NORTHEAST NOW (Assamese)

লাইভ ষ্ট্ৰিমিং হ’ব কাটিহাৰত থকা উঃ পূঃ ৰে’লৱেৰ বেছ কিচ্চেন

January 12, 2019 1:45 pm · এন ই নাও নিউজ

কাটিহাৰত থকা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বেছ কিচ্চেনটো সৰ্বক্ষণ চিচিটিভিৰ নিৰীক্ষণৰ মাজত থাকিব বুলি ৰে’লৱেই জনাইছে। উল্লেখ্য যে নিউ জলপাইগুৰি, কাটিহাৰ, গুৱাহাটী, নিউ কোচবিহাৰ আৰু ডিব্ৰুগড়ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৫টা বেছ কিচ্চেন আছে। এই কিচ্চেনকেইটাই উত্তৰ পূব সীমান্ত ৰে’লৱেৰ যাত্ৰীসকললৈ খাদ্য সামগ্ৰী যোগান ধৰে।

শেহতীয়াভাৱে কাটিহাৰত থকা বেছ কিচ্চেনটোক নিৰীক্ষণৰ মাজত ৰাখিবলৈ ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেশ্যনে ৱোবট (Wobot) নামৰ এটা কোম্পানীৰ সহযোগত এটা  কৃত্ৰিম বুদ্ধিমত্তা মডিউলৰ বিকাশ সাধন কৰিছে।

এই মডিউলটোৱে চিচিটিভি ফুটেজৰ মানক কাৰ্যকৰী পদ্ধতিৰ ( standard operating procedure) দ্বাৰা যিকেনো সমস্যা ধৰা পেলাব। যদিহে চিচিটিভি ফুটেজত কিবা অস্বাভাৱিকতা দেখা পোৱা যায়, তেন্তে এটা সংকেতধ্বনি বাজি উঠিব আৰু ইমেইলৰ যোগেদি আইআৰচিটিচিৰ পৰ্টেললৈ প্ৰেৰিত হ’ব।

ইয়াৰ দ্বাৰা ৰে’লযাত্ৰীসকলে ৰে’লগাড়ীৰ ভিতৰত যোগান ধৰা  খাদ্য কেনেদৰে  প্ৰস্তুত কৰা হয়, তাক চাব পাৰিব। ইয়াৰ ফলত উচ্চ গুণসম্পন্ন খাদ্য সন্দৰ্ভত ৰে’লযাত্ৰীসকল নিশ্চিত হ’ব পাৰিব।

ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেশ্যনৰ ৱেবছাইটৰ গেলাৰীত যিকোনো লোকেই লাইফ ষ্ট্ৰিমিং কৰিব পাৰিব। বাকী কেইটা কিচ্চেনটো এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে’লৱেৰ পৰিকল্পনা আছে।

Related News