• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 4, 2025 10:37 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান, ভূমিস্খলন আৰু অন্যান্য দুৰ্যোগ সংক্ৰান্তীয় দুৰ্ঘটনাৰ ফলত এই লোকসকলৰ মৃত্যু হোৱা বুলি বিষয়াসকলে সদৰী কৰিছে। মঙলবাৰেও অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকলৰ লগতে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাকো ফোন কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বান পৰিস্থিতিৰ বুজ লয় আৰু বান বিপদৰ সৈতে মোকাবিলা কৰাৰ লগতে সাহায্য আৰু পুনৰ্বাসনৰ প্ৰচেষ্টাত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকলে জনোৱা মতে, ২৯ মে’ৰ পৰা অব্যাহত থকা বৰষুণ আৰু বানপানীৰ সময়ত মৃত্যু হোৱা ৪৪ জনৰ ভিতৰত অসমৰ পৰা কমেও ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ ১২ জন, মেঘালয়ত ৬ জন, মিজোৰামৰ ৫ জন, ত্ৰিপুৰাত ২ জন আৰু নাগালেণ্ড আৰু মণিপুৰত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
অসমত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি ২১খন জিলাত ৬.৩৩ লাখৰো অধিক লোক বানপানী আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এএছডিএমএৰ প্ৰতিবেদনত কোৱা হৈছে যে ২১খন জিলাৰ ১৫০৬খন গাঁৱৰ ১৪,৭৩৯ হেক্টৰতকৈ অধিক শস্যৰ মাটি ক্ষতিগ্ৰস্ত হৈছে। অসমৰ বহু ঠাইত বিপদ সীমাৰ ওপৰেৰে বৈ আছে প্ৰবল ব্ৰহ্মপুত্ৰ আৰু আন ছখন নদী। অৰুণাচল প্ৰদেশৰ মুঠ ২৬খন জিলাৰ ২৩খন জিলাৰ ১৫৬খন গাঁৱত ১০০০ৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়াগৰাকীয়ে কয় যে নিম্ন সুবনশিৰি জিলাৰ যথেষ্ট ক্ষতি হৈছে, প্ৰায় ১৭০টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত ৫০টাতকৈও অধিক পথ, ১৬টা বিদ্যুৎ পৰিবাহী লাইন, ২৫টা পানী যোগান লাইন আৰু দুখন বিদ্যালয়ৰ ক্ষতিসাধনকে ধৰি কেইবাটাও আন্তঃগাঁথনিৰ ক্ষতিও হোৱা বুলিও তেওঁ উল্লেখ কৰে।


ইটানগৰ ৰাজধানী অঞ্চল (আইচিআৰ) আৰু পাক্কে কেছাঙতো ব্যাপক ধ্বংসলীলাৰ বাতৰি পোৱা গৈছে, য’ত আইচিআৰৰ মূল পানী পাইপলাইন আৰু দাৰিয়া পাহাৰৰ পথৰ দৰে মূল সম্পত্তি গুৰুতৰভাৱে প্ৰভাৱিত হৈছে।


যোৱা ১০ দিনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মিজোৰামত ভূমিস্খলন, ঘৰ ভাঙি যোৱা আৰু অন্যান্য দুৰ্যোগত ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু পুনৰ্বাসন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানপানীৰ ফলত ঘৰ আৰু দেৱাল ভাঙি যোৱাৰ ফলত চম্পাই জিলাত তিনিজন ম্যানমাৰৰ শৰণাৰ্থী আৰু আইজল আৰু চেৰছিপ জিলাত এজনকৈ শৰণাৰ্থীৰ মৃত্যু হয়। বিগত ১০ দিনত পাহাৰীয়া ৰাজ্যখনৰ কেইবাখনো জিলাত ৫৫২টা ভূমিস্খলন সংঘটিত হোৱাৰ বিপৰীতে একে সময়ছোৱাত বৰষুণৰ ফলত ১৫২টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে। মুঠ ১১খন জিলাৰ ভিতৰত ম্যানমাৰৰ সীমান্তৱৰ্তী পূব মিজোৰামৰ চম্পাই জিলাত বৰষুণৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি হৈছে বুলি জানিব পৰা গৈছে।

Apply Now
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd