• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোপীনাথ বৰদলৈ ৰোডৰ উৰণীয়া সেতু সম্প্ৰসাৰণত আদালতৰ আদেশ উলংঘাক গৰিহণা গুৱাহাটীৰ সচেতন নাগৰিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 5:29 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে গুৱাহাটীৰ সচেতন নাগৰিকে। পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক উলংঘা কৰি গোপীনাথ বৰদলৈ উৰণীয়া সেতু (নুনমাটি-দীঘলীপুখুৰী ফ্লাইঅভাৰ) সন্দিকৈ ছোৱালী মহাবিদ্যালয় তিনিআলিলৈকে সম্প্ৰসাৰণ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি সংবাদ মাধ্যমক সম্বোধন কৰে নাগৰিক সকলে। গুৱাহাটীৰ সচেতন নাগৰিকক প্ৰতিনিধিত্ব কৰি এই সংবাদমেল সম্বোধন কৰে অ’ কে ডি ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক ড০ ইন্দ্ৰাণী দত্ত, জ্যেষ্ঠ সাংবাদিক মহেশ ডেকা আৰু সমাজকৰ্মী সংগীতা দাসে সংবাদমেল খন সম্বোধিত কৰে।

সংবাদমেলত তেওঁলোকে কেইবাটাও মূল বিষয় উত্থাপ কৰে।

Apply Now

১/ উৰণীয়া সেতু আৰ্হিৰ ক্ষেত্ৰত আদালতৰ আদেশ উলংঘা

অসম চৰকাৰে ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰী অঞ্চলত গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। এই আবেদনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল য’ত উল্লেখ কৰা হৈছিল যে উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱন পইণ্টত শেষ হ’ব আৰু সেই অঞ্চলৰ এডালো গছৰ কোনো ক্ষতি নহয়। শপতনামাৰ প্ৰাসংগিক অংশত তলত দিয়া ধৰণে উল্লেখ কৰা হৈছিল:

“The deponent states that matter was taken up at the highest level and accordingly, on 5.11.2024 the Hon’ble Chief Minister, Assam has announced about realignment of the proposed Flyover without affecting the two sides of Dighalipukhuri pond and the trees standing therein. As per the proposal, the design of the Flyover has been modified and now one side of the bridge will start from Lamb road point at GNB Road and the other side will start at GNB Road near Rabindra Bhawan point resulting both the banks of the Dighalipukhuri and trees will not be affected in any manner whatsoever. The realignment of the flyover has been decided, and, necessary survey and preparatory works are going on for the new design and the same is not yet finalized. It is pertinent to reiterate in most categorical terms that not a single tree on the bank of Dighalipukhuri will be affected under the modified design of alignment of the proposed Flyover in question.”

কিন্তু যোৱা ২৪ ছেপ্টেম্বৰত আমি গম পালোঁ যে প্ৰশাসনে দীঘলীপুখুৰীৰ প্ৰৱেশপথৰ সমীপত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। পিছদিনা ঠাইখনলৈ যোৱাৰ লগে লগে আমি দেখিলোঁ যে ডিভাইডাৰৰ কাষৰ তিনিজোপা পুৰঠ গছ উভালি ৰবীন্দ্ৰ ভৱনৰ ওচৰত পেলাই দিয়া হৈছে। উল্লেখযোগ্য যে, চৰকাৰে এই নিৰ্মাণ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাঁচ দিন পাছতে আৰম্ভ কৰে। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোক স্তব্ধ হৈ থকাৰ সময়তে, চৰকাৰে সংগোপনে এই নিৰ্মাণকাৰ্য আৰম্ভ কৰে।

ইয়াৰ পিছত আমি অসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়াসকলক লগ কৰি জানিব পাৰিলো যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা ৭০ মিটাৰ আগলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু আমি যেতিয়া ফ্লাইঅভাৰ খনৰ নতুন নক্সা লাভ কৰিলো, তেতিয়া নিশ্চিত হ’লো যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয় তিনিআলিলৈকে (জিলা পুথিভৰালৰ প্ৰৱেশ পথৰ সমীপলৈ) সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এয়া চৰকাৰে দেখদেখকৈ আদালতত দাখিল কৰা শপতনামাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে।

উৰণীয়া সেতুখন এইদৰে সম্প্ৰসাৰণৰ ফলত দীঘলীপুখুৰীৰ মূল প্ৰৱেশপথৰ সন্মুখত থকা ডিভাইডাৰৰ ওপৰৰ ১০ ডালতকৈও অধিক পৈণত গছ কাটিব লাগিব আৰু ৰাজ্যিক সংগ্ৰহালয় আৰু জিলা পুথিভঁৰালৰ প্ৰৱেশদ্বাৰৰ মাজৰ অংশটোত থকা গছবোৰ ডাল-পাত বেয়াকৈ কাটিব লাগিব।

ইতিমধ্যে আমি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে আদালতৰ হস্তক্ষেপ বিচাৰি পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো।

সেয়ে আমি গোচৰৰ পৰৱৰ্তী শুনানী নোহোৱালৈকে এইদৰে অকৰ্তৃত্বশীল ভাৱে আৰম্ভ কৰা নিৰ্মাণ কাৰ্য শীঘ্ৰে স্থগিত ৰখাৰ দাবী জনাইছো। আমি অনুভৱ কৰিছো ৰাজহুৱা প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ পূৰ্বে দীঘলীপুখুৰীৰ মূল প্ৰৱেশপথৰ ওচৰৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টাত চৰকাৰ উঠি-পৰি লাগিছে।

আমি পুনৰ দোহাৰিছো যে আদালতত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে যিধৰণে উৰণীয়া সেতুঁখনৰ ৰবীন্দ্ৰ ভৱনৰ পৰা আগলৈ সম্প্ৰসাৰণৰ কাম হাতত লৈছে, সেয়া শীঘ্ৰে বাতিল কৰক।

২/ আমি কিয় এই সম্প্ৰসাৰণৰ বিৰোধিতা কৰো?

ক. উৰণীয়া সেতুখনৰ প্ৰস্তাৱিত সম্প্ৰসাৰণে গুৱাহাটীৰ আটাইতকৈ পুৰণি এই অঞ্চলটোৰ ঐতিহ্য আৰু পৰিৱেশৰ অপূৰণীয় ক্ষতি কৰিব, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ঐতিহাসিক দীঘলীপুখুৰী আৰু ইয়াৰ মূল প্ৰৱেশদ্বাৰত।

খ. ইয়াৰ ফলত মূলপথটোৰ পৰা দীঘলীপুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব।

গ. এই সম্প্ৰসাৰণে দীঘলীপুখুৰীৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব। বিশেষকৈ তাত থকা চৰাইবোৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব।

৩/ স্থানান্তৰিত গছৰ বৰ্তমান অৱস্থা

আমি উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৭৭ জোপা গছৰ স্থানান্তৰ সম্পৰ্কেও আন এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিলোঁ। মূলতঃ জি এন বি ৰোডৰ কাষৰ এই শতিকা পুৰণি গছবোৰ স্থানান্তৰৰ নামত উভালি লাচিত ঘাট (মাছখোৱা) আৰু অসম টেক্সটাইল ইনষ্টিটিউট চৌহদলৈ স্থানান্তৰ কৰা হয়।

অসম চৰকাৰে স্থানান্তৰিত গছবোৰ বাচি আছে বুলি দাবী কৰিলেও বাস্তৱিক সত্য একেবাৰে বেলেগ। প্ৰায় আধাসংখ্যক গছ ইতিমধ্যে শুকাই যোৱা দেখা গৈছে আৰু কেইদালমান গছ ইতিমধ্যে মৰি গৈছে। আনহাতে, কেইদাল মান গছত সেউজীয়া পাত ওলাইছে যদিও বিশেষজ্ঞৰ মতে, সেই গছকেইদাল যে জীয়াই থাকিব তাক এতিয়াই নিশ্চয়তা দিব পৰা নাযায়। বিশেষজ্ঞৰ মতে এনে স্থানান্তৰিত গছৰ কমেও তিনি বছৰলৈকে পাত ওলাই থাকিলেহে গছবোৰ জীয়াই থাকিব বুলি নিশ্চিত হ’ব পৰা যায়।

সেয়ে আমি দাবী জনাইছো যে চৰকাৰে এই ৭৭ জোপা গছৰ যিকেইদাল এতিয়াও জীয়াই থকাৰ লক্ষণ দেখা গৈছে, সেই গছকেইদাল বচাবলৈ পদক্ষেপ ল’ব নে মৰিবলৈ এৰি দিব, সেইটো স্পষ্ট কৰক।

৪/ আমাৰ এই সংগ্ৰাম অসমৰ পৰিৱেশ ৰক্ষাৰ এক বৃহত্তৰ আন্দোলনৰ অংশ

আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰো সপোন আছিল এখন সেউজ, সুস্থ অসমৰ। প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি আছিল তেওঁৰ নিভাজ প্ৰেম। সেয়ে গছ ৰক্ষাৰ বাবে মাত মাতিছিল, বন্যপ্ৰাণী উদ্ধাৰ কৰি আপডাল কৰিছিল। আৰু আমাৰ চিন্তাও শিল্পীজনৰ চিন্তাৰ ব্যতিক্ৰম নহয়।

যোৱা এটা বছৰত চৰকাৰে আমি চলাই থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদক বাধা দি, নাগৰিকক আটক কৰি প্ৰতিবাদৰ পথ ৰুদ্ধ কৰিব চেষ্টা কৰিছে, আৰু আমাৰ দাবীৰ প্ৰতি চৰকাৰে কোনো সন্মান প্ৰদৰ্শন কৰা নাই।

যদি এই প্ৰকল্পসমূহ সঁচা অৰ্থত ৰাইজৰ বাবে হয়, তেন্তে চৰকাৰে ৰাইজৰ ইচ্ছাক সন্মান কৰিব লাগিব।

সেউজীয়া আৱৰণ ধ্বংস কৰা, আমাৰ বায়ু প্ৰদূষিত কৰা, উষ্ণতা বৃদ্ধি কৰা উন্নয়নক প্ৰগতি বুলি ক’ব নোৱাৰি।

গুৱাহাটীৰ পৰিৱেশ আৰু ঐতিহ্যৰ লগত আপোচ কৰা সকলোধৰণৰ উৰণীয়া সেতু বা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি আমাৰ বিৰোধিতা পুনৰবাৰ দৃঢ়ভাৱে প্ৰকাশ কৰিছো।

৫/ আমাৰ আগন্তুক পৰিকল্পনা

জুবিন গাৰ্গৰ সত্তাটোৰ প্ৰতি সন্মান জনাই আমি তেখেতৰ জন্মদিনটো পৰিৱেশ দিৱস হিচাপে পালন কৰিম:

১৭ নৱেম্বৰ: দীঘলীপুখুৰীৰ ওচৰত সমবেত হৈ সংগীত, গীত, কবিতা পাঠৰ জৰিয়তে তেখেতৰ পৰিৱেশৰ প্ৰতি থকা চিন্তাক উদযাপন কৰা হ’ব।

১৮ নৱেম্বৰ: তেওঁৰ জন্মদিন উপলক্ষে আমি আমবাৰী-দীঘলীপুখুৰী অঞ্চলত গছপুলি ৰোপণ কৰিম আৰু ‘গছৰ দিন’ হিচাপে উদযাপন কৰিম।

গুৱাহাটীৰ নাগৰিক সকলে তেওঁলোকৰ দাবীসমূহ এইদৰে উত্থাপন কৰে –

১/ ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয় তিনিআলিলৈকে উৰণীয়া সেতুৰ যি সম্প্ৰসাৰণৰ কাম হাতত লোৱা হৈছে, সেয়া তাৎক্ষণিকভাৱে বন্ধ কৰক।

২/ আদালতত দাখিল কৰা শপতনামাৰ বিৰুদ্ধে গৈ কিয় উৰণীয়া সেতুৰ নক্সা সলনি কৰা হ’ল ৰাইজৰ আগত তাৰ ব্যাখ্যা আগবঢ়াওক।

৩/ স্থানান্তৰিত গছসমূহ জীয়াই ৰখাৰ বাবে যত্ন লওক আৰু ইয়াৰ বাবে এক বিশেষ কৰ্ম আঁচনি প্ৰস্তুত কৰক।

৪/ জনমতৰ প্ৰতি সন্মান জনাওক আৰু সমগ্ৰ প্ৰকল্পটোৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd