অচিনাক্ত দুৰ্বৃত্তৰ গুলীয়ে শৰীৰ ভেদিলে ডি এইচ্ছ ডিৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ প্ৰণৱ নুনিচাৰ

Pranab Nunisa

আঘাতপ্ৰাপ্ত প্ৰণৱ নুনিচা চিকিৎসাধীন অৱস্থাত। ফটো : ভিভিয়ান লংকি ৰংপী।

ডি এইচ্ছ ডিৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ প্ৰণৱ নুনিচালৈ আজি কোনো দুৰ্বৃত্তই গুলীচালনা কৰাত প্ৰাক্তন উগ্ৰপন্থীজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰামতে, কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা ৬ কিলোমিটাৰ আঁতৰৰ নাহৰবাৰী নামৰ ঠাইখনত ধনশিৰিৰ নাগালেণ্ড সীমান্তত এই ঘটনাটো সংঘটিত হয়। ঘটনাৰ সময়ত প্ৰণৱ নুনিচা নিজৰ বুলেট মটৰচাইকেলেৰে ডিফুৰ দিশত আহি আছিল। দুপৰীয়া ১২ বজাত এই ঘটনাটো ঘটে।

“মই ডিফুলৈ মোৰ ৰয়েল এনফিল্ডখনেৰে আহি থাকোতে নাহৰবাৰীত মোক গুলীয়ায়।” এইদৰে কয় আঘাতপ্ৰাপ্ত প্ৰণৱ নুনিচাই। তেওঁ আক্ৰমণকাৰীক চিনাক্ত কৰিব নোৱাৰিলে বুলিও জানিবলৈ দিয়ে।

বুকুত গুলীৰ আঘাত লগা প্ৰণৱ নুনিচাক প্ৰথমে ডিফু অসামৰিক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সম্প্ৰতি নুনিচাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ অনা হৈছে।

আনহাতে আৰক্ষীৰ সূত্ৰই জনোৱামতে, আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা মটৰচাইকেলখন ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা এটা চুক্তিৰ ভিত্তিত কাৰ্বি পাহাৰৰ সশস্ত্ৰ বিদ্ৰোহী গোট ডিমা হালাম ডাওগাহ বা চমুকৈ ডি এইচ্ছ ডিয়ে ২০১৩ৰ ১ জানুৱাৰিত অস্ত্ৰ সম্বৰণ কৰিছিল।