• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি লোকসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ; যুঁজত প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 7:26 am
প্ৰতিনিধিমূলক ফটো।

প্ৰতিনিধিমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰ মাহজোৰা লোকসভা নিৰ্বাচন একেবাৰে চূড়ান্ত পৰ্যায়ত। আজি সমগ্ৰ দেশতে সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত কেইবাজনো তাৰকা প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা হ’ব। এই পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি শাসকীয় আৰু বিৰোধী দলৰ কেইবাগৰাকীও নেতা আছে।

শনিবাৰে সমগ্ৰ দেশতে ৫৭টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। এই পৰ্যায়ত পশ্চিমবংগৰ ৯টা সমষ্টিতো ভোটদান আৰম্ভ হৈছে। এই পৰ্যায়ৰ ৫৭খন আসনত ৯০৪জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৱাবাৰ নিৰ্বাচনত এই ৫৭ টাৰ ভিতৰত ২৫ টা বিজেপিৰ হাতত আছিল। কংগ্ৰেছৰ হাতত আছিল ১৩টা সমষ্টি।

অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত আটাইতকৈ দৃষ্টি আকৰ্ষণ কৰা প্ৰাৰ্থীগৰাকী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে বাৰাণসীৰ সাংসদ হোৱাৰ যুঁজত অৱতীৰ্ণ হৈছে। এই আসনত তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অজয় ​​ৰায়।

Apply Now

সপ্তম পৰ্যায়ত বিজেপিৰ কেইবাজনো হেভিৱেট প্ৰাৰ্থী আছে। হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে কংগনা ৰানাৱটে। গোৰখপুৰৰ বিজেপিৰ টিকটত অৱতীৰ্ণ হৈছে ভোজপুৰী মেগাষ্টাৰ ৰবি কিষাণ।

হিমাচলৰ হামিৰপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰৰ পুত্ৰ অংশুল অভিজিতৰ বিৰুদ্ধে পাটনাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে।

ইপিনে, বিৰোধী দলৰো কেইবাজনো তাৰকা প্ৰাৰ্থীও আছে। তাত উল্লেখযোগ্য নাম অভিষেক বেনাৰ্জী। তেওঁ ডাইমণ্ড হাৰ্বাৰৰ পৰা সাংসদ হিচাপে তৃতীয় কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে জলন্ধৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পাটলিপুত্ৰৰ পৰা আছে লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী।

সপ্তম পৰ্যায়ত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও দৃষ্টি আকৰ্ষণ কৰিছে। বিজেপিয়ে আছানছোল সমষ্টিৰ পৰা ভোজপুৰী গায়ক পৱন সিঙক প্ৰক্ষেপ কৰিছিল। কিন্তু প্ৰবল বিতৰ্কৰ মাজত তেওঁ সেই সমষ্টিৰ পৰা আঁতৰি যায়। পিছত বিহাৰৰ কাৰাকাট সমষ্টিত বিজেপিৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে।

এই পৰ্যায়ত খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিং। বৰ্তমান তেওঁ একাধিক খালিস্তানী কাৰ্যকলাপৰ বাবে অসমৰ ডিব্ৰুগড়ৰ জেলত কাৰাবন্দী হৈ আছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে অমৃতপালে নিজৰ আসনখন দখল কৰাৰ সম্ভাৱনাও আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd