• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ ভিতৰত অসমতহে কোভিডৰ টেষ্টিঙৰ পৰা চিকিৎসা-খাদ্যলৈ বিনামূলীয়া; মন্ত্রী হিমন্তৰ দাবী

গুৱাহাটীত হ'ব আনলক-১; কোভিড টেষ্ট কৰাব লাগিব দোকানৰ মালিক-কৰ্মচাৰী, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 16, 2020 6:28 pm

2 min read

WhatsApp Image 2020-07-16 at 5.55.15 PM

জনতা ভৱনত বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

6.2k
VIEWS
Share on FacebookShare on Twitter

“দেশৰ সকলো ৰাজ্যৰ ভিতৰত অসমতহে কোভিডৰ টেষ্টিঙৰ পৰা চিকিৎসা-খাদ্যলৈ বিনামূলীয়া কৰা হৈছে।”  জনতা ভৱনত বৃহস্পতিবাৰে সম্বোধন কৰা সংবাদমেলত এই দাবী কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ জনোৱা অনুসৰি কোভিড ৰোগীক চিকিৎসা কৰাৰ বাবদ কোনো ৰাজ্যলৈকে কেন্দ্ৰৰ পৰা এক টকাও বৰ্তমানলৈকে অহা নাই।

সেয়েহে অন্য ৰাজ্য সমূহত কেৱল টেষ্ট কৰালে প্ৰায় ৪৫০০ টকা লয় বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তই।

হিমন্তৰ মতে, “আনকি খাদ্যবস্তু কিনি খাব লাগে, হস্পিতালৰ সকলো চিকিৎসাৰ খৰচ বহন কৰিব লাগে। আমাৰ অসমতহে কোভিড ৰোগীৰ ক্ষেত্ৰত খাদ্যৰ পৰা চিকিৎসালৈকে সকলো খৰচ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বহন কৰিছে।”

ইপিনে, গুৱাহাটীত অহা সপ্তাহৰ পৰা আনলক-১ হ’ব বুলি ইংগিত দি তেওঁ লগতে কয়, “সকলো দোকানৰ মালিক-কৰ্মচাৰীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী সকলো কৰ্মচাৰীয়ে কোভিড টেষ্ট কৰাব লাগিব।”

তেওঁ আৰু কয়, “গুৱাহাটীত ১ লাখ ১০ হাজাৰ টেষ্ট সম্পূৰ্ণ হৈছে। গুৱাহাটীত ৩লাখ কৰ’না টেষ্ট সম্পন্ন কৰা হব। দুমাহলৈকে যি যি কৰ্মচাৰীয়ে বা শ্ৰমিক বা দোকানৰ মালিকে টেষ্ট কৰালে তেওঁলোকে টেষ্ট কৰোৱাৰ প্ৰয়োজন নাই।”

আগষ্টৰ শেষৰ ভাগলৈ গুৱাহাটীত কিছু পৰিমাণে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব বুলি সংবাদমেলত সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি, আগন্তুক ১৫দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্চিংহোমত কোভিড টেষ্ট কৰোৱা যন্ত্ৰ ক্ৰয় কৰি অনাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই লগতে কয়, “এতিয়ালৈকে সকলো নাৰ্চিং হোমৰ কৰ্মচাৰীক চৰকাৰীভাৱে টেষ্টিং  কৰি আছে। কিন্তু আগন্তুক সময়ত কৰ্মচাৰীসকলে যাতে তিনি দিনৰ মূৰে মূৰে কৰ্মস্থলীতেই টেষ্ট কৰিব পাৰে তাৰ ব্যৱস্থা ল’ব লাগিব।”

ইপিনে, বৰ্তমান ৰোগীসকলৰ খোৱা-বোৱা বাবদ প্ৰতিদিনে ৫০০টকাকৈ ব্যয় কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ কোনো এখন ৰাজ্যতে ৰোগীৰ নামত এনেকৈ ব্যয় কৰা নাই।

তদুপৰি, এতিয়াৰে পৰা ৬৫ বছৰৰ উৰ্দ্ধৰ কোভিড আক্ৰান্তৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীক প্ৰতিদিনে ১০০টকাৰ ফলমূল প্ৰদান কৰা হ’ব বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd