• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোপীনাথ বৰদলৈ পথৰ উৰণীয়া সেঁতু দীঘলীপুখুৰীলৈকে সম্প্ৰসাৰণৰ বিৰোধিতা ‎গুৱাহাটীৰ সচেতন নাগৰিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2025 5:33 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্মীয়মান নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণীয়া সেঁতু কামৰূপ জিলা পুথিভঁৰাললৈকে ‎সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে গুৱাহাটীৰ সচেতন নাগৰিক সমাজে। ‎

চৰকাৰৰ এই সিদ্ধান্তই ঐতিহাসিক দীঘলীপুখুৰীৰ লগতে অঞ্চলটোৰ ঐতিহ্য আৰু জৈৱ-‎বৈচিত্ৰৰ অপূৰণীয় ক্ষতি কৰিব বুলি উল্লেখ কৰি লোক-নিৰ্মাণ বিভাগ তথা অসম চৰকাৰৰ ‎ওচৰত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে সংগঠনটোৱে।

Apply Now

পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ত লোক-নিৰ্মাণ বিভাগে দাখিল কৰা ‎শপতনামাত উৰণীয়া সেঁতুখন ৰবীন্দ্ৰ ভৱনৰ ওচৰতে সমাপ্ত কৰা হ’ব আৰু ‎দীঘলীপুখুৰীৰ আশে-পাশে থকা কোনো গছ-গছনিৰ ক্ষতি কৰা নহ’ব বুলি আশ্বাস দিয়া ‎হৈছিল। কিন্তু এতিয়া ওলোটা খৰ মাৰি এই উৰণীয়া সেঁতুখন জিলা পুথিভঁৰাললৈকে ‎সম্প্ৰসাৰণ কৰাৰ যো-জা চলোৱা দেখা গৈছে।

শেহতীয়াকৈ লোক-নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা গৰাকীৰ সৈতে হোৱা এক বৈঠকৰ ‎পৰা সচেতন নাগৰিক সমাজৰ প্ৰতিনিধি দল নিশ্চিত হৈছিল যে চৰকাৰে বিতৰ্কিত ‎উৰণীয়া সেঁতুখনৰ পূৰ্বৰ নক্সাৰ সামান্য হে পৰিৱৰ্তন কৰিছে।

ইয়াৰ উপৰিও বিভাগটোৱে দীঘলীপুখুৰীৰ সন্মুখৰ ডিভাইডাৰৰ পৰা কেইজোপামান গছ ‎ইতিমধ্যে উঘালি পেলাইছে। লগতে ৰাজ্যিক সংগ্ৰহালয়ৰ সমুখৰো কেইজোপামান গছৰ ডাল-‎পাত কাটি দিয়াৰ পৰিকল্পনা কৰিছে। আনহাতে, উৰণীয়া সেঁতুখন জিলা পুথিভঁৰাললৈ সম্প্ৰসাৰিত কৰাৰ ‎বাবে নতুনকৈ ১০ জোপাতকৈও অধিক কটাৰ প্ৰয়োজন হ’ব। এই গছ সমূহৰ এজোপা বা দুজোপা কাটিলেও ‎পৰিৱেশৰ ওপৰত সাংঘাতিক প্ৰভাৱ পৰিব। কিয়নো শতিকা পুৰণি এই গছ সমূহে গোটেই অঞ্চলটোৰ শ শ চৰাই-‎চিৰিকটি আৰু পৰিৱেশটোক সুৰক্ষা দি আহিছে।

গুৱাহাটী সচেতন নাগৰিক সমাজৰ এগৰাকী আহ্বায়কে কয় যে চৰকাৰে লোৱা সিদ্ধান্ত ‎পৰিৱেশৰ ক্ষতিৰ লগতে ন্যায়ালয়ত দিয়া প্ৰতিশ্ৰুতিও ভংগ কৰিছে। জিলা পুথিভঁৰাললৈ উৰণীয়া ‎সেঁতুখন সম্প্ৰসাৰণ কৰিলে আদালতৰ আগত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ভংগ হোৱাই ‎নহয়, পোনপটীয়াকৈ দীঘলীপুখুৰীৰ ঐতিহ্যৰ ক্ষতি হোৱাৰ লগতে অতিৰিক্ত গছ কটাৰো ‎প্ৰয়োজন হ’ব।

উল্লেখ্য যে উৰণীয়া সেঁতুখনৰ সম্প্ৰসাৰণে দীঘলীপুখুৰীৰ সৌন্দৰ্য আৰু ঐতিহ্যৰ প্ৰতি ‎ভাবুকি কঢ়িয়াই আনিছে। এই সম্প্ৰসাৰণে দীঘলীপুখুৰী এলেকাটো অধিগ্ৰহণ কৰাৰ ‎লগতে স্থানীয় জৈৱ বৈচিত্ৰ্যক বিঘ্নিত কৰিব। কেৱল এয়াই নহয়, এই উৰণীয়া সেঁতুৰ ‎ফলত দীঘলীপুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোক ঢাকি ‎ধৰিব, যাৰ ফলত আঁতৰৰ পৰা প্ৰতিমূৰ্তিটোৰ দৰ্শন পোৱা অসম্ভৱ হৈ পৰিব। ‎দীঘলীপুখুৰী মূল প্ৰৱেশদ্বাৰতো এই সেঁতুখনৰ প্ৰভাৱ পৰিব। ইতিমধ্যেই চৰকাৰে ‎দীঘলীপুখুৰীলৈকে উৰণীয়া সেঁতুখন সম্প্ৰসাৰণ কৰাৰ কাম আৰম্ভ কৰিছে।

উল্লেখ্য যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বাৰম্বাৰ এই উৰণীয়া সেঁতু তথা ‎দীঘলীপুখুৰী-আমবাৰী অঞ্চলৰ গছ-গছনি কটাৰ বিৰোধিতা কৰিছিল। সেই সময়ত ‎গুৱাহাটী সচেতন নাগৰিক সমাজে কৰা প্ৰতিবাদতো ভাগ লৈছিল জুবিন গাৰ্গে। কিন্তু ‎জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ৰাইজ ম্ৰিয়মান হৈ থকাৰ সুযোগ লৈ শিল্পীগৰাকী মৃত্যুৰ ৬ দিনৰ পিছতেই ‎দীঘলীপুখুৰীৰ পাৰলৈকে উৰণীয়া সেঁতুখন আগবঢ়াই নিয়াৰ কাম আৰম্ভ কৰে। এই কাৰ্যই জুবিন গাৰ্গক ‎চূড়ান্ত অপমান কৰিছে বুলি মন্তব্য কৰিছে গুৱাহাটী সচেতন নাগৰিক সমাজে।

সেয়েহে, উৰণীয়া সেঁতুখনৰ এই সম্প্ৰসাৰণ শীঘ্ৰে প্ৰত্যাহাৰ কৰি অঞ্চলটোৰ পৰিৱেশ ‎আৰু দীঘলীপুখুৰীৰ ঐতিহ্য ৰক্ষা কৰিবলৈ দাবী জনাইছে গুৱাহাটী সচেতন নাগৰিক ‎সমাজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd