অপৰাধীৰ পৃষ্ঠপোষক হৈ পৰিছে একাংশ হিন্দুত্ববাদী সংগঠন। বিলকিছ বানুৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক মালা পিন্ধাই আদৰাৰ দৰে সাংবাদিক-লেখক গৌৰী লংকেশৰ হত্যাৰ অভিযুক্ত জামিনত ওলাই অহাৰ পিছত মালা পিন্ধাই আদৰিলে একাংশ হিন্দুত্ববাদী সংগঠনে।
গৌৰী লংকেশক গুলীয়াই হত্যা কৰাৰ অভিযোগত এই তিনিজন অভিযুক্ত। জেলৰ পৰা ওলাই অহাৰ পিছত সাংবাদিক হত্যাৰ তিনি অভিযুক্তক মালা পিন্ধাই আদৰিলে বেংগালুৰুৰ কেইটামান হিন্দুত্ববাদী সংগঠনে। এই ঘটনাৰ পিছতেই সূচনা হৈছে তীব্ৰ বিতৰ্কৰ।
২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুৰ আৰ আৰ নগৰত গৌৰী লংকেশক ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। তেওঁৰ মৃত্যুত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছিল।
তদন্তৰ সময়ত আৰক্ষীয়ে ১৮ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ ভিতৰত মূল অভিযুক্ত আছিল অমল কালে, পৰশুৰাম ৱাঘমাৰে আৰু গণেশ মিস্কিন। এই গোচৰত যোৱা জুলাই মাহত তিনি অভিযুক্তক চৰ্তসাপেক্ষে জামিনত মুকলি কৰি দিয়া হৈছিল। তেওঁলোক হ’ল অমিত দিগবেকাৰ, এইচ এল সুৰেশ আৰু কে টি নবীন কুমাৰ।
যোৱা ৯ অক্টোবৰত বেংগালুৰু অধিৱেশন আদালতে আৰু ৮ জন লোকক জামিন মঞ্জুৰ কৰে। তাৰ ভিতৰত পৰশুৰাম ৱাঘমাৰে আৰু মনোহৰ যাদৱ। যিসকল ১১ অক্টোবৰত আনুষ্ঠানিকভাৱে কাৰাগাৰৰ পৰা মুকলি হৈছিল।
ইয়াৰ পিছত পৰশুৰাম আৰু মনোহৰক বিজয়াপুৰাত নিজ নিজ অঞ্চললৈ উভতি অহাৰ পিছতহে বীৰ হিচাপে সন্মানিত কৰা হয়। স্থানীয় হিন্দুত্ববাদী গোটৰ সদস্যসকলে মালা পিন্ধাই আদৰণি জনায়। দুয়োকে শ্লোগানেৰে আদৰণি জনোৱা হয়।
ইয়াৰ উপৰিও অভিযুক্তসকলে দাবী কৰে যে তেওঁলোকক ভুৱা গোচৰত ফ্ৰেমৱৰ্ক কৰা হৈছে। উল্লেখযোগ্য যে পৰশুৰাম আৰু মনোহৰৰ উপৰিও বুধবাৰে অমল কালে, ৰাজেশ বাংগেৰা, বাসুদেৱ সূৰ্যবংশী, ঋষিকেশ দেৱদেকাৰ, গণেশ মিস্কিন আৰু অমিত ৰামচন্দ্ৰ বডীয়ে জামিন লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় বিখ্যাত সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ মুঠ ১২জন অভিযুক্তই জামিন লাভ কৰে।