গুৱাহাটীৰ লতাশিলৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰণৰ বিৰুদ্ধে গৰজি উঠিছে গুৱাহাটীৰ অধিবক্তা সমাজ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আজিৰে পৰা তিনিদিনীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে গুৱাহাটীৰ অধিবক্তা সকলে।
পুৰণি উচ্চ ন্যায়ালয় ভৱনৰ সন্মুখত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰতিদিনে ছয় ঘণ্টাকৈ এই অনশন চলিব। শেহতীয়াকৈ অধিবক্তা সন্থাৰ এক জৰুৰী সভাত লোৱা সিদ্ধান্ত মৰ্মে এই আন্দোলন গঢ়ি তোলা হৈছে আৰু ইয়াৰ নেতৃত্ব দিছে অধিবক্তাসন্থাৰ সভাপতি কমল নাৰয়ণ চৌধুৰীয়ে।
উল্লেখ্য যে ৰাজ্য চৰকাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰায় ৪২.৫ একৰ মাটিত এক বিশাল ন্যায়িক চহৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা ১১ জানুৱাৰীত ভাৰতৰ মুখ্য ন্যায়াধীশ অহাৰ কথা আছে। কিন্তু অধিবক্তা সন্থাই এই আধাৰশিলা স্থাপন অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।
সন্থাই প্ৰকাশ কৰা মতে এই অনশন হৈছে স্থানান্তৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে তেওঁলোকৰ এক শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদ। পূৰ্বতেও গণভোট আৰু বিভিন্ন আলোচনাৰ জৰিয়তে অধিবক্তাসকলে বৰ্তমানৰ স্থানৰ পৰা ন্যায়ালয়খন আঁতৰাই নিয়াৰ বিৰোধিতা কৰি আহিছে।
চৰকাৰৰ ফালৰ পৰা যোৱা নৱেম্বৰ মাহত এই ন্যায়িক চহৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ বাবে ৪৭৯ কোটি টকা অনুমোদন জনোৱা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নয়নৰ স্বাৰ্থত বৰ্তমান উচ্চ ন্যায়ালয় থকা ঠাইখিনি ব্যৱহাৰ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
অধিবক্তা সন্থাই দাবী কৰিছে যে ন্যায়ালয়খন স্থানান্তৰ কৰিলে উকীল আৰু মক্কেলসকলৰ যথেষ্ট অসুবিধা হ’ব। সেয়েহে তেওঁলোকে অহা ১০ আৰু ১২ জানুৱাৰীটো এই প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে সকলো সদস্যকে আধাৰশিলা স্থাপন অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।





