• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য হ’লেও সত্য : ‘ভাৰতত ভোজন আৰু ম্যানমাৰত শয়ন এজন ভাৰতীয় ৰজাৰ!’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2020 8:06 am
Kanyak!

ফ'টো- ছেভেন ছিষ্টাৰছ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ৰজা। তেওঁ সদায় ভোজন কৰে ভাৰতত আৰু শয়ন কৰে ম্যানমাৰত।

ৰজাজন হৈছে আঙ। এখন কন্যাক নগা গাঁৱৰ ৰজা তেওঁ। নাগালেণ্ডৰ মন জিলাৰ সৰ্ববৃহৎ গাঁও লঙ্গোৱা নামৰ কন্যাক গাঁওখনৰ ৰজা তেওঁ।

Apply Now

তেওঁ হৈছে গাঁওখনৰ মুৰব্বী আৰু গাঁওখনৰ সকলোবোৰ প্ৰশাসনীয় কাম কাজ তেওঁৰ অধীনতেই চলে। ৰজা আঙৰ অধীনত ভিলেজ কাউন্সিল আৰু ছাত্ৰ সংগঠনবোৰে গাঁওখনৰ প্ৰশাসনীয় কাম কাজবোৰ সম্পাদন কৰি আহিছে। অৱশ্যে প্ৰশাসনীয় দিশত ৰজাৰ সিদ্ধান্তকে শেষ সিদ্ধান্ত বুলি গণ্য কৰা হয় গাঁওখনৰ প্ৰশাসনীয় ব্যৱস্থাত।

কন্যাক নগাৰ এই গাঁওখনতো পূৰ্বতে নৰ মুণ্ড চিকাৰ কৰাৰ প্ৰথা আছিল যদিও গাঁওবাসীয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছৰ পৰা এই প্ৰথা পৰিত্যাগ কৰিছে।

পাহাৰৰ শীৰ্ষৰৰ পৰা গাঁওখনৰ দৃশ্য, ফ’টো- ছেভেন ছিষ্টাৰছ

এই গাঁওখনৰ এক বিশেষ বৈশিষ্ট্য আছে। গাঁওখন ভাৰত আৰু ম্যানমাৰ আন্তৰ্জাতিক সীমান্তত অৱস্থিত। আৰু সেই বিশেষ বৈশিষ্ট্যটো হৈছে গাঁওখনৰ বহু আৱাসগৃহ দুয়োখন দেশৰ ভূমিতে নিৰ্মাণ কৰা হৈছে। কিছুমান আৱাসগৃহৰ পাকঘৰটো ভাৰতত ভূমিত আছে আৰু শোৱনি কোঠাটো আছে ম্যানমাৰৰ ভূমিত।

সেয়ে গাঁওখনত এটি আপ্তবাক্য প্ৰচলিত আছে। সেইটো হৈছে, ‘খায় ভাৰতত আৰু শোৱে বাৰ্মাত’ অৰ্থাৎ ম্যানমাৰত। আনকি ৰজা আঙৰ আৱাসগৃহটোও তদ্ৰূপ। তেওঁ ভাৰতত ভূমিত আহাৰ গ্ৰহণ কৰে আৰু ম্যানমাৰৰ ভূমিত শয়ন কৰে।

জনসংখ্যা বৃদ্ধিৰ ফলত গাঁওখনৰ আৱাসীসকলে দুই দেশৰ ভূমিতে আৱাস গৃহ সাজিবলৈ লোৱাত গাঁওখন দুয়োখন দেশতে সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে।

জৰীপ নকৰাকৈ দুয়োখন দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰাৰ ফলত গাঁওখন দুই দেশৰ ভূমিতে বিস্তৃত হৈ থাকিবলৈ পালে। সেয়ে পিছলৈ গাঁওখনৰ বাসিন্দাসকলক দুয়ো দেশৰ নাগৰিকত্ব প্ৰদান কৰা হৈছে। ফলত গাঁওখনৰ বাসিন্দাসকলে দুয়োখন দেশতে মুক্তভাৱে বিচৰণ কৰাৰ সুযোগ লাভ কৰি আহিছে।

আফিং খেতিৰ বাবে বিখ্যাত এই গাঁওখন। উল্লেখ্যে যে ব্ৰিটিছসকলে আফিঙৰ বাবেই এই গাঁওখন আৱিস্কাৰ কৰিছিল বুলি কথিত আছে। গাওঁখনৰ বয়স্কলোকসকল এতিয়াও আফিঙত মোহগ্ৰস্ত।

পাকঘৰ, ফ’টো- ছেভেন ছিষ্টাৰছ

অৱশ্যে বৰ্তমান গাঁওখনৰ নৱপ্ৰজন্ম আফিং আসক্তিৰ পৰা মুক্ত হৈ শিক্ষা-দিক্ষাত আগবাঢ়ি গৈছে। জানিব পৰা মতে গাঁওখনৰ বহু যুৱক উচ্চ শিক্ষাৰে শিক্ষিত হৈছ আৰু তাৰে বহুতে বৌদ্ধিক চিন্তা-চৰ্চাও আৰম্ভ কৰিছে।

গাঁওবাসীৰ প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ মুৰং ঘৰত শত্ৰুক প্ৰতিহত কৰিবলৈ যুদ্ধৰ কৌশল, বনৰীয়া পশু-পক্ষীৰ ছাল আৰু হাড়েৰে নিজৰ পোছাক প্ৰস্তুত আৰু আ-অলংকাৰ সজোৱাৰ আদি শিক্ষা আয়ত্ত কৰি আহিছে। বৰ্তমানৰ যুৱ প্ৰজন্মও তেওঁলোকৰ সংস্কৃতি সৰংক্ষণৰ বাবে নিজকে মুৰং ঘৰত নিয়োজিত কৰি আহিছে।

ভাৰত চৰকাৰে গাঁওখনত এখন আন্তৰ্জাতিক বজাৰ আৰম্ভ কৰিছে। এই বজাৰখনে গাঁওখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

দুয়োখন দেশৰ নাগৰিকে ঐক্যৱদ্ধভাৱে এই আন্তৰ্জাতিক বজাৰখনত ব্যৱসায় কৰে। উক্ত বজাৰখনত ম্যানমাৰৰ উন্নত মানৰ সামগ্ৰী ভাৰতীয় মূল্যত অতি কম দৰতে পোৱা যায়।

যাতায়াত সুচল হ’লে কন্যাক নগাসকলৰ ঐতিহ্য-পৰম্পৰাৰে সমৃদ্ধ এই পাহাৰীয়া গাঁওখন পৰ্যটনৰ ক্ষেত্ৰখনত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd