ভূপেন হাজৰিকা মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীত সংগ্ৰহালয় উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰী সমাধিক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে সুধাকণ্ঠ গৰাকীৰ মৃত্যু তিথি উদযাপন কৰা হয়।

এই উপলেক্ষ আয়োজিত অনুষ্ঠানটো শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ভূপেন হাজৰিকা স্মৃতি বিজড়িত সংগ্ৰহালয়টো উদ্বোধন কৰে।

সংগ্ৰহালয়টিত সুধাকণ্ঠ গৰাকীৰ সাজ-পোছাক, সুধাকণ্ঠ গৰাকীয়ে ব্যৱহাৰ কৰা সা-সামগ্ৰী, আপুৰুগীয়া আলোকচিত্ৰ, বিভিন্ন বঁটা তথা অমৰ সৃষ্টিৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোতে সাংবাদিকৰ আগত সুধাকণ্ঠ গৰাকীৰ কাজিৰঙা আৰু কলকাতাস্থিত বাসগৃহ সংৰক্ষণ কৰা হ’ব বুলি মন্তব্য কৰে।

তাৰোপৰি সমাধিক্ষেত্ৰতে মুখ্য মন্ত্ৰী গৰাকীয়ে ধলা-শদিয়া দলঙৰ কাষত সমন্বয়ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। আৰু এই সমন্বয়ক্ষেত্ৰত উত্তৰ-পূবৰ সকলো সংস্কৃতি সংৰক্ষণ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ভূপেন হাজৰিকাক সুঁৱৰি যুৱ প্ৰজন্মক ‘সংঘাতৰ নহয়, সমন্বয় বাৰ্তা দিয়ক ছচিয়েল মিডিয়াত।’ বুলি আহ্বান জনায়।

লগতে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিসমূহ চিৰযুগমীয়া কৰি ৰখাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ নতুন প্ৰজন্মক আহ্বান জনায়।