• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰে দুৰ্নীতিৰ বাট মুকলি কৰিবলৈ প্ৰবাসী ভাৰতীয়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে

চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত ১০% প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণক লৈ প্ৰশ্ন আম আদমি পাৰ্টীৰ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2023 3:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্ত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে প্ৰতিবাদ কৰে। চৰকাৰী তথ্য মতে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা অসমত এম বি বি এছ পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা হ’ব ১৫ শ খন আৰু ইয়াৰে ১৫০ খন আসন এন আৰ আইৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা এক অসমবিৰোধী সিদ্ধান্ত। যি সময়ত অসমত চিকিৎসকৰ অভাৱ, সেই সময়ত এন আৰ আইৰ বাবে আসন সংৰক্ষণ এক ভুল সিদ্ধান্ত। কাৰণ এই শিক্ষাৰ্থীসকলে শিক্ষা সমাপ্ত কৰাৰ পাছত অসমতে যে সেৱা আগ বঢ়াব তাৰ কোনো নিশ্চয়তা নাই। 

তদুপৰি এন আৰ আইৰ সংৰক্ষিত আসনৰ অধীনত ‘নীট’ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা অথচ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তিৰ সুৰুঙা থাকি যাব। যি কাৰ্যই মেধাৱী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিব। পূৰ্বেও অসমৰ মেডিকেল কলেজকেইখনত সীমিত সংখ্যক আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল। সেই আসনসমূহত ৰাজনৈতিক নেতা, আমোলা বা ধনাঢ্য লোকৰ সন্তানক বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তি কৰোৱাৰ অভিযোগ উঠিছিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ‘শিক্ষাৰ বেপাৰ’ৰ পৰিসৰ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বৃদ্ধি কৰি ল’লে।

Apply Now

আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়। যি সময়ত এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। 

উল্লেখ যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে। মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে। যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd