• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী উত্তাপে ম্লান পেলাইছে নেকি হেঁপাহৰ ৰঙালী বিহুৰ উলাহ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 14, 2019 11:58 am
b2c79fcb-861b-472f-935d-0e020c0426b5

ফটো উৎস : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুৰ বতৰ এয়া, লগে লগে ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। বাপতি সাহোন ৰঙালী বিহুটি অহাৰ লগে লগে অসমীয়াৰ মনত আনন্দৰ সীমাহীন জোৱাৰ উঠে।

ঠিক সেইদৰে নিৰ্বাচনৰ সময়তো ভোটাৰ ৰাইজ আৰু জন-প্ৰতিনিধিসকলৰ মনত ব্যাপক উৎসাহ আৰু ব্যস্ততা। ভোটাৰৰ মন জয় কৰিবলৈ ব্যস্ত জন-প্ৰতিনিধিসকল আৰু ভাল জন প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ ৰাইজৰ মাজত উৎকন্ঠা।

Apply Now

আজি গৰু বিহু। সেয়েহে গৰু নুওৱা-ধুওৱাত ব্যস্ত ৰাজ্যবাসী। তিনিদিন পাছতেই ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। স্বাভাৱিকতে প্ৰশ্ন হয় নিৰ্বাচনৰ যি ধাম খুমীয়া সেই ধাম-খুমীয়াত পৰি বাপতিসাহন ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনা ম্লান পৰিছে নেকি?

নিৰ্বাচনী বতৰত জন-প্ৰতিনিধি আৰু তেওঁলোকৰ সমৰ্থকসকল ওতঃ-প্ৰোতঃভাৱে জড়িত থাকি ব্যস্ত হৈ পৰা বাবে কিছু পৰিমাণে তেওঁলোকৰ বাবে হয়তো ম্লান পৰিছে ৰঙালীৰ ৰঙ-আনন্দ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাইজৰ কাষ চপাৰ চেষ্টাত ব্যস্ত হৈ পৰিছে তেওঁলোক।

আন কিছুসংখ্যক জন-প্ৰতিনিধিয়ে ৰঙালীৰ বতৰতে লৈছে এক সুবৰ্ণ সুযোগ। বিহুৰ বতৰত নৃত্য-গীতৰ মাধ্যমেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে এওঁলোকে।

নিৰ্বাচনৰ গৰম বতাহে বিহুৰ উন্মাদনা হ্ৰাস কৰিছে নেকি? এই সম্পৰ্কত আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে কথা পাতিছিলো। ভিন্নজনে বিভিন্ন ধৰণে মত ব্যক্ত কৰিছিল আমাৰ আগত।

এই সন্দৰ্ভত মহানগৰীৰ লিচু বাগানৰ দীপাঞ্জলি শৰ্মাই আমাৰ আগত কয়, ‘‘নিৰ্বাচনৰ মাজতে ৰঙালী বিহুটো হোৱা বাবে উৎসাহ-উদ্দীপনা কমাইছে ৰাইজৰ মাজত। মানুহবোৰে বিহুটোতকৈ বেছি গুৰুত্ব নিৰ্বাচনত দিছে। সেইবাবে বজাৰতো গ্ৰাহকৰ ভিৰ কম হৈছে। বিহু মেলা সমূহতো দৰ্শকৰ ভিৰ কম হৈছে।‘‘

মহানগৰীৰে চান্দমাৰি অঞ্চলৰ কল্যাণ চেতিয়া নামৰ এজন যুৱকে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘নিৰ্বাচনী বতাহৰ মাজত এইবাৰ কিছুপৰিমাণে বিহুৰ মাদকতা কমিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত নিৰ্বাচনৰ বাবে জনসাধাৰণৰ মাজত হ্ৰাস পাইছে বিহুৰ মাদকতা। বিহুমেলা সমূহত আগৰ কেইবছৰ বহুসংখ্যক মানুহ হয়। কিন্তু এইবছৰ অলপ কম হৈছে।‘’

উপৰোক্ত দুয়োগৰাকীৰ বিপৰীতে জনসাধাৰণৰ মনত বিহুৰ উৎসাহ-উদ্দীপনা ম্লান পৰা কথাটো একে আষাৰে মানি ল’ব নিবিচাৰে আন কিছুসংখ্যকে।

নগাওঁৰ বৰবাৰীৰ এগৰাকী যুৱতী কৃষ্টিপ্ৰিয়া গগৈয়ে আমাৰ আগত কয়, ‘’বিহুৰ উৎসাহ উদ্দীপনা কেতিয়াও নকমে। নিৰ্বাচনী বতাহ ঠায়ে ঠায়ে লাগিছে। আমাৰ নিচিনা গাঁৱলীয়া অঞ্চলসমূহত নিৰ্বাচনী বতাহে বাপতি সাহোন ৰঙালী বিহুটো ম্লান কৰিব নোৱাৰে। মোদীয়ো যদি অসমলৈ আহিলহেঁতেন আজিৰ দিনটোত বিহুটোকহে জনসাধাৰণে গুৰুত্ব দিব।‘’

আনহাতে, শিৱসাগৰৰ অনুপম পাঠক নামৰ আন এগৰাকী জ্যেষ্ঠ নাগৰিকৰ সৈতেও এই সন্দৰ্ভত কথা পাতিছিল আমাৰ সাংবাদিকে।

তেওঁ কয়, ‘’মানুহবিলাক কিছু পৰিমাণে ৰাজনৈতিকভাৱে ব্যস্ত হৈ পৰিছে। বিহুৰ উন্মাদনা ৰাইজৰ মাজত আছেই। হয়তো অন্য বছৰ আমি বিহুৱেই পালন কৰো। কিন্তু এইবাৰ যিহেতু বিহুৰ লগতে নিৰ্বাচনো,গতিকে দুয়োটা একেলগে চলাই নিয়া হৈছে। নিৰ্বাচনী খবৰসমূহ জানিবলৈ ৰাইজ আগ্ৰহী হৈ আছে যদিও বিহুৰ উন্মাদনা ৰাইজৰ মাজত আছে।‘’

ইপিনে, ওদালগুৰিৰ এজন যুৱক সৌৰভ ঠাকুৰীয়াই নিৰ্বাচনে বিহুৰ উৎসাহ-উদ্দীপনা ম্লান কৰিব নোৱাৰে বুলি উল্লেখ কৰি আমাৰ আগত কয়, ‘’নিৰ্বাচন এক সুকীয়া বস্তু, হেঁপাহৰ ৰঙালী বিহু সুকীয়া। বিহুৰ বতৰত অহা বৰদৈচিলাই নিৰ্বাচনী বতাহক উটুৱাই নিছে। যিমানেই নিৰ্বাচন নহওঁক, বিহুৰ উৎসাহ মানুহৰ মনত আছে, এই উৎসাহত মানুহে নাচিবই।‘’

আনহাতে, গণেশগুৰি অঞ্চলৰ এখন মাছৰ বজাৰৰ এগৰাকী ব্যৱসায়ীয়ে আমাক জনোৱা মতে নিৰ্বাচনী বতৰৰ বাবে তেওঁলোকৰ বিক্ৰী কিছু পৰিমাণে কমিছে।

ইপিনে, বিহুৰ সময়তে নিৰ্বাচন অনুষ্ঠিত হোৱা বাবে বিহু কমিটিসমূহ উপকৃত হোৱা বুলি জানিব দিয়ে কেইবাখনো সমিতিৰ বিষয়ববীয়াই। এইবাৰে হেনো বিহু অনুষ্ঠানৰ বাবে পুঁজি সংগ্ৰহত বিশেষ অসুবিধা হোৱা নাই। কথাটো স্পষ্ট, ৰাজনৈতিক দলবোৰে বিহু কমিটিসমূহক সন্তুষ্ট কৰি নিৰ্বাচনী লাভালাভৰ অংক উলিওৱাৰ চেষ্টা কৰিছে।

যি কি নহওঁক, নিৰ্বাচনী বতাহ যিমানে নবলক কিয় বিহুৰ বতৰত অসমীয়াৰ মনৰ উৎসাহ-উদ্দীপনা কেতিয়াও ম্লান কৰিব নোৱাৰে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd