মুখৰ চাউল কাঢ়ি নিজৰ পকেট গৰম কৰি আহিছে।
ইফালে ট্ৰাক মালিক সন্থাৰ আন এক অভিযোগ মতে খাদ্য নিগমৰ চৌহদত প্ৰতিখন চাউল বোজাই কৰা ট্ৰাকৰ ওজন জোখাৰ বাবে ট্ৰাক মালিকে ভৰিবলগা হয় ১০০ টকাকৈ। এই বিষয়টোৰ সন্দৰ্ভতো তদন্ত বিচাৰিছে ভাৰতীয় খাদ্য নিগমৰ ট্ৰাক মালিক সন্থাৰ লগতে কৰ্মচাৰীসকলে।